পঞ্চাশতম সৰ্গ ২৮৫ বাছিবলৈ স্থিৰ কৰি ভোটিং প্ৰথাৰে মেম্বৰসকলৰ মতামত লবলৈ দিহা কৰা হল। মই মোৰ সুকীয়া ভোট (১) নম্বৰী নামৰ সপক্ষে আগধৰি দি ললো। কিন্তু ভোট গণনাত ১২টা ভোটৰ ভিতৰত ৪ চাইটা (১) নম্বৰী, ৬ ছটা (২) নম্বৰী আৰু ২ দুটা (৩) নম্বৰী নামৰ সপক্ষে পোৱা গল। গতিকে, সৰহীয়া ভোট অনুসৰি নতুন পাৰ্কটিৰ নাম “পদ্ম-পাৰ্ক” ৰখাটোকেই স্থিৰ কৰি সিদ্ধান্ত গৃহীত হল। তাৰ পাছত, যথাসময়ৰ ভিতৰত সেই নাম কাঠৰ ফলিত আৰু লোৰ ফলিত খোদাই আৰু লিখাই পাৰ্কৰ আগতে খুটা পুতি আৰু বাটৰ মুখত গছত আৰি লগাই দিয়া হল; আৰু ব্ৰহ্মপুত্ৰৰ ফালে পাকৰ হেলনীয়া গাত এটা ভাঙৰ শিলৰ ওপৰত এই forcatatan cantipo of certant pa,-"On this historic 'Agnigarh' laid out the 'Padma Park' by the Municipal Chairman Rai Saheb ( SV ata teta7 ) Padmanath Gohain Borooah in 1924”। এতিয়া সেই অগ্নিগড়ৰ টিং বাঘৰ ঘুলি গুচি নৰ-নাৰীৰ উপভোগ্য স্বাস্থ্যকৰ জিৰণি মন্দিৰত পৰিণত হল, মুনিহৰ অগম্য ঠাইত তিৰোতাৰ সমাগম হল; আৰু কেতিয়াবা নিলগৰ ভ্ৰমণকাৰী লোক-জনেও “পদ্ম-পিৰ্কত ক্ষন্তেক জিৰণি লৈ ভাগৰ পলুৱা জুৰণি উপভোগ কৰি প্ৰতিষ্ঠাতা শলাগি আন্তৰিক আশীৰ্বাদ দি যোৱা হল। একে আলমতে অফিচিয়েল চেয়াৰমেন ডেপুটা কমিচনাৰ কৰ্ণেল কোল আৰু কৰ্ণেল হেলিডে চাহাবসকলে আঁচি থৈ যোৱা পাৰ্ক দুখনি সিবিলাকৰ নামে নামে ক্ৰমে “কোল-পাৰ্ক” আৰু “হেলিডে-পাৰ্ক” নামকৰণ কৰি তাৰ বিস্তৰ উন্নতি সাধন কৰা হল। অগ্নিগড় নোত অগ্নিগড়ৰ ছিগাখণ্ড ঔগুৰি ধেনুখনাৰ পাদপ্ৰান্তৰপৰা আৰম্ভ কৰি, ৰেল ষ্টেচন আৰু জাহাজ-ঘাটৰ গাইদি, চাৰ্কিট হাউচ, ফৰেষ্ট বঙলা, চমেৰি বঙলা, গণেশ টালা, মিশ্যন টোল, একজিকিউটীভ ইঞ্জিনিয়াৰৰ বঙলা, ডেপুটী কমিশ্যনাৰৰ বঙলা, পদ্ম-পাৰ্ক, চিভিল চাৰ্জনৰ বঙলা থকা অগ্নিগড়ৰ টীকা খণ্ডবোৰ কিলাকুটীয়াকৈ মেৰাই, কলিবাৰীঘাট ৰোডৰ মূৰেদি পলিং ষ্টেচন ৰোডত লগাই পানীকললৈকে দুমাইল বাট একেকঠীকৈ, পুৱা-গধূলি সৰ্বসাধাৰণে ফুচকা কৰিবলৈ সুচলকৈ “অগ্নিগড় ৰোড” নামে পৰ্বতীয়া ৰঙা মাটিৰে এটি সেন্দুৰী আলি বন্ধাবলৈ কাম হাতত লোৱা হয়। কিন্তু, এই কল্পিত সুন্দৰ আলিবাটটি চোঙাই উলিয়াই লওঁতেই আৰু তাৰ যুগুত সংস্কাৰ সাধি সম্পূৰ্ণ কৰিবলৈ নৌ-পাওঁতেই মোৰ চেয়াৰমেনী বিষয়-বাবৰ কাল উকলিল, ৰাৱণে স্বৰ্গলৈ জখলা লগোৱা সংকল্পৰ দৰে, সেই কল্পিত “অগ্নিগড় নোছ” কল্পনাতে মৰহিবলগীয়া হল পৰবৰ্তী চেয়াৰমেনসকলৰ আওকাণত তাৰ আচলছোৱা হাবিতলীয়া লুংলুঙীয়া বাট হৈ পৰি ৰৈছে! লোকেল বোৰ্ভ মেঘৰৰ পদত ইং ১৯০৫ চনৰপৰা ১৯৩৫ চনলৈকে ডেৰকুৰি বছৰ একেৰাহে মই তেজপুৰ লোকেল বোৰ্ভত গৱৰ্ণমেন্ট নমিনেটেড আহোম প্ৰতিনিধি মেম্বৰ আছিলো। মোৰ জ্ঞানবিশ্বাস মতে
পৃষ্ঠা:Mor Sowarani.djvu/৩০৫
অৱয়ব