পৃষ্ঠা:Mor Sowarani.djvu/২৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ত্ৰয়োচত্বাৰিংশ সৰ্গ

২৩৯

কৰিছোোঁ আশীষ জয়ধ্বনি তুলি, সকলোৱে যেন লভো সুফল,
মঙ্গলময় মঙ্গল নামেৰে বাঢ়োক তোমাৰ যশস্যা বল।
প্ৰীতি-ভক্তি মালা পিন্ধাই তোমাক অপাৰ আনন্দ লভিছোঁ আজি,
কৰ্তব্য পথত আগবাঢ়া দেৱ, সততে তোমাৰ বাঢ়োক খ্যাতি।

বিনীত−   
উত্তৰ লক্ষীমপুৰ আহোম সভাৰ
উপস্থিত জ্ঞাতিসমূহ, 
উত্তৰ লক্ষীমপুৰ, ইং ২২।২।১৬ চন