১৪ মোৰ শোৱলী অগত্যা টানত পৰি বা বাধ্য হৈ যাব লগীয়া নহলে, সেইকালত ভৈয়ামৰ মানুহে নাপৰ্বত বগাই কহিমা বান্নালৈ আগ বাঢ়িছিল। তেনেস্থলত ভৈয়ামৰ ভালেমান ভাল ভাল হাইস্কুল এঙাই, নপৰ্বতৰ টিলত কহিমা হাইস্কুলত পঢ়িবলৈ ওলোৱা দেখি, কোনোৱে মোক বাতুল বুলি হাঁহিছিল, কোনোৱে আকৌ মোৰ সাহ-পিট মনৰ তেজলৈ লক্ষ্য কৰি বিয় মানিছিল। সি বি হক, তেনেকুৱা অবস্থাত এজন উদভ্ৰান্ত বৈষ্ণৱ বঙ্গালী সন্ন্যাসীক লগত লৈ, কহিমা যাত্ৰালৈ মই মন বান্ধি ওলালো। এনেতে, ইন্দ্ৰনাথ গগৈ আৰু মথুৰনাথ গগৈ নামে আৰু দুজন লগ লাগি মোৰ সহযাত্ৰী হ’লছি। কবলৈ পাহৰিছোঁ, মোৰ লগৰী বৈষ্ণৱ জনৰ নাম ভূতনাথ। মইয়ে সৈতে ‘চাৰিনাথ’ একেলগ হৈ, যথাসময়ত আমি চাৰি নৰ প্ৰাণীয়ে পদব্ৰজে কহিমা যাত্ৰা আৰম্ভ কৰিলোহঁক। গোলাঘাটলৈকে আদিছোৱাত আমাৰ যাত্ৰা বৰ বিষম যেন নালাগিছিল। তাৰ পৰা নিচুগাৰ্ডলৈকে সেইছোৱা অতি দুৰ্গম বুলি শুনিলো, মানুহৰ মুখে বাট বৰ্ণনা শুনি পেটতে হাত-ভৰি লুকুৱাৰ নিচিনা লাগিল। হাতী, ঘোঁৰা, গাড়ী এনেকুৱ। বাহন বিনে সেইছোৱা বাট খেদা অসাধ্য , কিন্তু তেনেকুৱা বাহন যোগাৰ কৰি লবলৈ আমাৰ গাত যুগুত বল আৰু চল নাছিল। নিচুগাৰ্ডৰ পৰা ওপৰলৈ পৰ্বতীয়া বাটৰ বৰ্ণনা শুনি যে আমাৰ মানত সেইছোৱা বাট অগম্য বোধ হল , লগৰীয়া কেইজনৰ মন কেঁচ- পোৰ। যেন দেখা গ'ল। কিন্তু মোৰ মন নাভাগিল, মই মোৰ উদাহৰণেৰে উদগনি-দি সিবিলাকক পুনঃ আমাৰ উদ্দেশ্যৰ বাটলৈ আনিলো। কি যে এক অলৌকিক প্ৰেৰণাই কেইটিকে আন্তৰিক বলেৰে আগুৱাই দিলে, একে উশাহতে আমি মৰসাহ দি, পদব্ৰজে আমাৰ গন্তব্যপথত আগবাঢ়িলো। টাউনৰ পুব সীমা আমাৰ আলহী বহাৰপৰা এমাইল মান গৈ ধনশিৰী নৈৰ পাৰঘাট পাইছেগৈ, এনেতে শ্ৰীযুত শশীধৰ কাকতী নামে মোৰ শিৱসাগৰীয়া চিনাকী বন্ধু ( গোলাঘাট লোকেল বোৰ্ডৰ অভাৰচিয়াৰ) এজনে আমাক লগ পায়। আমাৰ যাত্ৰাৰ বিষয়ে আদ্যোপান্ত শুনি লৈ, আমাক সাহায্যৰ আশ্বাস দি তেওঁৰ বহালৈ ওভোতই লৈ আহিল। সেই ৰাতি আমি তেওঁৰ বহাতে বঞ্চিলে। পিচদিনা বহু প্ৰবন্ধেৰে তেওঁ কেৰেয়ালৈ আমাক হাতী এটা যোগাৰ কৰি দিলে। সেই হাতীয়ে আমাক ‘নিচুগাৰ্ড নামে নগাপৰ্বতৰ ভৈয়াম সঙ্গম দুৱাৰদলিলৈকে (হাতীৰে চাৰি দিন আৰু গৰু গাড়ীৰে ৮ দিনৰ বাট) আগুৱাই দি অহাটো স্থিৰ হ’ল। সেই বন্ধুজনৰ নথৈ শলাগ লৈ, আমি আমাৰ যাত্ৰাৰ বিতীয় চিপ আৰম্ভ কৰিলে। চাৰিদিন বাটত ভালেমান অসুবিধা আৰু অভাবনীয় দুখ-কষ্ট সহি গৈ গৈ চতুৰ্থ দিনা ৰাতি দুপৰ মানত নিচুগাৰ্ড’ পালোগৈ। তেতিদ্বা কৃষ্ণ পক্ষ। স্যাতে আন্ধাৰ। অচিনাকী ঠাই। নিজম মাজনিশা। কলৈ যাম, কি কৰিম, এনে লাগি বিমোৰ হলোইক। সেই সমস্যাৰ মাজত, আপোন-হেৰোৱা অৱস্থাত, অলপমান আগতে, পৰ্বতৰ গঠৰপৰা ওলোৱা এটি প্ৰাণ জুৰ কৰা অতি সুমধুৰ কু-কু-কুল মূৰে মোৰ হৃদয় স্পৰ্শ কৰিলেহি। ক্ষন্তেকৰ নিমিত্তে দুখ-ভাগৰ চিন্তা-সমস্যা সকলো পাহৰি মই বিড়োল হলো, মাউতে সঙ্কেতত আগুৱাই নি হাতী সেই পৰ্বতীয়া নৈৰ কাষ পোৱালেগৈ। তাতে হাতীৰপৰা নামি দেখে যে কোনোৱা বাটৰা ৰৈ যোৱা গছৰ ডাল-পাতেৰে সজা বৰটাৰে
পৃষ্ঠা:Mor Sowarani.djvu/২৪
অৱয়ব