সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোৰ সেঁৱৰণী পত্ৰ পোৱাত চীফ কমিচনাৰ বাহাদুৰৰ প্ৰাইভেট চেক্ৰেটৰী চাহাৰে এখন জেমী-অফিচিয়েল পত্ৰেৰে মোক জানিবলৈ দিয়ে যে, কাউন্সিলত আহোম প্ৰতিনিধি মেষৰ নিযুক্ত কৰাৰ বিষয় চীফ কমিচনাৰ চাহাবৰ বিশেষ বিবেচনাত আছে। ফলাফল সোনকালে ওলাব; ইতিমধ্যত মই সম থকা উচিত কিয়নো কাউন্সিল উদ্বোধন সভা বহাৰ দিন নিচেই চমু চাপিলহি।