সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/২৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চৰিংশ সৰ্গ ২২৫ পুজিৰ অৰ্থে পৰম উলাহেৰে নগদ বৰঙণি দান কৰিছিল। সভাস্থলতে নগদ ছশ (৬০০ -) টকা উঠিছিল। সেয়ে সাহিত্য-সভাৰ পুঁজিৰ লখিমী। অসম সাহিত্যিক সন্মিলনীৰ সামৰণিত আগৰ কাৰ্যকাৰক আৰু বিষয়ববীয়া সভ্যসকলৰ সালসলনি ঘটে। সেই আলমতে অহা বছৰৰ কাৰণে, অসম সাহিত্য সভাৰ ঘাই সম্পাদক বিষয়-বাব মোৰ গাত দি, কাৰ্যনিৰ্বাহক সভাখন তেজপুৰত পাতিবলৈ স্থিৰ হয়। সেইবাবে উপস্থিত সমজুৱাসকলে হেচি ধৰাত অগত্যা সেই বাব বলে নোৱাৰা সত্বেও কান পাতি লব লগাত পৰিলো। বিদায়ৰ দিনা গুৱালপাৰ ঘাটতে উজনীয়া ডেলিগেটবৰ্গক গুৱালপৰীয়া ৰাইজৰ তৰফে এটি বালিভোজ দিয়া হৈছিল। সেই ভোজত পকামূৰীয়া চলিহা ডাঙৰীয়া বিশেষকৈ জিলিকিছিল। পিছে, আবেলি ভোজ সমাপন হোৱাৰ পাচতত সেইদিনা ভাটীৰপৰা আহিবলগীয়া জাহাজ নাপালেহি। গতিকে, ৰাতিটো ডেলিগেটসকলে বোটতে বঞ্চিবলগীয়া হয়। পিচদিনা পুৱা ৮ মান বজাত জাহাজ পালেহি। স্বেচ্ছাসেৱক বা ভলস্টিয়াৰবৰ্গে টালি-টোপোলা হাতে-কানে- পিঠিয়ে বৈ নি ডেলিগেটসকলক যথা যথা ঠাইত সুবিধাকৈ থলেগৈ। কিন্তু, বিদায় দি উলটি নামিবৰ সময়ত সিবিলাকৰ অন্তৰৰ বিষাদ ভাব মুখত বিৰিঙ্গি উঠা দৃশ্যটি দেখি আমাৰৰ অন্তৰ বিদৰি গৈছিল। সদৌশেহত, পাটি পাটিকৈ বালিত দমাই থোৱা সুমথিৰাৰ দলিৰে সৈতে জাহাজৰ মজিয়া ওপচাই শেষ বিদায় দিয়াৰ পাচত, উকি মাৰি জাহাজ বালি ঘাটৰপৰা এৰাই আহিল; গুৱালপৰীয়া বন্ধুবৰ্গে ঠৰ লাগি চাই থাকিল,-চাওঁতে চাওঁতে আমিও চকুৰ আঁতৰ হলেহঁক।