সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/২৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চৰিংশ সৰ্গ ‘চাউখবৰৰ কৰি ইং ১৯১৭ চনৰ সামৰণত অন্ত হোৱা মন্টেগু চেমফোৰ্ড ডেপুটেচনৰপৰা বছেৰেক- মান পাৰ হৈ যোৱাৰ পাচত ইং ১৯১৮ চনৰ অন্ত ভাগত, ভাৰতীয় শাসন সংস্কাৰৰ সূচনা লৈ, তাৰ সপক্ষে আৰু বিপক্ষে ৰাইজৰ অভিমত সংগ্ৰহ কৰি নিবলৈ লৰ্ড চাউথৰৰোৰ সভাপতিত্বত গঠিত হৈ এই কমিটী ইংলণ্ডৰপৰা ভাৰতলৈ আহে। আহি কমিটীয়ে ভাৰতবৰ্ষৰ লাগতিয়াল কেন্দ্ৰস্থলবোৰত বৈঠক পাতি স্থানীয় আৰু চুবুৰীয়া প্ৰাদেশিক ৰাইজীয়া প্ৰতিনিধি আৰু ৰাজকীয় বিষয়াসকলৰ সাক্ষ্য সংগ্ৰহ কৰি ফুৰিছিল। সেই আলমতে অসমৰ প্ৰতিনিধি আৰু বিষয়াবৰ্গৰ সাক্ষ্য কলিকতীয়া কেন্দ্ৰত গৃহীত হৈছিল। অসমৰপৰা ৰাজকীয় বিষয়া মিঃ (পাচত চাৰ) বিটচন বেল চীফ কমিচনাৰ, মি: বোথাম চীফ চেক্ৰেটৰী, কৰ্ণেল গৰ্ডন অসম উপত্যকাৰ কমিচনাৰ, মিঃ মেকচুইনি মাটি বিভাগৰ ডিৰেক্টৰ, মিঃ কনিংহাম শিক্ষা বিভাগীয় ডিৰেক্টৰ আৰু চুমা উপত্যকাৰ কমিচনাৰ চাহাব এইসকল, আৰু অসম উপত্যকাৰ গৌৰীপুৰৰৰজা বাহাহৰ প্ৰভাতচন্দ্ৰ বৰুৱা জমিদাৰৰ তৰফে, ৰায়চাহাব (পাচত ৰায়বাহাদুৰ) পদ্মনাথ গোহাঞিবৰুৱা আহোম সম্প্ৰদায়ৰ তৰফে, ৰায় বাহাদুৰ ঘনশ্যাম বৰুৱা অসম এচোচিয়েচনৰ তৰফে, মৌলবী (পাচত চাৰ) চৈয়দ মহম্মদ চাদুল্লা মুছলীম সম্প্ৰদায়ৰ তৰযে, এইসকল ৰাইজীয়া প্ৰতিনিধিয়ে কলিকতীয়া কেন্দ্ৰত বহা “চাউথবৰৰ কমিটীৰ বৈঠকত গৱৰ্ণমেণ্টৰ খৰচত সাক্ষ্যও দিছিলগৈ। অসমৰ যাত্ৰী সকললটি যোৱাৰ পাচত, সদৌ শেহতীয়াকৈ কৰ্ণেল গৰ্ডন আৰু মই একেখন জাহাজত আৰু একেখন ৰেলত কলিকতালৈ যাত্ৰা কৰিলে। জাহাজত যাওঁতে প্ৰথম শ্ৰেণীত আন যাত্ৰী নথকা হেতুকে আমি দুয়ো মন মুকলিকৈ কথা-বাৰ্তা পাতিবলৈ সুচল পাইছিলো। সেই ছেগতে কথা প্ৰসঙ্গত তেখেতক খাটনি ধৰি থলে, যাতে সাক্ষ্য দিতে মই তেখেতৰপৰা লাগতিয়ল সহায় পাওঁ; কিয়নো কমিটীৰ আগত কিজানি নোমাঞ্চিত (nervousness) হোৱাৰ বাবে মোৰ সাক্ষ্য খোলোচা (explicit) নহবও পাৰে। তদুত্তৰত তেখেতে ততালিকে প্ৰত্যুত্তৰ দিলে যে, সেই বিষয়ত তেখেতে অলপো সন্দেহ নকৰে; বৰঞ্চ আন অনেক সাক্ষ্যকাৰতকৈ মোৰ সাক্ষ্য খোলোচা আৰু পৰিপাটি হোৱাটোহে তেওঁৰ বিশ্বাস। সি যি হওক, তাৰ পাচত, আমিনগাওঁ ঘাটত নামি দুয়ো কলিকাতালৈ যোৱা ৰেলত উঠিলোগৈ। ৰেলত ভালেমান সৈনিক চাহাবৰ উঠিল। সিবিলাকে প্ৰথম আৰু দ্বিতীয় দুয়ো শ্ৰেণীতে যেয়ে যতে ঠাই পালে উঠিলে; মই কথমপি দ্বিতীয় শ্ৰেণীৰ বিছনা (Berth) এখন আচুতীয়াকৈ পালো কিন্তু মোৰ সৈতে একেটা কোঠাতে ঠাই লোৱা গোৰা সৈনিক যাত্ৰী- কেনৰ লগত সহযাত্ৰী হৈ মোৰ অকণো ভাল নালাগিল, বৰঞ্চ সিবিলাকৰ হাঁহি-খিলিলি আৰু কেকেনি মোৰ পক্ষে অসহনীয় বোধ হবলৈ ধৰিলে। গতিকে, অগত্যা স্যাতে এই 1