উনপঞ্চাশত্তম সৰ্গ অসমত মহাত্মা গাজীৰ পোৰথম পদাৰ্পণ মহাত্মা মোহনদাস কৰমাদ গান্ধীজীৰ কীৰ্তি-কাহিনীৰ কথা ভালেমান দিনৰপৰা খুদু- ঘানাককৈ শুনি আছিলো। দক্ষিণ আফ্ৰিকাবাসী ভাৰত সন্তানৰ দুখ-নিৰ্যাতন মোচন আৰু অভাৱ-অভিযোগ নিৰাকৰণৰ অৰ্থে গান্ধীজীৰ অসাধাৰণ কাৰ্যকলাপ আৰু কৃতিৰ বিষয়ে পঢ়ি-শুনি তেখেতৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা-ভক্তি মোৰ অন্তৰত উপচি পৰিছিল। কিন্তু, তেতিয়ালৈকে তেখেতৰ জন্মভূমি ভাৰতবৰ্ষত নিজ জাতীয় ভাৰতবাসীৰ অন্তৰত সেইবোৰ কাৰ্যকলাপ আৰু কীৰ্তি-কাহিনী বিষয়ক অনুভূতি বহলকৈ বিৰিঙি উঠা দেখা নগৈছিল; মাথোন দূৰ-দূৰৈ বিদেশ আমেৰিকাৰ যুক্তৰাষ্ট্ৰত গান্ধীজীৰ মহামানবিক কাৰ্যকলাপৰ বহুল আলোচনা আৰু সমালোচনা চলিছিল। বিশেষ, আমেৰিকাৰ খ্ৰীষ্টিয়ান মিচনাৰী সম্প্ৰদায়ে গান্ধীজীৰ মানৱজাতিৰ মঙ্গলাৰ্থে কৰা অলৌকিক আত্মোৎসৰ্গত বিস্ময় মানি তেখেতক অশেষ প্ৰশংসা কৰিছিল; এনে কি, সেই সম্প্ৰদায়ৰ পুৰোহিত পাত্ৰীসকলে মহাত্মা গান্ধীজীক অৱতাৰী মহাত্মা যীশুখ্ৰষ্টতকৈও ওপৰ পাপত আসন দিয়ালৈ লক্ষ্য কৰি স্তম্ভিত হৈছিলেহঁক। এনেতে মহাত্মা মোহনদাস কৰমা গান্ধী জন্মভূমি ভাৰতবৰ্ষলৈ উলটি আহে। আহিয়েই তেখেতে পৰাধীন স্বজাতি ভাৰতবাসীৰ উদ্ধাৰৰ অৰ্থে বিবিধ বিষয়ক নৈতিক, দৈহিক, সামাজিক, ৰাজনৈতিক দেশহিতকৰ কাষত আত্মনিয়োগ কৰে। সেই আলমতে গান্ধীজীয়ে সেই কালৰ ভাৰত-গৱৰ্ণৰ-জেনেৰল লৰ্ড ৰীডিং চাহাবলৈ ভাৰতবাসীৰ হৈ এখন বৰ দীঘলীয়া পত্ৰ লিখে। সেই পত্ৰত, গৱৰ্ণৰ জেনেৰেলক ‘Dear Sir' বুলি সম্বোধন কৰি, Your Excellency'ৰ ঠাইত উকাকৈ অকল ‘Your' বুলি লিখা স্বাধীনচিতীয়া কথাবোৰ পঢ়ি বিস্ময় মানিব লগাত পৰিছিলোইক, বাস্তৱতে তেতিয়ালৈকে কোনোজনে ভাইচৰয় আৰু গৱৰ্ণৰ জেনেৰেলক সেইভাৱে উকাকৈ সম্বোধন কৰা চিঠি-পত্ৰ-কাৰ্যাদি মোৰ চকুত পৰা নাছিল। তেতিয়াৰপৰাই মহৎনা স্বাধীনচিতীয়া মহামানৱ মহাত্মা মোহনদাস কৰমচা গান্ধীজীৰ দৰ্শন লাভৰ ধাউতি মোৰ মনত খৰতৰকৈ বাঢ়িবলৈ ধৰিলে আৰু মনে মনে সেই ধাউতি নিবৃত্তিৰ অৰ্থে ছেগ চাবলৈ ধৰিলোঁ। এনেতে, মহাত্মা গান্ধীজী ভাৰত পৰ্যটনলৈ ওলোৱাৰ সম্ভেদ পাই, সেই ছেগ ধৰিবলৈ সংকল্প কৰি উগ্ৰীভাৱে বাট চাই বলে। তাৰ পাছত শুনিলো, বোলে, গাজীজীৰ সেই পৰ্যটন একে যাত্ৰাতে অসমলৈকে বিস্তৃত হব; আহিয়েই পোন-প্ৰথমে এদিন এৰাতিলৈ গুৱাহাটীত মিষ্টাৰ তৰুণৰাম ফুকন চাহাবৰ বঙোত সদলে আলহী হব। শুনি ৰ পালো; আৰু মিঃ ফুকনলৈ লিখি, গান্ধীজীৰ অসম ভ্ৰমণৰ তালিকা এখন অনাই ললো। ইং ১৯২১ চনৰ ২১ আগষ্ট তাৰিখে দেওবাৰে পুৱা ৮ বজাত গান্ধীজী তেজপুৰ ঘাটত নমাৰ কথা। সেই অনুসৰি, আমি তেজপুৰবাসীয়ে তিন দিনৰ আগৰেপৰা গান্ধীজী
পৃষ্ঠা:Mor Sowarani.djvu/২৮৯
অৱয়ব