সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/৩০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৮ মোৰ সোৱৰণী কৰিলেগৈ মই বিনা ভাইচ-চেয়াৰমেনেৰে মিউনিচিপালিটীৰ শাসন (administration) চলোৱাটো অবৈধ হৈছে বুলি। পিচে, কমিচনাৰে মুখে মুখে একো সমিধান নিদি, গুৱাহাটীৰপৰা গৱৰ্ণমেন্ট উকীলৰলগত পৰামৰ্শ কৰি, এই সিন্ধান্ত দি পঠিয়ালেগৈ যে, বিনা ভাইচ-চেয়াৰমেনেৰে চেয়াৰমেনে মিউনিচিপালিটীৰ সদৌ কাৰ্যভাৰ নিজে বহন কৰি administration চত্তালন কৰাটো অবৈধ হোৱা নাই, যিহেতু সেই বিষয়ক সদৌ দায়িত্ব চেয়াৰমেনৰ ওপৰতহে; তেওঁৰ কাৰ্যৰ লাঘৱ কৰিবৰ অৰ্থে সেই দায়িত্ব কোনো কোনো তেওঁৰ ইচ্ছাধীন অংশ অপৰ এজন কমিচনাৰলৈ হস্তান্তৰ কৰি (deligate) এজন ভাইচ-চেয়াৰমেন ইলেকটেড কৰাই লয় মাথোন। এই অফিচিয়েল সিদ্ধান্ত অহাত বিপক্ষদল জয় পৰিল। মই পৰম উলাহেৰে আৰু অদম্য উদ্যমেৰে মিউনিচিপালিটীৰ চেয়াৰমেনৰ বিষয়-বাব চম্ভালিবলৈ লাগি গলো। বিনা ভাইচ-চেয়াৰমেনেৰে মিউনিচিপাল বোৰ্ডৰ পৰিচালনাৰ কাৰ্য নিয়াৰিকৈ চলন কৰা ছমাহ পাৰ হল। এইভাৱে কৰা মোৰ কাৰ্য দেখি অফিচিয়েল, নন-অফিচিয়েল নেতাবৰ্গ আৰু সমূহ ৰাইজে মোৰ মনোবল আৰু কাৰ্যক্ষমতা শলাগিবলৈ ধৰিলে। সেই শলাগণিত মই যথেষ্ট উদগনি পাইছিলো; কিন্তু মই ক্লান্ত হোৱা নছিলো যদিও, ভাইচ-চেয়াৰমেনৰ আসন শূন্য থকাত মোৰ আৰু ভাল নালাগিল, বোৰ্ডৰ অক্ষত যেনহে বোধ হল। গতিকে, সেই আসনত বহুৱালৈ এজন সুযোগ্য লোক মই মনে মনে বাছিবলৈ ধৰিলো। এনেতে ৪ নং ওৱাৰ্ডত (ষি ওৱাৰ্ডৰপৰা মই নিৰ্বাচিত হৈছিলো) এজন কমিচনাৰৰ পদ খালী হল। সেই ছেগতে সেই পদ এজন ভাইচ-চেয়াৰমেন যোগ্য লোকৰ দ্বাৰাই পুৰ্ণ কৰিবলৈ মই মনে মনে বিচাৰিবলৈ ধৰিলোঁ; আৰু বিচাৰত মোৰ মনোমত এজন পালোগৈ, তেওঁ ডাক্তৰ সুৰে- নাথ সেন। সুৰেন ডাক্তৰ এজন স্বাধীনচিতীয়া ছিলেটী ভদ্ৰলোক। তেওঁক যেয়ে সেয়ে সহজে ভিৰাব নোৱাৰে। বিশেষতঃ ন্যায়পথত তেওঁ পিছলি পৰা লোক নহয়। সেই আল- মতে তেওঁৰে সৈতে মই ভিতৰ বিশ্বাসৰ আলচ পাতিলে। তেওঁ যদি নিৰ্ভীক আৰু স্বাধীন চিতেৰে ভাইচ-চেয়াৰমেনৰ বিষয়-বাব লবলৈ কৃতসঙ্কল্প হয়, তেন্তে তেওঁক আগন্তুক উপ- নিৰ্বাচনত উত্তীৰ্ণ কৰিবলৈ মোৰ যত্ন কৌশল খটাবলৈ মই প্ৰতিশ্ৰুতি দিলো; তেৱো সেই মৰ্মে মোক ওলটা প্ৰতিশ্ৰুতি দিলে। ফলত, মোৰ কাৰ্যকৌশল ধটাই শত্ৰুপক্ষৰ চকুত ধূলি দি সেই উপনিৰ্বাচনত শ্ৰীযুত সুৰেন্দ্ৰনাথ সেন ডাক্তৰ ওপচনি ভোট বলেৰে উত্তীৰ্ণ কৰালো, আৰু আমাৰ পুৰ্ব প্ৰতিশ্ৰুতি অনুসৰি তেওঁ ভাইচ-চেয়াৰমেনৰ পদত অভিষিক্ত হল। শত্ৰুপক্ষৰ পক্ষে ইও এটা “অবাক জলপান”। ফলাফলত সিপক্ষ জয় পৰিল কিন্তু তাৰ বিৰুদ্ধে সিবিলাক পুনৰপি টঙালি আটি আগ বাঢ়িল। কিন্তু বুৰে পতি শেলুক লাভ নহল, সিবিলাকৰ সদৌ চেষ্টা-প্ৰচেষ্টা ব্যৰ্থ হল, সুৰেন ডাক্তৰ অটল। ইয়াৰ পাছত, বিপক্ষ দলৰ মটুটনি ক্ৰমাৎ টুটি আহিল, মই এফেৰি সকাহ পাই, মিউনিচিপালিটীৰ উন্নতিৰ অৰ্থে নিঃসঙ্কোচভাৱে চিন্তানোচনা আৰু কাৰ্যপৰিচালনাত মন পাৰি লাগি গলো। শ্ৰীযুত সুৰেন্দ্ৰনাথ সেন ডাক্তৰক মোৰ মনোমত ভাইচ-চেয়াৰমেন পাই, তেওঁক কিছুমান দুৱলীয়া অফিচৰ কাম-কাজৰ ভাৰ দি, মোৰ মূৰৰ ভাৰ পাতলাই লৈ, মই মিউনিচিপালিটাৰ