২৭৮ মোৰ সোঁৱৰণী উপবিষ্ট হলগৈ। তাৰ পাছত চমুকৈ এটি উঘোধন বক্তৃতা (opening speech) দি লৈ, একে উশাহতে নিজৰ গা-গুটীয়া (individual) ভোটৰ সতেৰে মিঃ আৰ্মচনে মোক আগতক মিউনিচিপাল বোৰ্ডৰ কাৰণে চেয়াৰমেন হবলৈ প্ৰস্তাৱ দাঙি ধৰিলে আৰু কৰ্ণেল ৰিচিয়ে ততালিকে সেই প্ৰস্তাৱ সমৰ্থন কৰা মাকে মোৰ ফলীয়া সদস্যসকলে হাত চাপৰিৰে সৈতে অজুমোন জ্ঞাপন কৰিলে। কাৰ্যৰ গতি-গোত্ৰ দেখি আৰু ইলেকচনৰ অৱশ্যম্ভাবী ফলাফললৈ গমি চাই মনোমোহন বাবুৰ সংকেত অনুসৰি তেওঁক প্ৰাৰ্থী কৰা প্ৰস্তাৱ উত্থাপিত নহল। গতিকে মই চেয়াৰমেন ইলেকটেড হোৱাৰ সিদ্ধান্ত প্ৰেচিডেন্টে ৰীতিমতে ঘোষণা কৰি দিলে (তাং ৪ নৱেম্বৰ; ১৯২২ চন; ১৮ কাতি, ১৮৪৪ শক)। তাৰ পাছত, মই চেয়াৰমেনৰ আসন গ্ৰহণ কৰি, ভাইচ-চেয়াৰমেনৰ ইলেকচন আহ্বান কৰাত, সৰ্বসম্মতিক্ৰমে বাবু জ্যোতিষচন্দ্ৰ বসু নিৰ্বাচিত হল। তেজপুৰ মিউনিচিপালিটীৰ চেয়াৰমেন ইলেকচনৰ ফলাফলত অসমীয়া সমাজ উলীকৃত হৈ উঠিল; আৰু সেই অনুক্ৰমে বঙালী সমাজ হতাশত জয় পৰিল। আৰু বঙালী বন্ধুবৰ্গৰ অন্তৰত সেই ক্ষোভ ক্ৰমাৎ দইক বহিবলৈ ধৰিলে। মোৰ মনত কিন্তু কোনো ভিভাব নাই, মই অসমীয়া, বঙালী, মাৰোৱাৰী, দেচোৱালী, যুৰোপীয়ান, হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান প্ৰভূতি সদৌ ৰেট-পেয়াৰ টাউনবাসীৰ প্ৰতি সাম্যভাব অটুট ৰাখি মোৰ ৰাজহুৱা কৰ্তব্য পালন কৰিবলৈ আৰু চেয়াৰমেনৰ গুৰুতৰ বিষয়-বাব ৰাইজৰ মনোৰঞ্জককৈ চলিবলৈ একাণ- পতীয়াকৈ লাগি গলো। পুৱা, দুপৰীয়া, আবেলি, গধূলি কেউ প্ৰসঙ্গত মিউনিচিপালিটীৰ ৰাজ- হুৱা কাম-বন পৰিদৰ্শন কৰি মই চেয়াৰমেনৰ বিষয়-বাব মন পাৰি চন্তালন কৰিবলৈ ধৰিলো। সেই আশাশুধীয়া খাটনিলৈ মন কৰি টাউনৰ সদৌ সামাজিক ৰেট-পেয়াৰবৰ্গে মোৰ গুণ গাবলৈ ধৰিলে; আন কি, বঙালী সমাজৰ গুণগ্ৰাহী লোকসকলে মোৰ কৰ্তব্যপৰায়ণতা লক্ষ্য কৰি শলাগ লবলৈ পিচ নপৰিলে। কিন্তু, বঙালী সমাজৰ প্ৰধান প্ৰতিনিধি সেই বিক্ষুব্ধ মেম্বৰ জনদিয়েকৰ অন্তৰত সেই শলাগনিয়ে ঈৰ্ষা-জুই জলাবলৈহে ধৰিলে; সিবিলাকে হকে- বিহকে বাটে-অবাটে মোৰ কৃত কাৰ্যৰ আগত দেখাদেখিকৈ বিধি-পথালি দিবলৈ ধৰিলে। প্ৰত্যেক মিউনিচিপাল বোৰ্ডৰ মিটিঙত অসঙ্গত আৰ্সেৱাহ ধৰি মোক আহুকাল কৰিবলৈ সাজিপাৰি সিবিলাক দলবদ্ধ হৈ আহে। বিশেষকৈ বজেট মিটিঙত ভোট সংখ্যাৰ বলেৰে ব্যয় সঙ্কোচ ঘটাই লাগতিয়াল কাৰ্য সমাধানত ব্যাঘাত জন্মায়; চেয়াৰমেনৰ ক্ষমতাধীন ভগনেৰে মাথোন গাৰ বলেৰে অতি লাগতিয়াল কাৰ্যভাগ চলি যাওঁ। পাচে পাচলৈ মই মিটিঙত মেঘৰৰ মতামতলৈ আওকাণ কৰি, অগত্যা আইনৰ আশ্ৰয় লৈ আগুৱাবলৈ ধৰিলে; বিপক্ষ দলৰ হেজাৰ অত্যাচাৰেও মোক বিচলিত কৰিব নোৱাৰিলে। শেহান্তত, মোৰ মইমতীয়া আচৰণৰ বাবে মোৰ প্ৰতি অনাস্থা প্ৰকাশ কৰাৰ উদ্দেশ্যে বিপদলে বিকুইজিচন দি (requisition) এখন অৰী মিটিং আদান কৰালে। সেই মিটিঙত সিবিলাকৰ উগ্ৰ মতিয়ে মোক উতলাব নোৱাৰিলে; মই ধীৰ স্থিৰভাৱে আৰু মিঠা মুখেৰে সিবিলাকৰ অভিযোেগ এটা এটাকৈ ওফৰাবলৈ ধৰিলে। সদৌ শেহত, উপায়ান্তৰ হৈ, মিহা ৰোহ পাতি
পৃষ্ঠা:Mor Sowarani.djvu/২৯৮
অৱয়ব