২০২ মোৰ শোৱলী গৈ থাকিবলগীয়া হোৱাত, সেই যাৰ লবলৈ সুচল বোধ নকৰিলে। তাৰ পাছত ইং ১৯১৭ চনত কাউন্সিলত মোৰ নমিনেটেড অনবোেল মেম্বৰৰ বিষয়ববীয়া কাল উকলি যোত, মোক আকৌ অনৰেৰী মেজিষ্ট্ৰেটৰ পদ যা হয়; এইবাৰ আজৰি বতৰ পাই সেই পদ গ্ৰহণ কৰা হ'ল। সেই একে সময়তে আৰু তিনিজন (ৰায়বাহাদুৰ মহীধৰ ভূঞা, পৰমানন্দ আগৰৱালা আৰু বাবু জ্যোতিষচন্দ্ৰ বসু) ভদ্ৰলোকৰে সৈতে তেজপুৰত অনৰেী মেজিষ্ট্ৰেট বেঞ্চ এখন পতা হয়। তাৰ ভিতৰত অকল মোকহে ইংৰাজীতে জবানবন্দী (deposition) আৰু ৰায় (judgement) লিখিবলৈ অনুমতি দিয়া হৈছিল গতিকে, চাৰিওজন একেলগে বহি গোচৰ সোত অসুচল হব দেখি, মোক পৃথক কৰি সুকীয়াকৈ বহিবলৈ দিয়া হয়। পোন প্ৰথমতে মেজিষ্ট্ৰেট আসন লবৰ দিনা বন্ধুবৰ ৰায়চাহাব (পাছত ৰায় বাহাদুৰ) মনোমমাহন লাহিড়ী বি. এল. উকীলদেৱে উলাহেৰে আদৰি নি এজলাচত বহুৱাই লৈ গোচৰ সোধাৰ নিয়ম-কাৰণাদিৰ আভাস বুজাই দি, মোক উপকৃত কৰিছিল। তাৰ পাছত, দুবছৰ পুৰ নৌহওঁতেই মোৰ বিচাৰ কাৰ্যত সন্তোষ পাই তেতিয়াৰ ডেপুটি কমিশনাৰ মিঃ হোম(Mr. Soams) চাহাবে গৱৰ্ণমেণ্টলৈ লিখি মোক দ্বিতীয় শ্ৰেণীৰ মেজিষ্ট্ৰেটৰ ক্ষমতা দিয়ায়। কিন্তু, সেই সময়ৰ চিনিয়ৰ উকীল তিনিজনত বাজে, বাকী জুনিয়ৰ উৰীৰ কেজনমানে মোক ভাল নাপাইছিল; কাৰণ, এজলাফত মোৰ ওচৰত সিবিলাকে অবৈধভাৱে প্ৰশ্ৰয় নাপাইছিল। সেই আপাহতে প্ৰথমতে দুজনমানে, তাৰ পাছত জুনিয়ৰ উকীলৰ গোটেই দলটোৱে মোৰ আদালত (court) বইট’ (boycott) কৰে। চিনিয়ৰকেজনে অনৰেৰী মেজিষ্ট্ৰেটৰ কোৰ্টত ওকালতি কৰা নাছিল। গতিকে, মই বিনা উকীলে মোকৰ্দমাৰ বিচাৰ নিষ্পত্তি কৰিব লগাত পৰিছিলো; আৰু সেইভাৱেই তিনি বছৰমান পাৰ হ’ল। তাৰ পাছত, সেই উকীলসকল এজন দুজনকৈ আকৌ আপোনা আপুনি চাপি মোৰ কোৰ্টত ওকালতি কৰিবলৈ ধৰাত আকৌ আমি সংপ্ৰীতিৰে গোচৰ সংক্ৰান্ত কাৰ্য চলাবলৈ ধৰি- লেহঁক। এইদৰেই যোৱা ২৩ বছৰ কাল উকীল মুক্তিয়াৰসকলেৰে সৈতে পৰম মিলাপ্ৰীতিৰে কাম চলাই আহিছোঁ, এনেতে ২৪শ বছৰৰ আৰম্ভণত (ইং ১৯৪১ চনত) গৱৰ্ণমেন্টে মোক প্ৰথম শ্ৰেণীৰ মেজিষ্ট্ৰেটৰ ক্ষমতা দিয়াত, জনদিয়ে উকীল মুক্তিয়াৰৰ গেনা লাগিছিল, পিছে বিশেষ বিচাৰৰ ফলত সেই বিষয়ত ওজৰ-আপত্তি অসাৰ বুলি বুজি উঠি, সিবিলাকে বাৰ লাইব্ৰেৰীৰ জৰিয়তে দাখিল কৰা অভিযোগলৈ গৱৰ্ণমেন্টে আওকাণ কৰি আগৰ ব্যৱস্থা বলবতকৈ ৰাখিলে। সেই অনুসৰি, আজিলৈকে পঁচিশ বছৰ কাল তেজপুৰত অনৰেী মেজিষ্ট্ৰেটৰ বিষয়-বাব নিয়াৰিকৈ চলি আহি আছে।
পৃষ্ঠা:Mor Sowarani.djvu/২৬২
অৱয়ব