সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/২৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চত্বাৰিংশ সগ গোন প্ৰথম সৰ্বসাধাৰণ কাউকিল নিৰ্বাচন বৃটিছ গৱৰ্ণমেন্টে ভাৰতবাসীক স্বায়ত্তশাসন ক্ষমতা দান কৰাৰ উদ্দেশ্যে যি শাসন-সংস্কাৰ সূচনা কৰিছিল, তাৰ আনুষঙ্গিক কাৰ্যৰূপ ইং ১৯২০ চনৰ ডিচেম্বৰ মাহত ভাৰতবৰ্ষৰ সৰ্বতে পোন প্ৰথমে প্ৰাদেশিক কাউন্সিল ৰাজসভা বা মন্ত্ৰী মেললৈ প্ৰতিনিধি সদস্য বাছি পঠিয়াবলৈ সৰ্বসাধাৰণীয়া কাউন্সিল নিৰ্বাচন প্ৰথা প্ৰচলনৰ দিহাকৰণ স্থিৰ হয়। তেতিয়া সদৌ প্ৰদেশতে। ওপৰঞ্চিকৈ সংখ্যালঘিষ্ঠ আৰু বিশেষ দাবীবিশিষ্ট সম্প্ৰদায়বিলাকক একো একোটাকৈ মনোনয়ন দান কৰাৰ নীতি বাহাল ৰখা হৈছিল। সেই ছেগতে মই সেই বাৰৰ আহোম সাম্প্ৰদায়িক মনোনয়ন প্ৰতিনিধি বা অন্যতম এজন আহোম জ্ঞাতিৰ কাৰণে এৰি থৈ, সৰ্বসাধাৰণীয়া নিৰ্বাচন প্ৰতিযোগিতাত থিয় হ'বলৈ মনস্থ কৰিলে; আৰু তদৰ্থে মোৰ জনমভূমি উত্তৰ লক্ষীমপুৰকে মোৰ নিৰ্বাচন সমষ্টি (constituency) কৰি বাছি ললো। নিজৰ জনম চহৰ উত্তৰ লক্ষীমপুৰ সমষ্টিৰপৰা আগন্তুক কাউন্সিল নিৰ্বাচনত প্ৰাৰ্থী থিয় হোৱা সঙ্কল্প সাৰোগত কৰি, সেই আপোন অঞ্চলৰ সৰ্বসাম্প্ৰদায়িক সমূহ ৰাইজৰ অভিমত ধাতু আগধৰি বুজি লোৱাৰ উদ্দেশ্যে, সেই স্থানীয় জনদহে নেতা শ্ৰেণীৰ বৰমূৰীয়া মুখিয়াল লোকলৈ এমাহমানৰ আগতে সুকীয়া সুকীয়াকৈ পত্ৰেৰে মোৰ মনোভাৱ জ্ঞাপন কৰি ললো। তাৰ পাছত, এপষমানৰ ভিতৰতে সেই সকললটিৰেপৰা আশ্বাসপুৰ্ণ সমিধানৰ পত্ৰোত্তৰ পালো। আটাইকেখন পত্ৰোত্তৰতে উত্তৰ লক্ষীমপুৰৰ সমূহ ৰাইজৰ অভিমত ব্যক্ত কৰি মোক জানিবলৈ দিলে যে, অসম কাউন্সিল ৰাজসভাত মোক প্ৰতিনিধি পাবলৈ সদৌ ৰাইজে আগ্ৰহ প্ৰকাশ কৰিছে আৰু মোক সাদৰে আহ্বান কৰিছে। সেই অনুসৰি, নিৰ্বাচনৰ নিৰ্ধাৰিত সময়ৰ সাদিনমানৰ আগতে দৰং জিলাৰ ডেপুটী কমিশ্যনাৰৰ জৰিয়তে তেজপুৰ ব্ৰেজুৰিত আগধৰি জামিনী আগধন ২৫০ টকা জমা দি, পৰম উলাহেৰে উত্তৰ লক্ষীমপুৰলৈ যাত্ৰা কৰিলো। তেজপুৰ ঘাটত জাহাজত উঠি, এদিন এৰাতি ব্ৰহ্মপুত্ৰইদি উজাই, সোৱণশিৰী মুখেদি সোমাই, পিচদিনা পুৱা দহমান বজাত বদতি ঘাটত নামিলোগৈ। নামিয়েই দেখিলোঁ, মোক নিবলৈ আমাৰ ঘাই ঘৰৰপৰা নিজৰ হাতী আহি সাজু হৈ আছে। তেতিয়াই, ৰাইজৰ তৰফৰপৰা আহি মোলৈ বাট চাই থকা দুজন ভলন্টিয়াৰ বা ডেকা স্বেচ্ছাসেৱক জাহাজৰপৰা মোক সমাৰি চৰকাৰী জিৰণি বঙলালৈ নি পৰম প্ৰীতিকৰ শ্ৰষা কৰিলেগৈ। সেই ছেগতে, তাতে অলপ পৰ জিৰাই, হাতীত উঠি আমি আটাইটিয়ে উত্তৰ লক্ষীমপুৰ চহৰৰ মুখে গতি কৰিলেহঁক। গৈ থাকোতে মন কৰিলো, বাট বৰ দুৰ্গম, নতুনকৈ বজোৱা আলিৰ ওপৰত বোৰা হৈ, ঠায়ে ঠাৰে মানুহৰ যাতায়াত অতিশয় অগম্য কৰি পেলাইছে; আৰু কোনো কোনো অংশত পলমুৱা বোকাত সোমাই চকা লাগি ধৰাত গৰু গাড়ী অৱশ হৈ পৰিছে, মাথোন বোৰ ওপৰত পাৰি দিয়া তৰা আৰু বিৰিণাৰ জাবৰিৰ ওপৰে কেনোমতে চুচৰি পাৰ হৈছে।