সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় সৰ্গ বাৰ দিয়া পাথৰ এটি উদং হৈ ৰৈছে। হাতীটো পৰ্বতৰ নামনিত চৰিবলৈ মেলাই দি ৰাতিটো সেই পাৰ তলতে বঞ্চিলোহঁক। আহাৰ-পানী নাই, কিন্তু নৈৰ মন-মোহিনী কল কলনিয়ে মোৰ ডোক-পিয়াহ হৰি নিলে। পিচদিনা পুৱা মাইতে হাতী লৈ ওলোটা বিদায় ললে, চকুৰে দেখালৈকে হাতীৰ ফালে একেথৰে চাই চাই আমি চাৰিউটি দলনিত পোনা মেলাৰ দৰে হৈ বৰ লাগিলোক! হাতী নেদেখা হলত চত, কৰে কি যে এটা বিষাদৰ ভাৱে হিয়া ভেজি মথি আমাৰ চকু চল-চলীয়া কৰি পেলালে। ভ্ৰান্ত আমি চাৰিপ্ৰাণীক ঠেকত অকলশৰীয়াকৈ পাই, ভিতৰি এটা ভয়াবহ ভাৱে আমাৰ বুকু কপাবলৈ ধৰিলে, পিচ মুহূৰ্ততে মই উপস্থিত সমস্যাৰ ধাৰ বুজি উঠি, আকৌ ততালিকে সাহসতে ভেজা ললো; লগে লগে লগৰীয়া কেইজনক যোৱা-মেলাৰ দিহা-কাৰণ লগাই দি তকিব নোৱাৰাকৈ সিবিলাকৰ অন্তৰত উথলি উঠা সেই ভয়াবহ ভাৰ অন্তৰতে মাৰ নিয়ালো। তাৰ পাচত, বাকী তৃতীয় ছোৱা বাট খেদাৰ উপায় বিচাৰি মই ইফাল-সিফাল কৰিবলৈ ওলালো; আৰু বহু প্ৰৱন্ধে, নিচুগাৰ্ডৰ অধ্যক্ষ দেছোৱালী জামাদাৰজনৰ জৰীয়তে দুটা বোজ বোৱ আৰু এটা চেৱাৰী ঘোৰা কেৰেয়ালৈ যোগাৰ কৰিলো। ভদুপৰীয়া সেই চিত্তহাৰিণী পথিক সোহাগিনী পৰ্বত দুহিতাৰ কু-কুল-কুল মনোনুগ্ধকৰ স্নিগ্ধ সুৰত অৱগাহন কৰি উঠি, দেৱতা-দুৰ্লভ প্ৰীতিভোজনত চাৰিউটি মুখা-মুখি হৈ বহিলো,-সেই প্ৰবনুৱা ভোজনৰ অমিয়াতৃপ্তিৰ টোপাল আজিকোপতি মোৰ সেৱৰণী পটৰ পাতৰপৰা টপটপকৈ সৰে। তাৰ পাচত, দুটা ঘোঁৰাৰ পিঠিত আমাৰ সমুদায় মাল বস্তু বোজাই দিয়াই লগৰীয়া তিনিজনক ঘোঁৰাৰ গিৰীজনৰে সৈতে লগ-লগাই দি, মই অচিনাকী অটব্য পৰ্বতীয়া হাবিৰ তলে তলে অকোৱা-পকোৱা চুৰ-চুৰীয়া নগা-বাটেদি চা-চমকাকৈ ঘোৰা মেলাই কহিমা উদ্দেশ্যে আগবাঢিলল। উঠা নমা কেঁকুৰী-বাট। ঠাই বুজি ঘোঁৰা মেলাওঁ, ঠাই বুজি থমাওঁ। এনে ভাৱে লগৰীহঁতক এৰি অকলে অকলে ভালেখিনি বাট গলো। তিনিঘণ্টামান সেই ভাৱেই গৈ গৈ বৰ বহল আৰু অতি গভীৰ গুহা এটা পাৰ হব লগাত পৰিলোগৈ। আগ-পিচ গুণিৰ সময় নাই। আগলৈ কিমান বাট আছে নাজানো। পিচত কিমান বাট এৰি আহিলো তাকে কব নোৱাৰো। কিন্তু, লগৰীহঁতক বহু দূৰণিত পিচ পেলাই আগ বাঢ়িলো যে সেইটো ভালকৈ বুজি উঠিলো। ওলোটা-হোহোক। কৰিবলৈকো সাহ যোৱা নাই। মনৰ এনে উণ্ডল-খুগুল অৱস্থাত চকু-আঁখি মুদি মৰো-জীওঁকৈ দিলে নমাই ঘোঁৰা গুহাৰ গৰ্ভলৈ। কেইনলমান নামিছে মাথোন, এনেতে শেলুৱৈ লগা শিলনিত খুৰা পিছলি ঘোঁৰাটো তল- মূৰীয়াকৈ এবেমান আতঁৰত পেপাকাৰি পৰিলগৈ—মই ফল খাই তাৰপৰা তিনিহাত মান আঁতৰ হৈ পৰি মুছকই গলল! জন-প্ৰাণৰ সঞ্চাৰ নাই। চৰাই-চিৰিকতিৰৰ ৰাগৰাগিণী নাই, নিতান, নিতাল, গহীন গৰ! আকাশ আৰু পাতালৰ মাজত মৰামূছা মই, আৰু মিতা মেলি পৰি থকা মোৰ ঘোঁৰাটো! এই হেন সঙ্কটত, অটব্য অৰণ্যৰ মাজত, গভীৰ গুৰ তলিত, মোৰ আৰু ঘোঁৰাটোৰ সহায়-সাৰখি কেও নাই। এনেতে কেইমিনিট মানৰ