সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোৰ সেৱৰণী দিলো। বুৰঞ্জীৰ বিষয়ে উনুকিয়াওঁতেই চীফ বাহাদুৰৰ তাৰ প্ৰতি প্ৰৱল অনুৰাগ দেখি অন্য বিষয়তকৈ এই বিষয়ে বহলাই কবলৈ উৎসাহ পালো-আৰু সেই প্ৰসঙ্গতে বৃটিচৰ পূৰ্ববৰ্তী আহোমৰা আৰু আহোম বুৰঞ্জী পুথি বিষয়ক আভাস দিবলৈকো সুচল পালো। তথ্য- পিপাসু বিধান পুৰুষ চাৰ আচঁছেলে মোৰপৰা আহোম পুথিৰ সম্বন্ধে সঙ্কেত মাথোন পাই তাৰ নমুনা চাবলৈ আগ্ৰহ প্ৰকাশ কৰিলে। মই বৰ ৰং মনেৰে তেখেতক সঙ্কেত দিলো যে তাৰ নিমিত্তে তেখেত হাবাথুৰি খাব নালাগিব, আহোম পুথি আৰু অন্যান্য পুৰণি তথ্য সংগ্ৰহৰ চৰকাৰী ভঁৰাল সেই গুৱাহাটীতে প্ৰতিষ্ঠিত আছে। আজৰি বতৰত তেখেতে ইচ্ছা কৰিলেই সেই পুথি তথ্য সংগ্ৰহাদি চকুৰে চাই পৰিতৃপ্ত হবলৈ পাব। নাচতে এই সঙ্কেত দি থলে যে পিচদিনা অফিচিয়েল সাক্ষাতৰ সময়ত সেই পুথিভঁৰালৰ ভঁৰালী মিঃ হেমচন্দ্ৰ গোস্বামী ই. এ. চি.ৰপৰা সেই বিষয়ে বিস্তাৰিতকৈ জানিবলৈ পাব। মোৰ কথা তনি লাহেকৈ তেখেতে মিঃ হেমচন্দ্ৰ গোস্বামীৰ নামটি টুকি ৰাখিলে। ইমানলৈকে বায়চাহাব ভবানীচৰণ ভট্টাচাৰ্য ডালৰীয়াই শ্ৰোতাস্বৰূপেই আমাৰ ভিতৰত আলাপৰ ভাগ লৈ আছিল। এইখিনিতে তেখেতে মোৰ ফালে চাই চীফ বাহাদুৰক সঙ্কেত দি থলে যে মধ্যে এজন অসম বুৰঞ্জী লেখক আৰু ভালেমান অসমীয়া পুথিৰ গ্ৰন্থকাৰ, আৰু সেইবাবে চৰকাৰ বাহাদুৰে মোক সাহিত্যিক পেন্সন দিছে, আৰু মই নিজে এজন আহোম ইত্যাদি। ভট্টাচাৰ্য ডালৰীয়াৰ মুখে এই কথা শুনি স্বভাৱতে আৰ্ল চাহাব বাহাদুৰে মোৰ প্ৰতি বিশেষ সদয়ভাৱে চোৱা যেন লক্ষ্য কৰিলেহঁক। সেই আলমতে সাক্ষাতৰ সামৰণিত তেখেতে এই বুলি সঙ্কেত দি থলে, “ওচৰ ভবিষ্যতত আমাৰ মাজত সম্ভবতঃ ওচৰ সম্পৰ্ক ঘটিবও পাৰে। পিচদিনা বিশেষ বন্দবস্তত হেমচন্দ্ৰ গোস্বামীদেৱক দীঘলীয়াকৈ বিশেষ সাক্ষাৎ দিয়া হয়। সেই ছেগতে গোৰ্সইদেৱে খনচেৰেক বুৰঞ্জী আৰু বিবিধ বিষয়ক অসমীয়া পুৰণি পুথি নি চীফ কমিচনাৰ বাহাদুৰক দেখুৱাই তাৰ বিবৃতি ব্যাখ্যা কৰিলেগৈ। চাৰ আচঁডেল আল সেই পুথি দৰ্শন আৰু ব্যাখ্যাত বাস্তৱতে বিমোহিত হৈছিল; বিশেষকৈ হস্তীবিদ্যা পুথিখন পাত পাতকৈ চাই মুগ্ধ হৈ তেখেতে এই বুলি মন্তব্য প্ৰকাশ কৰিছিল, “সমস্ত ইউৰোপত এনেখন অতত্যাত্তম আৰু লাগতিয়াল গ্ৰন্থ বা পুথি ওলোৱাটো সন্দেহৰ স্থল।” তাৰ পাচত গুৱাহাটীত দেখা-সাক্ষাতেৰে খাচ অসমৰ প্ৰতিনিধিসকলৰ লগত চিনাকি হৈ লৈ, নতুন চীফ কমিচনাৰ বাহাদুৰ ব্ৰহ্মকুণ্ডত উঠি ধুবুৰীৰ ফালে ভটিয়াই গলগৈ; আমিও সেইদিনাই ভাজাহাজত উঠি ঘৰমুৱাকৈ উজাই তেজপুৰলৈ উলটি আহিলোইক। নতুন চীফ কমিচনাৰ বাহাদুৰে তাৰ পাচত চিলেট আৰু শিলচৰত দুটা ভুমুকি মাৰি চুমা উপত্যকাৰ গণ্যমান্ত লোকসকলৰ লগত চিনাকি হৈ অসম প্ৰদেশৰ সেই বিভাগৰৰ আওভাও বুজি আহি ছমাহমান আগন্তক শাসন পৰ্যালোচনা কৰিলেহি। তাৰ পাচত অসমৰ নতুন কাউন্সিল গঠন বিষয়ক কাৰ্য আৰম্ভ কৰা হল। এই পোনপ্ৰথম অসম কাউন্সিল ১ জন অফিচিয়েল বা বিষয়ববীয়া, পাঁচজন নমিনেটেড নন-অফিচিয়েল আৰু এঘাৰজন ইলেকটেড নন-ফিচিয়েল সদৰে সৈতে পশিচজন অনাবেল মেঘৰৰ ৰাই গঠিত হবলৈ স্থি হয়।