সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/৩০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২ মোৰ সোঁৱৰণী (৩) পুখুৰী সংস্কাৰ আগৰ পুৰণি পল্টন টোলৰ পুব পতিত এটি আগৰদিনীয়া পুখুৰী আছিল; তাৰ পাৰ নথকাত চাৰিওকাষ খিচনি বোকাময় যদিও, মাজৰ কেন্দ্ৰলৰ পানী ফটিক ধাৰ যেন ফটফটীয়া নিজনি, সম্ভৱতঃ ই আগৰদিনীয়া ৰহ-ঢলা পুখুৰী আছিল। মই মিউনিচিপালিটীৰ ধন খৰচেৰে পুখুৰীটোৰ চাৰিওকাষৰ উহনি, পিতনি, খিচনি বোকাবোৰ গুচোৱাই নকৈ আৰু দকৈ খনাই, ওখকৈ পাৰ বন্ধাই, চাৰিওপাৰে লেচু-কলম (ভালধৰা লেচু-পুলি) কই দি, ‘পূণ্টন পুখুৰী পাৰ্ক’ নামে তাৰ সংস্কাৰ কৰি দিলো। তাৰ পাছত, সেই পুখুৰীৰ পানী দাতি-কাষৰীয়া মানুহে খোৱা পানীৰূপে ব্যৱহাৰ কৰিবলৈ ধৰিলে। একে ছেগতে কোপটি মূৰত ‘ধুবী পুখুৰী নামৰ পুখুৰীটোও নকৈ খনোৱাই, ওখকৈ পাৰ বন্ধাই তাৰ পাৰতো লেচু-কলম’ বা ডালধৰা লেচু- পুলিই দি, তাতে এটা সৰু পাৰ্ক-পুখুৰীত পৰিণত কৰাই দিলো। পুখুৰী-পাৰ্ক দুটি কালত অপপীয়া লিচি গাৰ্ডেন’ (লেচুবাৰী) হৈ জিলিকি উঠিল; এতিয়া তাৰপৰা মিউনিচিপালিটীৰ বছৰি ভালেমান উৎপন হয়। একে আলমতে তেজপুৰ টাউনৰ মুখ পাতনিত বৰ-পুখুৰী, ‘পদ্ম-পুখুৰী’, ‘পাৰ্ক-পুখুৰী’, ‘ব্ৰেল-পুখুৰী’ এইকেইটা পুখুৰীৰ লাগতিয়াল সংস্কাৰ সাধি চকুত লগা কৰাই দিলো; আৰু প্ৰত্যেকটোতে চকাৰী খেল নাও যুগুত কৰি দিয়াত টাউনবাসী ডেকাসকলে আবেলি নাও বাই ব্যায়াম অভ্যাস কৰিবলৈ এটা বিশিষ্ট ব্যৱস্থা লাগি উঠিল। ব্যায়াম প্ৰত্যাশী টাউনবাসীয়ে ইয়াৰ ফল উপভোগ কৰি প্ৰতিষ্ঠাতাৰ গুণ গাবলৈ ধৰিলে। . (৪) গণেশ ঘাট সংস্কাৰ এটা ভৰ বাৰিষাত গণেশ ঘাটটো গ্ৰাস কৰিবলৈ ব্ৰহ্মপুত্ৰ নদে পুৰ-দি ধৰি খহাই নি গণেশৰ গা পালেহি। অতীজৰ কীৰ্তিস্তম্ভম্বৰূপ গণেশ দেৱতাৰ প্ৰকাণ্ড মূৰ্তি খোদিত থক। প্ৰকাণ্ড শিলটোৰ আশে-পাশে কিলাকুটীয়াকৈ ঘূৰি যোৱা মিউনিচিপাল ৰোডটোৰ সৰহভাগ খহি গলেই; শিলটোও তলি খানি পেলায় পেলায় হল। এনে অৱস্থাত সেই বাটটোৰে সৈতে ঘাটটো কেনেকৈ উদ্ধাৰ কৰি ৰক্ষা কৰো তাৰ উপায় চিন্তাত মই তল গলো। এনেতে তেজপুৰ টাউনবাসী সদৌ ৰাইজে, বিশেষকৈ অসমীয়া, বঙালী, মাৰোৱাৰী আৰু দেচোৱালী সমাজে মোৰ ওচৰত মিউনিচিপাল চেয়াৰমেন হিচাপে এখন বৰ দীঘলীয়া ‘মেমোৰিয়েল’ বা আবেদনপত্ৰ দাখিল কৰিলে গণেশ ঘাট উদ্ধাৰৰ অৰ্থে। মই সেই আবেদনকে গঢ়িলা লৈ, ৫০০০, পাঁচ হেজাৰ টকাৰ গ্ৰান্ট’ এটা পাবলৈ গবৰ্ণমেণ্টলৈ জৰুৰী লিখালিখি (urgent correspondence) চলাবলৈ ধৰিলোঁ; আৰু ইফালে মিউনিচিপাল বৰ্ডকে হেচি ধৰিলো ২৫০০, আঢ়ৈ হেজাৰ টকাৰ গ্ৰান্ট’ এটা মধুৰ কৰিবলৈ। বোৰ্ডে মোৰ প্ৰস্তাৱ মৰ কৰিলে, কিন্তু সেই টকাৰ বোৰা মাৰি লোৱাৰ ভাৰ মোৰ গাতে বোজা দি থলে। মই সেই বছেৰেকীয়া যজেটত ভালেমান কাটকুট কৰি কোনোমতে আঢ়ৈ হেজাৰ টকা উলিয়াই ললো। পিচে, গৱৰ্ণমেন্টে মোৰ প্ৰস্তাৱ পুৰাই নিদি ২৫০০ আঢ়ৈ হেজাৰ টকীয়া গ্ৰান্ট এটা মাখোন দান কৰিলে। মই যথা লাভ মানি, সেই দুটা গ্ৰান্ট গোটাই মুঠ পাঁচ হেজাৰ টকীয়া খুজি