সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/২৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোৰ সেৱৰণী ‘থিয়েটাৰ হলত প হৈছিল। ডেলিগেট আৰু অন্যান্য ছাত্ৰবৃন্দ আৰু অভ্যাগত দৰ্শক আৰু নিমন্ত্ৰিত ভদ্ৰমণ্ডলী সেই প্ৰকাণ্ড হলটোৰ দীঘে দীঘে দুভাগ হৈ বহি ভৰি পৰিছিল। মাঘন জয়ধ্বনিৰে সৈতে অভ্যৰ্থনা সমিতিৰ সভাপতি, সম্পাদক আৰু সদস্যবৰ্গে আদৰি নি সন্মিলনীৰ সভাপতি মণ্ডপত প্ৰৱেশ কৰোৱা মাত্ৰে সমবেত সভাস্থ মণ্ডলীয়ে আসন এৰি থিয় হৈ সম্বৰ্ধনা জনাওঁতে মোৰ অন্তৰ আনন্দ উলাহত চমক খাই উঠিছিল। তাৰ পাছত, অভ্যৰ্থনা সমিতিৰ সভাপতিৰ অভিভাষণ পাঠ আৰু মঙ্গল আৰতিৰে সৈতে সন্মিলনীৰ সভাপতিৰ যথাবিধি বৰণ কাৰ্যাদি সমাপন হৈ যোৱাত, সম্পাদক প্ৰমুখখ্য জনদিয়ে ছাত্ৰ সদস্যে মোক আগবঢ়াই নি সন্মিলনী সভাপতিৰ আসন দান কৰিলে। সভাপতিৰ আসন গ্ৰহণ কৰি উঠিয়েই অভিভাষণ পাঠ কৰিবলৈ মই থিয় দিলো। থিয় দিওঁতেই মোৰ আশঙ্কা হৈছিল যে, সিমান দীঘলীয়া দুশাৰী জনমণ্ডলীৰ মূৰৰপৰা চিয়ৰি পঢ়া অভিভাষণ সিমূৰে শুনাকৈ পাঠ কৰা সম্ভৱপৰ নহব; তাতে শ্ৰোতাসকলৰ হাতে হাতে দিবলৈকো অভিভাষণ ছপা হোৱা নাই, আৰু শাৰীৰিক দুৰ্বলতা হেতু মোৰ কণ্ঠস্বৰৰ ক্ষীণ হোৱাৰ সম্ভব। কিন্তু, ঈশ্বৰৰ ইচ্ছত, মোৰ ভাগ্যক্ৰমে, অভিভাষণ পাঠ আৰম্ভ হোৱা মাত্ৰকে সমবেত ৰাইজে নিটালমাৰি একান্ত মনেৰে শুনিবলৈ ধৰিলে, ময়ো প্ৰাণকাতৰে ডাঙৰ ভাঙৰকৈ পাঠ কৰাত সবাৱে সমানে শুনি সন্তোষ পোৱাৰ আভাস দিলে। তাৰ পাছত, বঁটা বিতৰণী আৰু তালিকাভুক্ত আন আন কাৰ্যাৱলীৰ আলোচনা আৰু সিদ্ধান্তৰ সমাপনত প্ৰথম দিন বৈঠকৰ কাৰ্যৰ সামৰণি মৰা হয়। পিচদিনা দুপৰীয়া ১২ বজাৰপৰা সন্মিলনীৰ দ্বিতীয় দিনাৰ বৈঠক আৰম্ভ হয়। কাৰ্যাৱলীৰ তালিকামতে প্ৰথমতে সম্পাদকে সন্মিলনীৰ যোৱা বছৰৰ কাৰ্যবিবৰণী পাঠ কৰে। তাৰ পাছত, বিষয় বাছনি সভাই আগ কৰি থোৱা প্ৰস্তাৱবোৰ এটি এটিকৈ তকালোচনাৰ সিদ্ধান্তমতে গৃহীত হয়। তাৰ পাছত, উপস্থিত ভদ্ৰমণ্ডলীৰ মাজৰপৰা কেইবাজনো বিলোকে একো একোটি সাৰুৱা বক্তৃতাৰে সৈতে সন্মিলনীৰ দীৰ্ঘজীৱন কামনা কৰি নিজ নিজ মন্তব্য প্ৰকাশ কৰে। সদৌ শেহত, সভাপতিৰ আসনৰপৰা মই চমুকৈ এটি বক্তৃতাৰে সৈতে মন্তব্য প্ৰকাশ কৰাৰ পাছত আবেলি পাঁচমান বজাত ছাত্ৰমণ্ডলীৰ জয়ধ্বনিৰ মাজত সন্মিলনীৰ সেই বছেৰেকীয়া বৈঠকৰ সামৰণি মৰা হয়। সম্মিলনী সভাৰ কাৰ্য সামৰণৰ পাচত, জৰ্জ ইনষ্টিটিউচনৰ টোলত অভ্যৰ্থনা সমিতিয়ে সভাপতি আৰু অভ্যাগত ডেলিগেট আৰু দৰ্শকমণ্ডলীৰ সন্মানাৰ্থে আয়োজন কৰা চাহ-জল- পান খোৱা সভাত সদৌটি উপস্থিত হলোগৈহঁক। সিও এখন বিৰাট সভা। আগতে তাত বাগীবৰ শ্ৰীযুত নীলমণি ফুকনদেৱে অভ্যৰ্থনা সমিতিৰ হৈ সভাপতি প্ৰমুখ্যে উপস্থিত সমজুৱা সকলৰ গুণ গাই আৰু সন্মিলনীৰ সেই তৃতীয় বছেৰেকীয়া বৈঠকৰ সফলতা কীৰ্তন কৰি এটি সুদীৰ্ঘ সাৰুৱা বক্তৃতা দিয়ে। সেই প্ৰসঙ্গতে সভাপতি হিচাপে মধ্যে দুআষাৰ সমিধান- সূচক কথা কবলগীয়া হৈছিল। সদৌশেহত উপস্থিত জনমণ্ডলীক নতশিৰে অভিবাদন জ্ঞাপন কৰি, মই বিদায় মাগিলো। বন্ধুবৰ শ্ৰীযুত (এতিয়া স্বৰ্গীয়) চন্দ্ৰকুমাৰ আগৰৱালাদেৱে