সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ষট্‌ত্ৰিংশ সৰ্গ পোনপ্ৰথম কাউন্সিল অভিভাষণ ইংৰাজী ১৯১৩ চনৰ ২ জানুৱাৰী তাৰিখে পোনপ্ৰথম অসম কাউন্সিল বা ব্যৱস্থাপক সভাৰ উদ্বোধন বৈঠক পাৰ হোৱাৰপৰা ডেৰমাহৰ পাচত তাৰ প্ৰথম সাধাৰণ অধিবেশন পাতিবলৈ দিন ধাৰ্য ঘোষণা কৰা হয়। এই অধিবেশনতে নন-অফিচিয়েল মেম্বৰ বা বে- চৰকাৰী সদস্যসকলে ৰাজকাৰ্য পৰ্যালোচনাত সহযোগিতা দান কৰাৰ অভিমত সুকীয়া সঙ্কেত পৰামৰ্শ আদিৰ আঁচনি সোধাবলৈ বা তদ্বিষয়ক অভিমত কাউন্সিল বৈঠকত ব্যক্ত কৰিবলৈ গৱৰ্ণমেণ্টৰপৰা অনুজ্ঞাসূচক অনুৰোধ পায়। সেই অনুসৰি পোন প্ৰথম কাউন্সিল অভি- ভাষণ যুগুত কৰিবলৈ সদস্যসকল তৎপৰ হয় , ময়য় মোৰ অভিভাষণ যুগুত কৰিবলৈ ধৰিলে। তেতিয়া লিখিত অভিভাষণ কাউন্সিল বৈঠকৰ অন্তত সাতদিনৰ আগতে শোযোৱাৰ নিয়ম আছিল, নিৰ্ধাৰিত সময়তকৈ পাঠ চৰা হলে তাক চমু কৰোৱাৰ উদ্দেশ্যে। গতিকে সেই প্ৰথম অভিভাষণ (maiden speech) যুগুত কৰিবলৈ আমি মুঠেই এমাহমানহে সময় পালেহঁক। সেই অলপ সময়ৰ ভিতৰত এই নতুন ধৰণৰ ৰাজনৈতিক অভিভাষণ অনাভূৱাকৈ যুগুত কৰিবলৈ আনসকলে কেনে পাইছিল জানো, মই হলে বৰ টান যেন পালো। তথাপি ‘চাপৰিলে মেঘ নেয়’ জানি ৰাজনৈতিক ক্ষেত্ৰত মোৰ কিঞ্চিতমান অভিজ্ঞতাৰ লগত দেশৰ দৈহিক, নৈতিক, আৰ্থিক, সামাজিক, সাহিত্যিক, ব্যৱসায়িক বিষয়ক অভিজ্ঞতা লগলগাই লৈ মনে পতা আঁচনিৰে মোৰ আগলি অভিভাষণ যুগুত কৰিবলৈ হাতত ললো। সেই অৰ্থে মোৰ অভিজ্ঞতাই ঢুকি পোৱাৰ ওপৰঞ্চিকৈ জনদিয়েক বিশিষ্ট বন্ধুৰপৰাও কিছুমান লাগতিয়াল সমল সংগ্ৰহ কৰি লোৱা হৈছিল। সিবিলাকৰ ভিতৰত ৰায়বাহাদুৰ শ্ৰীযুত ৰাধাকান্ত সন্দিকৈ, পণ্ডিত হেমচন্দ্ৰ গোস্বামী, ৰায়বাহাদুৰ ফণিধৰ চলিহা ডাঙ্গৰীয়া, ৬ মিঃ গঙ্গাগোবিন্দ ফুকন এইসকলৰ নাম লবলগীয়া। ইত্যাদি কাৰণত অভিভাষণখন যুগুত কৰি পঠোৱাত বৰ পলম হল, কথমপি মূৰামুৰি সময়তহে কাউন্সিল অফিচ পালেগৈ। যি আশা কৰিছিলনা, সি কাৰ্যত ফলিয়ালে—মোৰ অভিভাষণখন “ডবল দীঘল” হোৱাৰ কাৰণে তাক চেপি চমু কৰিবলৈ বুলি প্ৰেচিডেন্ট চীফ কমিচনাৰৰ অনুজ্ঞা অনুসৰি কাউন্সিল সম্পাদকে মোলৈ ওলোটাই পঠিয়ালে। মই বৰ বিপাঙত পৰিলো। চেপি চমু কৰা মানে নতুনকৈ লিখা। ঘৰূপত নতুনকৈ লিখাতকৈয়ো চমু চপোৱাটা অধিক টান যেন বোধ হল; বিশেষকৈ হাতত থকা বাকী তিনি দিনৰ ভিতৰত। আৰু সেই তিনি দিনৰ মূৰত স্বয়ং শিলং পাবগৈয়ে লাগিব। গতিকে ওলট-পালটকৈ চমু চপোৱাৰ জালত হাত নিদি আগেয়ে যুগুত কৰি লোৱা অভিভাষণকে হাতত লৈ চীফ কমিচনাৰ বাহাদুৰৰ কাষ চাপিলোগৈ। চাৰ আৰ্চলে আল বাহাদুৰে পোনেই মোৰ মুখলৈ চাই মিচিকিয়া হাঁহি এটি মাৰি মোক সুধিলে, “কি কৰে এতিয়া? আপোনাৰ অভিভাষণ চমু পাই নিয়মীয়া কৰা হল জাননা?”