i মোৰ সোৱধী পথ প্ৰদৰ্শক প্ৰবীণ শিক্ষকশিক্ষকতাৰ অতুল অভিজ্ঞতা আপোনা আছে। এই বিষম সমস্যাৰ পাৰ পাবলৈ বুলি মই আকৌ কিছুমান যুক্তি-তৰ্ক প্ৰয়োগ কৰি চালো, কিন্তু কটকী- মণ্ডলীয়ে একোপধ্যে নেৰে। গতিকে, ‘চাপৰিলে মেঘ নেয়’ জানি আৰু মোৰৰ ইফালে মহা সময় ৰাহি কৰাৰ প্ৰবল উদ্বেগত অগত্যা পণ্ডিতমণ্ডলীৰ অনুৰোধ মূৰ পাতি ললো। শিক্ষকসকলৰ নেৰা-নেপেৰা অনুৰোধ এৰাব নোৱাৰি অভ্যৰ্থনা সমিতিয়ে নিৰ্ধাৰিত কাৰ্য- তালিকা আৰু নিৰূপিত সময়ৰ লৰচৰ ঘটাই, অসম এগোচিয়েনৰ তৃতীয় দিনৰ বৈঠকৰ কাৰ্য দ্বিতীয় দিনাই সমাপন কৰাই তৃতীয় দিনাৰ পুৱা বেলাটো সদৌ অসম শিক্ষক সম্মিলনীৰ বৈঠকৰ কাৰণে নিৰূপণ কৰি তৃতীয় দিনাৰ আবেলি আৰু চতুৰ্থ দিনাৰ পুৱা বেলাটো সাহিত্যিক সন্মিলনীৰ বৈঠকৰ কাৰণে স্থিৰ কৰিলে। সেই অনুসৰি, এছোচিয়ে দ্বিতীয় দিনীয়া কাৰ্য-তালিকা বৰ গধুৰ হৈ উঠিল। সন্ধিয়াৰ পাছতত দুঘণ্টামান খাটিহে ৰিজলিউচন বা প্ৰস্তাৰবিলাক গৃহীত কৰাই উঠি, আনন্দ-উলাহৰ জয়ধ্বনিৰ মাজত অসম এছচিয়েন কনফাৰেন্সৰ ১৭শ অধিবেশনৰ কাৰ্যতালিকাৰ সামৰণি মৰা হ'ল। কনফাৰেন্স সামৰণৰ পাছত আমি ঘৰাঘৰি আহিবলৈ আজৰি পোৰা নহ'ল; সেই বহি থকা ভাগেই সভামণ্ডপত সদৌ অসম সাহিত্যিক সন্মিলনীৰ বিষয় বাছনি সমিতিৰ কাৰ্যালোচনা আৰম্ভ কৰি দিলেহঁক। সমিতিৰ সেই বৈঠকত তৰ্কালোচনাৰ কোব বৰকৈ চৰিছিল; গতিকে ৰাতি দুপৰ মানতহে বিষয়-বাছনি সমাপন কৰি ঘৰঘৰি হলেহঁক। পিচদিনা (ইং ১৮১২২০) পুৱা ৭ মান বজাত, অসংখ্যাত ছাত্ৰবৃন্দেৰে পৰিবেষ্টিত হৈ শিক্ষকবৰ্গৰ শোভাযাত্ৰা ‘পদ্মকুটীৰৰ সমুখত সমবেত হলহি; কুটীৰৰ সমুখীন আলিবাটটো (পাছত “Padmanath Road”) জুৰি যাত্ৰীবৃনে লালী পাতিলে। ইতিমধ্যত বাহিৰত সিবিলাকে মোৰ নিজা বাগীখনকে ফুল-পাত-লতা আদিৰে সৈতে সজাই সজ্জিত কৰে মানে, ভিতৰত মই লৰালৰিকৈ প্ৰাতঃকৃত্য সমাপন কৰি, চাহ-জলপান খাই উঠি, সষ্টম হৈ ওলাই আহিলে॥ কঠিন-কোমল কণ্ঠৰ সন্মিলিত স্বৰৰ উচ্চৰৱৰ তিনি জাউৰি জয়ধ্বনিৰ হেনোলনিৰ মাজত আৱাহন মালা পিন্ধাই বাগীত তুলি লৈ শোভাযাত্ৰা মণ্ডপৰ অভিমুখে উলাহী খোজেৰে আগুৱাবলৈ ধৰিলে; পুৱা আঠমান বজাত, সভামণ্ডপত সমবেত হৈ থকা ৰাইজৰ লগত লগ লাগিলেহঁক। ৰবৰ সময় নাই। আমি গৈ পোৱা মাত্ৰকে এটি মাঙ্গলিক গীতেৰে সন্মিলনীৰ কাৰ্য আৰম্ভ কৰি দিয়া হ'ল। তাৰ পাছত আদৰণী সমিতিৰ সম্পাদক সন্ধিৰাম শৰ্মা হেপণ্ডিতদেৱে তেখেতৰ সাৰগৰ্ত শুৱলা অভিভাষণ পাঠ কৰি, সমবেত ৰাইজৰ আগত সন্মিলনীৰ উদ্দেশ্য ব্যাখ্যা কৰিলে। অভিভাষণখনি বৰ গভীৰ গবেষণামূলক আৰু ভালেমান লাগতিয়াল সাময়িক বিষয়ক বিবৃতিৰে পৰিপুৰ হৈছিল। তাৰ পাছত, প্ৰচলিত ৰীতি অনুসৰি সভাপতি বৰণ মালা শিৰ দোৱাই পিন্ধি বক্ষঃস্থ কৰি উঠিবৰ মোৰ পাল পৰিল। আগতে উনুকিয়াই অহা হৈছে, সভাপতিৰ অভিভাষণ লিখিবলৈ অকণো সময় নিদিয়াকৈ, বাটত পোৱা কাৰৰ হতুৱাই দা গঢ়াই লোৱা অসম ৰীতি অনুসৰি মোক সভাপতি বাব লবলৈ
পৃষ্ঠা:Mor Sowarani.djvu/২৮০
অৱয়ব