উনবিংশ শৰ্গ ২১৭ পৰেৰে সৈতে আগধৰি পাবগৈ লাগিব, ইয়াৰপৰা আৰু ডেৰমাহমানৰ মূৰত উলটি যাওঁতেই বাজে বাজে গুৱাহাটীত সোমাই আমাৰ এই বছৰেকীয়া ‘অসম এচোচিয়েচন’ কনফাৰেন্সৰ নিৰ্বাচিত সভাপতি মিঃ সত্যনাথ বৰাক লগত লৈ যামগৈ।* কি কৰিম, অগত্যা নামাতি সম্মতি দি, ময়ো গৈ বিছনাত পৰি গুণিবলৈ ধৰিলো, টোপনি কেতিয়া আহিল কব নোৱাৰে, সেই গুগনিৰ ফলস্বৰূপ পিচদিনা পুৱাৰপৰা সভাপতিৰ অভিভাষণ লিখিবলৈ ধৰিলো, সেইদিনা বাজলৈ নোলোৱাকৈ গোটই দিনটো লিখিলে॥ পিচদিনাও একেৰাহে আবেলিলৈকে ধৰি এটামান ফৰ্মাৰ জোখাৰে লিখি উঠি সন্ধিয়া “সাম্য প্ৰেছত ছপাবলৈ দি আহিলোগৈ। তাৰ পাচত সেই প্ৰথম ফৰ্মাৰ প্ৰফ আহি পায়মানে দ্বিতীয় আৰু তৃতীয় দিনাৰ ভিতৰত আৰু এটা ফৰ্মা লিখি উঠি প্ৰেছলৈ দি পঠিয়ালো; তাহানি “লাহৰী” লিখি ছপোৱাৰ দৰে, সিফালে ছপা ইফালে লিখা, এই অনুক্ৰমে সপ্তম দিনা মোৰ অভিভাষণ লিখাৰ সামৰণি মাৰি উঠিলো। কিন্তু, লিখি উঠি লুটিয়াই চাবলৈ আৰু সময় কৰিব নোৱাৰিলো, ছাপিবৰ আগে আগে ফৰ্মা- কেইটাৰ আৰ্হি-তোল-কাকত শুধৰাওঁতে মাথোন লিখাখিনিত দুনাই চকু-ফুৰাবলৈ ছেগ পাইছিলো। শেহ ফৰ্মাটোৰ ছপা দেখিবলৈকো নাপালো, তাৰ অৰ্ডাৰ ফ’ চাই দি সেইদিনাই আমি অসমলৈ ওলোটা-যাত্ৰা কৰিলোহঁক। আহিবৰ সময়ত প্ৰেছত দিহা দি আহিছিলো, অভিভাষণ কিতাপবিলাক বাজে বাজে মোৰ বৰজোৱাই শ্ৰীমান সিদ্ধেশ্বৰ গোহইদেৱ মুনচিপৰ নামে শিৱসাগৰলৈ পঠিয়াবলৈ। সেই অনুসৰি সভাপতিতকৈ আগধৰি অভিভাষণ যথা ঠাই পালেগৈ। উমৈহতীয়া স্বাৰ্থহেতুকে “অসম এচোচিয়েচন কনফাৰেন্স” আৰু “অসম সাহিত্য সন্মিলনী” দুয়ো অনুষ্ঠানৰ কৰ্মী একেদল হৈ উঠিল। নতুনকৈ পতা সন্মিলনীৰ প্ৰতি আগ্ৰহ অধিক হোৱাত, পুৰণি “অসম এচোচিয়েচন কনফাৰেন্স”ৰ আগতীয়াকৈ প্ৰথমদিনা সন্মিলনী আৰু দ্বিতীয়, তৃতীয় দিনা কনফাৰেন্স একেখন সভামণ্ডপতে পতা হয়। সম্মিলনীৰ দিনা দুপৰীয়া স্বেচ্ছাসেৱক দলেৰে পৰিবৃত্ত হৈ, ফণিধৰ চলিহা ৰায়বাহাদুৰ ডাহৰীয়াই শিৱসাগৰ পুখুৰীৰ পুব পাৰত বাস কৰা মোৰ জী-জোৱাইৰ বহাৰপৰা মোক বাগীত তুলি আগবঢ়াই আনি “বিষ্ণু দৌল”, “শিৱ দৌল” আৰু “দেবী দৌলৰ পাতলেদি নি সভামণ্ডপত প্ৰবেশ কৰালেগৈ, মই যথাসৎকাৰেৰে নিৰূপিত আসন গ্ৰহণ কৰিয়েই সভাস্থলত বহুত চিনাকী ডেকাদলৰ উপৰি, মোৰ ছাত্ৰজীৱনৰ পুজনীয় অভিভাৱকপ্ৰতিম শোক ভালেমান উপবিষ্ট দেখি উলাহত মোৰ মন-প্ৰাণ নাচিবলৈ ধৰিলে। সেইসকলৰ ভিতৰত মিঃ গঙ্গাগোবিন্দ ফুকন, ৰধৰ বৰুৱা পেন্সনীয়া স্কুল ডেপুটী ইনস্পেক্টৰ, ফণিধৰ চলিহা ৰায়বাহাদুৰ, তুলসীচন্দ্ৰ বৰুৱা (হেমচন্দ্ৰ বৰুৱাৰ ককাইদেৱক ), অক্ষয়কুমাৰ ঘোষ উকীল, তীৰ্থেৰ গোহাঞিফুকন, ৰায়চাহাব জগন্নাথ বেজবৰুৱা এইসকল মোৰ চকুৰ আগত বিশেষকৈ জিলিকিছিল। নতুন সন্মিলনীৰ নতুন অভিভাষণ; তাত বা কি টা ঘটে, তালৈ মই ভয় কৰি আছিলো। পিচে, উপস্থিত সমজুৱাৰ উক্তিৰ হেদত যেতিয়া সত্যনাথ বৰা বি. এল., ঘনশ্যাম বৰুৱা বি. এল. ৰায় বাহাদু, ফণিধৰ চলিহা ৰায় বাহাদু, গঙ্গাগোবিন্দ ফুকন চাহাব, তুলসীচন্দ্ৰ বেজবৰুৱা, ৰত্নধৰ বৰুৱা, অনকুমাৰ ঘোষ, ধুত গুানন বৰা,
পৃষ্ঠা:Mor Sowarani.djvu/২৩৫
অৱয়ব