সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/২৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তবিংশ শৰ্গ হৈ আপোনাৰ হাতৰ গুৰুতৰ কামত ব্যাঘাত জন্মাইছেহি; তদুপৰি বৰ গধুৰ এটি অনুৰোধ জনাই আপোনাক আমনি কৰাটোও আমাৰ অন্যতম উদ্দেশ্য, দয়া কৰি অনুৰোধ ৰাখে যদি জনাওঁ।” মই ততালিকে এইবুলি সমিধান দিলো, “সঁচা, ক্ষণটি বৰ বিষম; দেখিছেই নহয়, হাতে পুথি মঙ্গলবাৰ! ( অভ্যাগত মণ্ডলীয়ে গিৰ্জনি মাৰি হে) তথাপি, কওকচোন, কিনো অনুৰোধ, পাৰ্যমানে ৰাখিবলৈ চাম।” মুখিয়ালজনে মুখ পাতি ধৰি পুনৰপি কবলৈ ধৰিলে, “আপুনি উত্তমাশ্বৰূপে আন কি কোনো কোনো সভা-সমিতি সন্মিলনীৰ জন্মদাতা হৈ যিকেইখন সদৌ অসম সম্মিলনীৰ পৃষ্ঠপোষকৰ ধৰ্ম-কৰ্ম পালন কৰি জিলিকি আছে, তাৰে লগৰীয়াকৈ আমি নিমাখিত শিক্ষক বৰ্গেও সদৌ অসম শিক্ষক সন্মিলনী নামেৰে এটি অনুষ্ঠান পাতিবলৈ আগবাঢ়িছে; আপুনি তাৰে গুৰি ধৰিব লাগে।” মই পৰম উলাহেৰে কটকীমণ্ডলীৰ প্ৰস্তাৱ এইবুলি সমৰ্থন কৰিলো, “বৰ ভাল কথা; অতি সজ প্ৰস্তাৱ; মই সাদৰে সমৰ্থন কৰিছে॥ কোৱা বাহুল্য মাথোন, চৰ্চা আলোচনাই উন্নতিৰ মূল; সেই মূল পচোৱাৰ আদি ভূমি শিক্ষক মহলীয়া খেত, সেই খেতৰ উৎকৰ্ষ সাধনৰ সমান মহান কাৰ্যানুষ্ঠান আন একোৱেই হব নোৱাৰে। আপোনাসকলৰ এই সুচিন্তিত সাধু সংকল্প অনতিপলমে কাৰ্যত ফলিৱা দেখিবলৈ হাবিয়াস কৰাটো মোৰ স্বভাৱধৰ্মৰ প্ৰবৃত্তি।” কথকী পণ্ডিতে ততালিকে এইবুলি মুখ পাতি ললে, “শুনি পৰম প্ৰীতি লাভ কৰিলো। আপোনাৰ সেই স্বভাবসুলভ প্ৰবৃত্তি উপলব্ধি কৰিহে সাহ কৰি কাষ চাপিছেহিহঁক। এতিয়া দয়া কৰিলেই সেই ‘অনতিপলম’সংঘটিত হব পাৰে; তদৰ্থে আমি অসম এছচিয়েশন কনফাৰেন্স আৰু সাহিত্যিক সন্মিলনীৰ উপস্থিত আয়োজনৰ মাজতে সোমাই আমাৰ সংকল্পিত অনুষ্ঠানটি প্ৰতিষ্ঠা কৰিব খোজে।” মই এইবুলি উত্তৰ কাটিলো, বোলো, “মাজত সোমাবলৈ সন্ধি নাই; সেই দুই সন্মিলনীৰ কাৰ্যতালিকা অনুযায়ী সময় নিৰূপণ হৈ গৈছে।” তদুত্তৰত, কটকী মণ্ডলীয়ে একেশ্বৰে মাত লগালে, “সেই ভাবনাত আপোক নেপেলাওঁ, আমি তাৰ দিহা লগাই লব পাৰে। যদি,-” বাক্য সম্পূৰণ নৌহওঁতেই মোৰ মত ব্যক্ত হল, “ভাল, তেন্তে মোৰ সম্পূৰ্ণ সহানুভূতি গ্ৰহণ কৰিব।” সেই ছেগতে মুখিয়ালগৰাকীয়ে হাঁহি হাঁহি মৰম লগাই এই বুলি ডেপুটেশ্যনৰ আচল উদ্দেশ্য ব্যক্ত কৰিলে, “ভাল, তেন্তে এতিয়া আমাৰ অনুৰোধ ৰক্ষা কৰক; আপুনিয়েই পোন-প্ৰথম সভাপতিৰ আসন শোভা কৰি, সদৌ অসম শিক্ষক সম্মিলনীৰ প্ৰাণ প্ৰতিষ্ঠা কৰক।” মই উচাপ, খাই উঠি ততালিকে সমিধান দিলো, “সেইটো কেনেকৈ সন্তৰ হব পাৰে? দেখিছেই, বৰ্তমান একে সময়তে দুখন ডাঙৰ সন্মিলনীৰ গুৰুতৰ কাৰ্যভাৰত মোৰ মূৰ কিভাৱে দো-খাই আছে। আগধৰি ভাবি-চিস্তি অভিভাষণ লিখি লবলৈ সময় নোপোৱাকৈ আপোনাসকলৰ সঙ্কল্পিত সন্মিলনীৰ সভাপতিৰ দায়িত্বপুৰ্ণ বাৰ মই কি সাধ্যে বহন কৰিম!” শুনি, কটকীমণ্ডলীয়ে পুনৰপি একেথৰে মাতি উঠিল, “আপোনাৰ পক্ষে ই একো অসাধ্য নহয়; আমি আপোনাৰ সাহিত্যিক প্ৰতিভাৰ প্ৰচাৰক কাপৰ দৰেই বাগ্মিতা প্ৰকাশক কণ্ঠৰ পৰিচয় পাই আছোক; আমাৰ দৃঢ় বিশ্বাস, মৌখিক অভিভাষণেৰেই আপুনি আমাৰ বা সিদ্ধি কৰিব পাৰিব। আপুনিতে আন নহয়, আমাৰেই এজন পুৰ্বৱৰ্তী