সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/২৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৭২ মোৰ সোঁৱৰণী নোহোৱাত পৰিছে; বুজালেও ৰাইজে আঁতৰি নাযায়, নেতাবৰ্গৰ বুজনি নামানে। শেহাৰত সেই বাৰ মোৰ মূৰত পৰিল। মই বিবিধ বিধানেৰে বুজাই-বৰাই চালো, কিন্তু মোৰ চেষ্টাও মিছা হল, বৈ থকা নৈক বালি ভেটা দি ৰখাবলৈ চোৱাৰ নিচিনাহে পালো; মহাত্মা গান্ধীজীৰ দৰ্শন নাপায় মানে ৰাইজ নাভাগে। গতিকে, অগত্যা এটা উপায় উলিয়াব লগাত পৰিলো। ভাবি-চিন্ডি ইয়াকে স্থিৰ কৰিলোইক যে, গান্ধীজীক পকীঘৰৰ চাদলৈ তুলি নি আসন দিয়া হওক, তেতিয়া হ'লে সমবেত ৰাইজে নিলগৰপৰা সমভাৱে দৰ্শন পাব। সেই অনুসৰি, মহাত্মা গাজী চাদৰ ওপৰলৈ উঠি উদং গাৰে কৃষ্ণভঙ্গীৰে থিয় দিলেগৈ; উদগ্ৰীৱ ৰাইজে হেঁপাহ পলুৱাই থৰ লাগি গান্ধী দৰ্শন উপভোগ কৰিবলৈ ধৰিলে। সেই সমোহিনী মূৰ্তিৰে পোৱাঘণ্টামান ‘পকীৰ ওপৰত পৰমানলে দৰ্শকক দৰিশন দি, মহাত্মা গান্ধীজী আনন্দত আপুত হৈ, অঙ্গভঙ্গীৰে সৈতে প্ৰণাম-সম্ভাষণ জ্ঞাপন কৰি ৰাইজৰপৰা সাম্প্ৰতিকভাৱে বিদায় লৈ আকৌ তললৈ নামি আহিল। সমবেত দৰ্শক ৰাইজ অতৃপ্ত অন্তৰেৰে ধীৰে-শাতে দিহাদিহি ঘৰঘৰি গ'ল। আলহীক জিৰাবলৈ আহৰি দি আবেলি কেইঘণ্টামানৰ কাৰণে আমিও ঘৰঘৰি হলেহঁক। তাৰ পাছত সন্ধিয়া সাত বজাৰপৰা ‘পকী’ৰ সমুখত বহল ঘাঁহনি চোতালত দলিচা, সতৰঞ্চি, ত্ৰিপাল, নগাটাৰি পাৰি মজলি বৈঠক পতা হ’ল। নিৰ্ধাৰিত কাৰ্যতালিকা অনুসৰি, টাউনৰ গণ্যমান্য লোকসকল, দূৰৈৰপৰা আহি অভ্যৰ্থনাত যোগ দিয়া ৰাইজৰ নেতা- শ্ৰেণী, ৰাইজৰ এভাগ আৰু টাউনবাসী সৰ্বসাধাৰণ মানুহ চাপি ধীৰে-শাতে যথাযোগ্য ঠাইত আসন বলেহি। এইখিনিতে উনুকিয়াই থবলগীয়া যে, মোতবাজে আন কোনো চকাৰী চাকৰীয়া, পেন্সনীয়া আৰু গৱৰ্ণমেন্ট খিতাপধাৰীয়ে সেই মজলিচত যোগ দিয়া নাছিল। ৭ মান বজাত গান্ধীজী জিৰণি কোঠাৰপৰা ওলাই আহি থিয় দিয়া মাত্ৰকে সমবেত সমজুৱাই একেচাবে উঠি থিয় দি তেখেতক সন্মান জনালে। তাৰ পাছত, আগেয়ে দিহা লগাই থোৱা সৰ চালপীৰা এখনৰ ওপৰত পিচ গাৰু দিয়া আসনত মহাত্মা গান্ধীজী আমাৰ অনুৰোধ অনুসৰি উপবিষ্ট হল। তেখেতে আসন গ্ৰহণ কৰিয়েই হিন্দী-গুজৰাটী ভাষাত, তেখেতৰ ভাৰত ভ্ৰমণৰ উদ্দেশ্য ব্যাখ্যা কৰি সুগভীৰ সাৰুৱা বক্তৃতা দিবলৈ আৰম্ভ কৰিলে; সমবেত ৰাইজে একাণপতীয়া মনোযোগেৰে শুনি ৰাপ লগাই উপভোগ কৰিবলৈ ধৰিলে। সেই বক্তৃতাত গান্ধীজীয়ে ‘স্বৰাজ’ আৰু ‘অসহযোগিতা (non-co-operation) এই জটিল বিষয় দুটা বিশদকৈ বুজাই দিয়ে; তেজপুৰত সেই দুই বিষয়ক সেয়ে পো-প্ৰথম বক্তৃতা। সেই বক্তৃতা আঠ বজাৰপৰা দহ বজালৈকে পুৰা দুঘণ্টা একেৰাহে খণ্ডা নিছিগাকৈ দিয়া হৈছিল; আৰু শ্ৰোতাৰ্গে নীৰবে নিবিষ্টমনেৰে শুনিছিল। বক্তৃতাৰ অন্তত, পিচদিনাৰ কাৰ্যতালিকাৰ আভাস দি, গান্ধীজীয়ে বিনীতভাৱে উপস্থিত ৰাইজৰ ওচৰত বিদায় লৈ ভিতৰ সোমালগৈ; আমিও সকললটি দিহাদিহি ঘৰমুৱা হলেহঁক। পিচদিনা পুৱা আঠ বজাৰপৰা এঘাৰ বজালৈকে স্থানীয় বিশিষ্ট লোকসকলক গান্ধীজীয়ে সাক্ষাৎ দি সুকীয়া সুকীয়াকৈ আলাপ আলোচনা কৰিছিল। সেই ছেগতে নমান বজাত মধ্যে