সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/২৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উনচৰিংশ সৰ্গ পোনপ্ৰথম কলন মই কাউন্সিলত থকাকালীন কটন কলেজ আৰু হোষ্টেলৰ খা-খবৰ বিশেষকৈ ৰাখিছিলো। সততে কাউন্সিল বৈঠকলৈ যাওঁতে আৰু উলটি আহোতে গুৱাহাটীত এদিনমান ৰৈ কলেজ আৰু হোষ্টেলত একোটি ভুমুকি মাৰে। মই আজীৱন ছাত্ৰবন্ধু যদিও, সেই কালৰ কটন কলেজৰ ছাত্ৰসকলে মোক বিশেষকৈ ভাল পাইছিল। সেই আলমতে সিবিলাকে মাজে-সময়ে মোক সিবিলাকৰ অভাৱ-অভিযোগ আদি জনাই থাকে। ময়ো খিলঙলৈ গৈ বিভাগীয় বিষয়া সকলৰ সৈতে পৰামৰ্শ কৰি, আৰু আৱশ্যক বুজি কাউন্সিলৰ জৰিয়তে সেই অভাৱ-অভিযোগ গুচাবলৈ পাৰ্বমানে যত্ন কৰোঁ। সেই সুতে ইং ১৯১৫ চনত এবাৰ কাউন্সিলৰপৰা উলটি আহোঁতে কলেজ হোষ্টেলৰ টোলত সোমাই ছাত্ৰসকলৰ গোটাদিয়ে অভাৱ আৰু অভিযোগৰ বিষয়ে নিজে তদন্ত কৰি টোকা ধৰি লৈছিলোগৈ। ছাত্ৰসকলে মোক বেৰি ধৰি মোৰ সৈতে মুকলি মনেৰে কথা-বাৰ্তা পাতিছিল। এনেতে হোষ্টেলৰ এটি কুঠৰীৰপৰা ওলাই তিয়হৰ জালি যেন গজলীয়া ছাত্ৰ এটিয়ে ক্ষন্তেকমান ভূমুকিয়াই চাই, মোৰে সৈতে চকুৱে চকুৱে পৰাত লাজকুৰীয়াভাৱে চাতকৰে আঁতৰি আকৌ ভিতৰ সোমাল। কিয় কব নোৱাৰৰ, মোৰো মন অযাচিতে লগলাগি সেই ভিতৰ সোমাল। তাৰ পাচত পৰিদৰ্শন সামৰি মোৰ প্ৰিয় ছাত্ৰ শ্ৰীমান চন্দ্ৰনাথ শৰ্মাৰে সৈতে ইফাল-সিফালকৈ ফুৰি দুপৰীয়া আলহী বহা পালোহি। সেই ছেগতে শ্ৰীমান চন্দ্ৰনাথৰপৰা সেই লৰাটিৰ পৰিচয় লৈ মনৰ উচপিচনি শাম কটাই থলে। সেইদিনা সিমানেই। মাহদিয়েকৰ পাচত, অহকালিৰ বন্ধত ঘৰলৈ আহোঁতে ক্ৰমান চন্দ্ৰনাথে মোক সাক্ষাৎ কৰিবলৈ আহোঁতে কথা প্ৰসঙ্গত সেই লৰাটিৰ কথা পুনৰপি উত্থাপন কৰি, ঘপহ কৰে মোক সুধি উঠিলে সেই লৰাটিলৈকে মোৰ প্ৰথমা কন্যা শ্ৰীমতী নিৰ্মলা বৰআইদেউক বিয়া দিয়াৰ প্ৰস্তাৱ কৰিলে কেনে হয়? সূক্ষ্ম দৃষ্টিৰ তীক্ষ্ণবুদ্ধি চন্দ্ৰনাথে আগধৰি মোৰ মনৰ ভাৱ ঢুকি পাইছিল। তেওঁ প্ৰস্তাৱ আগবঢ়ায়েই সেই বাতি শুভপৰিণয় সংঘটনৰ অৰ্থে ‘ঘটকালি বা কটকীৰ বাৰ উপচি গ্ৰহণ কৰে। মাহদিয়ে লিখালিখি আৰু সোধা ধিৰ মূৰত শ্ৰীমান চন্দ্ৰনাথৰ ঘটকালিৰ ফল ধৰিল, সেই বছৰৰে আহিন মাহত শ্ৰীদুৰ্গা পুজাৰ অলপ আগতে শুভবিবাহৰ দিন পৰ্যন্ত ধাৰ্য হৈ উঠিল, যদ্যপি মোৰ বৰ আইদেউ তেতিয়াও অকুমাৰী। এই প্ৰস্তাবিত বিবাহৰ বিৰুদ্ধে অলপ আপত্তিও উঠিছিল, কিয়নো মই সততে বাল্যবিবাহৰ বিৰোধী; কিন্তু পাত্ৰ লাভৰ সুবিধাই সেই আপত্তি তল পেলালে। সেই লৰাটি আন নহয়, নগাওঁ জিলাৰ বৰগোহাঞিৰ বংশধৰ মান সিদ্ধেশ্বৰ বৰগোহাঞিদেৱ, [ষি এতিয়া (ইং ১৯৩৬) গোলাঘাটত মহকুমাধিপতি আৰু যি মোক জীৱনসন্ধিয়াত সৰল ধৰ্ম পিতৃভক্তিৰে অযাচিতে বৰপুত্ৰৰ অমায়িক গুণ দিব লাগিছে।] এই ৩ বিয়াত অকল মোৰ আৰু মোৰ পৰিয়াল, আত্মীয়-কুটুথ বন্ধু-বান্ধৱেই নহয়,