২৪৬ মোৰ সোৱৰণী . উঠাই লোৱাটো বাণীয় নহয়, কিয়নো, প্ৰতিযোগিতা নাথাকিলে নিৰ্বাচন শিক্ষাৰপৰা ৰাইজ বঞ্চিত হব লগাত পৰিব। আৰ, যিহেতু কাউন্সিল নিৰ্বাচন প্ৰথাৰ সেয়ে পোন প্ৰথম প্ৰচলন, ৰাইজে তাৰ আভাস পোৱাৰ নিতান্ত প্ৰয়োজন। মোৰ প্ৰতিবাদ প্ৰতাৰ সমজুৱা ৰাইজে হাত চাপৰিৰে সমৰ্থন কৰাত মূল প্ৰস্তাৱটি আপোনা-আপুনি এৰা পৰিল। সদৌশেহত, সভাপতি প্ৰতুৰ আশীষ বাণীৰে সৈতে সামৰণি বক্তব্যৰ অন্তত, সন্ধিয়া লগাত, ৰাইজৰ গগনভেদী জয়বনিৰ মাজত সভা ভঙ্গ হয়। পিচদিনা পুৱাতে ওলটা-যাত্ৰা কৰাৰ কথা আছিল। পিছে, পুৱাৰপৰা মোক সাক্ষাৎ কৰিবলৈ যোবা ৰাইজৰ মুখিয়াল নেতা আৰু সৰু-বৰ মানুহৰ অহা-যোৱা লানি লাগিল। জুম- জুমকৈ অহা ৰাইজৰ লগত পৰম প্ৰীতিৰে আলাপ-আলোচনা কৰি সিবিলাকক বিদায় দি থাকোতেই বেশি ভাটী দিলে; আবেলি পৰত ঘৰৰ হাতীত উঠি তেজপুৰলৈ ওলটা-যাত্ৰা কৰিলে। পাঙিছিলো, সেইদিনাই, বাটতে বিহপুৰীয়া পোলিং ষ্টেশ্যনত ৰাতিটো খপিমেই বুলি; কিন্তু আমাৰ মখনা হাতীটো খোজত বৰ লেহেম কাৰণে লালুকৰ জিৰণি বঙলা আহি পাওঁতেই ৰাতি দুপৰ হল; গতিকে তাতে জিৰাই-শতাই ৰাতিটো কটোৱা হল। পিচদিনা পুৱা তাতে ভাত-পানী খাই দুপৰীয়া তাৰপৰা আহি আবেলি বিহপুৰীয়া থানা ষ্টেশনত নামিলো। হাতীৰপৰা নমা মাকে নাৰায়ণপুৰৰ মৌজাদাৰ শ্ৰীমান ধৰ্মেশ্বৰ শৰ্মা বৰুৱা (মোৰ ‘মি বন্ধু পন্মেশ্বৰ শৰ্মা বৰুৱাৰ বৰপুত্ৰ আৰু শ্ৰীমান সৰ্বেশ্বৰ শৰ্মা বৰুৱা, বি.এল উকীলৰ ককাই- দেৱেক) প্ৰমুখ্যে ডিক্ৰং অঞ্চলৰ খাতী আৰু আহোম ৰাইজৰ প্ৰতিনিধি জনদিয়েকে জনালেহি বোলে, সেই অঞ্চলৰ ৰাইজে মোক অভ্যৰ্থনা কৰিবলৈ বিপুল আয়োজনেৰে অপেক্ষা কৰিছে। সময়ৰ নাটনি বুজি মোৰ মাল-বস্তু নমাই থৈ মৌজাদাৰ বোপাৰে সৈতে মই অনতিপলমে আকৌ সেই হাতীত উঠি ডিক্ৰং জিৰণি বঙলাৰ কাষ চাপি দেখোগৈ যে, বঙলাৰ সমুখত কলাপুলি পুতি ফুল-পাতেৰে সজোৱা বাটচ'ৰাৰ মুখত (gate) অসংখ্য ৰাইজ জুম্ বান্ধি আছে, আমি হাতীৰপৰা নমা মাত্ৰকে ৰাইজৰ গগনভেদী জয়ধ্বনিৰ মাজত বৃদ্ধ খামতী মৌজাদাৰ ডাঙৰীয়াই আগবাঢ়ি আহি মালা পিন্ধাই অভ্যৰ্থনা জ্ঞাপন কৰাৰ পাছত, জিৰণি বঙলাৰ টোলত সোমালোগৈহঁক, সেই সুবহল টোলত ৰাইজ নধৰা হৈছিল। তাৰ পাছত, সময়ৰ নাটনি বুজি, টাউনত দি অহা সমিধানকে ডিক্ৰং অঞ্চলৰ ৰাইজকে চমুকৈ দি, সিবিলাকৰৰ জনদিয়েক নেতা লোৰ মুখে আগন্তুক নিৰ্বাচনত ৰাইজৰ সম্প্ৰীতি সমৰ্থন আশ্বাস সাদৰে গ্ৰহণ কৰি উঠি, উলটি বিহপুৰীয়ালৈ বিদায় ললোঁ। ইমানতে উত্তৰ লক্ষীমপুৰত অচিতে মোৰ হকে লাভ হোৱা “কেনভাচিং” উদ্যম আয়োজন আদি মোৰ হৃদয়ৰক ৰাজহুৱা কাৰ্যৰ সামৰণি পৰিল। পিচদিনা, ইং ১২২০ তাৰিখে, ভৰ দুপৰীয়াৰপৰা বিহপুৰীয়া পোলিং ষ্টেচনত নিৰ্বাচন ‘ভোট' দিয়া-লোৱা কাৰ্য আৰম্ভ কৰা হ'ল। তেতিয়া টিকিটত চিন লগাই গুপ্ত ভোট দিয়া নিয়ম (ballot system) নাহিল। পোলিং অফিচাৰ আছিল চব, ডেপুটী কলেক্টৰ শ্ৰীযুত (পাছত ৰায় চাহাব) অচ্যুতানন্দ পাঠক। তেখেতে মোক তেখেতৰ সমাজৰ “senior
পৃষ্ঠা:Mor Sowarani.djvu/২৬৬
অৱয়ব