সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/৩০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

- 1 ২৪ মোৰ সোঁৱৰণী (৬) পল্পপাৰ্ক পৌৰাণিক উষা-নগৰৰ দক্ষিণ সীমনা “অগ্নিগড় পৰ্বত বৰ্তমান ছিগা-ছিগা টলাবোৰ মাজত আটাইতকৈ ওখ টলাটো (চিভিল চাৰ্জন আৰু একজিকিউটভ ইঞ্জিনিয়াৰৰ বঙলা থকা ঢালা দুটাৰ মাজৰটো) হাবি-বনে ছাটি থোৱাত, সি বাঘৰ ঘুলি হৈ আছিল। সেই বাঘে সততে টাউনত উপদ্ৰৱ কৰিছিল। ৰাতি ঘৰ ফুৰি ছাগলী, দামূৰি আদি মাৰিছিল আৰু সন্ধিয়া সেই পাহাৰতলীয়া বাটেদি যোৱা-অহা কৰা মানুহকে ছেগ বুজি আক্ৰমণ কৰিছিল। সেই কাৰণে, তিৰৰহে নালাগে মুনিহেও অকলশৰীয়াকৈ সেই বাটেদি যাতায়াত কৰিবলৈ ভয় কৰে। ভালেমান বছৰৰ আগেয়ে তেজপুৰ টাউনৰ চতুঃপাশৰ দৃশ্য আঁচিবৰ অৰ্থে এই টীটোৰ সবাতকৈ ওখ টিঙত কম্পাচ বহুৱাই ফটোগ্ৰাফিক যন্ত্ৰেৰে দৃশ্য-ছবি ভোলা হৈছিল। আৰু সেই আপাহতে টালাটোৰ নাম তেতিয়া “Observatory Hil” হৈছিল। কিন্তু তেতিয়াৰে পৰা তাৰ চিন-মোকাম হাবিতলীয়া হৈয়ে ৰল, সি কোনো ব্যৱহাৰত অহা নাছিল। মই মিউনিচিপালিটীৰ মানুহ লগাই এটা সুকঙা বাট কটাই লৈ, এদিন সেই টীটোৰ ওপৰলৈ উঠিলো। উঠি দেখো যে, কি মনমোহা মহান দৃশ্য!—পুৱে ভৰলী (ভৈৰবী) নৈ, ভৈৰবী দেৱালয় আৰু ‘ভোমোৰাগুৰি’ পৰ্বত, দক্ষিণে শিলঘাটৰপৰা আৰু পশ্চিমলৈ গোটেই ব্ৰহ্মপুত্ৰৰ দক্ষিণ পানী-যুৱলি সীমনা জুৰি শ্যাম বৰণীয়া পৰ্বতৰ শাৰী, ধেনুখনা-গুৰি টীলাৰপৰা হাৰা পুখুৰীপাৰলৈকে পুৰণি কীৰ্তি চিনৰ মাজত এখনি সুন্দৰ খেত-পথাৰ, উত্তৰে হাজৰাৰ উত্তৰ- পাৰৰপৰা মহাভৈৰৱ মন্দিৰ বুকুত লৈ মৰাভলী নৈ, এই চতুঃসীমাৰ কেন্দ্ৰস্থলত প্ৰকাণ্ড ব্ৰহ্মপুত্ৰ নদৰ পাৰত ধুনীয়া তেজপুৰ নগৰখনি! দেখিলেই প্ৰাণ জুৰাই যায় , মুকলি চৌপাশৰ- পৰা ৰিবৰিব, মলয়াই গা-মন শীতল কৰি দিয়ে। অনুভৱ কৰি চাৰ্লো, ই এখনি আচল জিৰণিৰ ঠাই আৰু স্বাস্থ্যৰ থলী। এনে এখনি বিতোপন ঠাই বনৰ আঁৰলত বাঘক ঘুলি পাতিবলৈ এৰি নিদি, ইয়াক মানুহৰ জিৰণি-উদ্যানত পৰিণত কৰাহে বাঞ্ছনীয়। এই ভাবি, তাতে ততালিকে মিউনিচিপাল অভাৰচিয়াৰক নিৰ্দেশ দিলো যে, এপষৰ ভিতৰত সেই ‘অগ্নিগড় খণ্ড ছফা কৰাই মোকলাব লাগে, তাৰ পাছত ইয়াত এখনি উদ্যান (park) পাতিবৰ অৰ্থে টীলাটিৰ চৌপাশ মেৰাই সুমথিৰা পুলি, ডালধৰা লেচু পুলি আৰু বিবিধ সুখাদ্য ফলৰ পুলি ইত্যাদি কই, ওপৰৰ সমথলৰপৰা নামিযোৱা দুনলমান বহল হেলনীয়া মাটিত চৌপাশে মেৰাই বিবিধ জাতীয় ফুলৰ এখনি ফুলনিবাৰী পাতি, তাৰ সমমাজৰ ওখ টিঙত এটি এটুপীয়া জিৰণি মন্দিৰ সজাই, তাৰ চৌপাশে মেৰাই দুবৰিবন ৰোৱাই তাৰ আগ ঘাহকটা কলেৰে (lawn mower) সততে চিকণাই নিমজকৈ থব লাগে। মাচেৰেকৰ পাছত দেখা গল, মোৰ সেই দিহা অনুযায়ী কাৰ্য নিয়াৰিকৈ সমাধা কৰা হৈছে , দেখি মোৰ অন্তৰত আনন্দ নধৰা হল। তাৰ পাছত টাউনবাসী লোকসকলে, বিশেষকৈ স্বাস্থ্য প্ৰত্যাশীসকলে সততে এই নতুন পাৰ্ক উপকাৰিতা উপভোগ কৰি হৰিষ অন্তৰেৰে মোৰ গুণ গাবলৈ ধৰিলে। তাৰ পাছত, আহিল পাৰ্কটিৰ নামকৰণৰ আলোচনা। মিউনিচিপাল মিটিঙত কেইবাবিধৰ প্ৰস্তাৱৰ ভিতৰত (১) “অগ্নিগড় পাৰ্ক” (২) “পদ্ম পাৰ্ক” আৰু (৩) “অবজাৰভেটৰী পাৰ্ক” এই তিনিটা নামৰ এটা