সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/৩০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চাশত্তম সৰ্গ ২ এটা হাতত লৈ, বিষম সাহেৰে ব্ৰহ্মপুত্ৰৰ গৰাহৰপৰা গণেশঘাট উদ্ধাৰ আৰু ৰক্ষা কৰিবলৈ আগবাঢ়িলো। তদৰ্থে, ধেনুখনা পৰ্বতৰ ডাঙৰ শিলবোৰৰ পৰা ভঙাই আনি দম কৰাবলৈ ধৰিলো, আৰু ওচৰৰ পৰ্বতীয়া টালা দুটাৰপৰা মাটি কটাই অনাই, তাৰে সৈতে ‘গণেশ ৰোভটো পুনৰপি বন্ধাবলৈ দিহা লগালে। এইখিনি আয়োজন কৰোতেই খৰালি পালেহি। আমি গোটা বাঁহৰ গোঁজ পোতাই বান্ধ দিয়াই মাটি ভৰাই বাটটো আগতকৈও বহলকৈ বই উঠোনে’ব্ৰহ্মপুত্ৰ শুকাই খৰালিৰ সীমনা পালেগৈ। খহাই নিয়া কুলামুখীয়া ঘাটটো এচামনি বালিঢাকনিৰে ওলাই পৰিল। সেই ছেগতে সেই বালি চাপৰিটোৰ ওপৰত শিল-চপৰাবোৰ পাৰি এটা হেলনীয়া পকীগড়া বন্ধাই দি, ঘূৰি বাৰিষা নৌহওঁতেই অনতিপলমে গণেশ ঘাট উদ্ধাৰ কৰি পুনৰপি মটমটীয়াকৈ বন্ধাই দিয়ালো। এই মহৎ কাৰ্যৰ সমাধানত পৰিতুষ্ট হৈ সমূহ ৰাইজে মোৰ শলাগ লৈ মোক আশীৰ্বাদ দিবলৈ ধৰিলে। ৫) পানীক সংস্কাৰ আগতে কৈ অহা মতে, অহহাপুৰুষাৰ্থৰ ফলত যি পানীকল প্ৰতিষ্ঠিত হৈছিল, সেই কল ক্ৰমাৎ বিগৰিবলৈ ধৰাৰ চিন পাই, আকস্মিক আপদৰ বাট মাৰি ৰখাৰ উদ্দেশ্যে, তাৰ লগৰীয়াকৈ আৰু এটা কল নতুনকৈ বহুৱাবৰ সঙ্কল্পেৰে মই মিউনিচিপালিটীৰ চেয়াৰমেন হিচাপে গৱৰ্ণমেণ্টৰ লগত লিখালিখি চলাই আছিলো। মোৰ প্ৰস্তাৱ আছিল যে, গৱৰ্ণমেন্টে মিউনিচিপালিটীক আদিতে দিয়া ঋণ পৰিশোধ যি বাকী ৰৈছিলগৈ তাৰ লগতে আৰু ৫০,০০০ আধা লাখ টকা ঋণ দিয়ে যদি তাৰে সৈতে আৰু এটা পানী কল অনাই প্ৰতিষ্ঠা কৰি ওচৰ ভবিষ্যতৰ বিপদ নিবাৰণ কৰি থব পৰা যায়। বহু লিখালিখিৰ ফলত, গবৰ্ণমেন্টে আৰু ৩৩,••• টকা ধাৰে দিয়াটো স্থিৰ হল। তাৰে সৈতে যোৰা মাৰি আৰু এটা পানী কল অনাই বহুৱাবলৈ কলিকতাৰ মেছাছ চিমচন কোম্পানীৰ লগত লিখালিখি চলিল। পিচে এনেতে আগৰ পুৰণি কলটো হঠাৎ অকামিলা হৈ পৰিল, টাউনত পানীৰ ঘোগান বন্ধ হব- লগীয়া হল। উপায়ান্তৰ হৈ মই তেজপুৰ-বালিপাৰা ৰেল কোম্পানীৰপৰা সিবিলাকৰ ওপৰঞ্চি কল এটা ধাৰলৈ অনাই লৈ বহুৱাবৰ আয়োজন কৰিলে আৰু ইতিমধ্যত গাড়ীৰে পানী কঢ়িয়াই টেপেয়াৰৰ ঘৰে ঘৰে ঘোগান দিয়াৰ ব্যৱস্থা দিলো। দুমাইল বাট ছিড়ি পাৰি মানুহেৰে ঠেলাই ৰেল কাৰখানাৰপৰা জুইৰে চলোৱ কলটো (fire engine) অনাই পতাই লোৱাত যি খাটনি খাটিবলগীয়া হৈছিল সি বৰ্ণনাতীত। যি হওক, সেই ব্যৱস্থাৰে ছমাহমান কাম চলোৱাৰ পাছত কলিকতাৰপৰা আৰু এটা পেট্ৰোল তেলেৰে চলোৱ কল আহি প্ৰতিষ্ঠিত হোৱাত এটা বৰ ডাঙৰ আপদৰপৰা নিস্তাৰ পোৰা গল। তেতিয়াৰেপৰা টাউনত পানীৰ যোগানৰ কাৰ্য সুচাৰুৰূপে চলিবলৈ ধৰিলে। দুটীয়া পানীৰ হৰি লৈ, ঠাই বুজি কিছুমান আলিকাষৰীয়া পানীৰল আৰু ঘৰলৈ পানী নিয়া নলা (house connec- tion) বঢ়াই দিয়ালে। এই কাৰ্যৰ ফলত উপকৃত হৈ পানী-আকলুৱা ৰাইজৰপৰা আশৰ্বাদ লাভ কৰিলে।