১১৩ মোত্ৰিংশ সৰ্গ ভেদ বাতিৰ জৰিয়তে মোৰ পৰম পুজনীয় পিতৃদেউতা ঘিণাৰাম গোহাঞিবৰুৱা ছাৰীয়াই ৩ বছৰ বয়সত, প্ৰিয়তমা বৃন্ধ ভাৰ্বা, পুত্ৰ-পৰিয়াল, জী-জোৱাই নাতি-পুতি, আত্মীয়-কুটুম, বন্ধু-বান্ধৱক শোফাকুলকৈ এৰি সজ্ঞানে তনু ত্যাগ কৰি অগী হ’ল। সেই কালৰ পেলনীয়া মুনচিপ ভূতপুৰ্ব কাউন্সিল মেম্বৰ অনাবেল ফণিধৰ চলিহা ৰায়বাহাদুৰৰ লিখা মতে মৰণ কালত মোৰ পিতৃদেউতা উত্তৰ লক্ষীমপুৰত আটাইতকৈ যুদ্ধ, আটাইতকৈ চহকী, আটাইতকৈ মানী আৰু মৰমিয়াল পুৰুষ আছিল। তেখেতৰ বিয়োত উত্তৰ লক্ষীমপুৰৰ সদৌ সম্প্ৰদায়ৰে জাতি-কুল নিৰ্বিশেষে উমৈহতীয়া সমাজৰ ঘাইধৰণী ভগাৰ নিচিনা হল। লক্ষীমপুৰীয়া ৰাইজ জয় পৰিল। তমুত্যাগৰ পাচত ৭/৮ ঘণ্টামান দেউতাৰ পদূলিত বাজ-চ’ৰা, ভিতৰ-চ’ৰা, বুলনি, চোতাল জুৰি টোলৰ ভিতৰত হাকিম, আমোলা, নগৰীয়া, গাঁৱলীয়া, মতা-তিৰোতা মানুহৰ মাজেদি বিৰদি বাট পাবলৈ নোহোৱা হৈছিল। অগ্নিসংস্কাৰৰ অৰ্থে শৱ সমাধিলৈ নিওঁতে ভালেমান ভক্ত, গুণগ্ৰাহী লোকৰ মাজত শৱশষ্যা একান লৈ হেঁপাহ পলুৱালৈ কঢ়া-আজোৰা লাগিছিল। পিচে উপস্থিত মুখিয়াল ভদ্ৰলোকৰ বিচাৰ আৰু দিহামতে আঁঠজন জ্ঞাতিক পোন প্ৰথমে কানত লবলৈ দি তাৰ পাচত প্ৰতি নলৰ অন্তৰে নতুন নতুন ৮ জনকৈ কান সলনি দিয়াৰ নিয়ম ধৰি শৱ সমাধিলৈ নিয়া হৈছিল; যিবিলাকে শৱশয্যা ছুব নোৱাৰিছিল সিবিলাকে চিতাত লগাবলৈ একোডোখৰ খৰি যোগান দি মন পতিয়াইছিল। সেইদিনাই আবেলি মোৰ পৰম আৰাধ্য পিতৃদেৱতা স্বৰ্গী হোৱা বিজুলী বাতৰি পাই মই মৰ্মাহত হৈ পৰিলো। হঠাৎ ছত্ৰভঙ্গ হোৱাৰ দৰে ঢাকনি গুচোৱা বেঙেনা পুলিৰ নিচিনা উদংমূৰীয়া হৈ, তলত টুকি দিয়া কবিতাটিৰে বিনাই অন্তৰৰ উতলা তাপ শাম কটাবলৈ ধৰিলো : দেউতা ইজনমত বুলিছিলো যাক অদ্বিতীয় সম্বোধন মোৰ, জনমত যাতপৰ নাই গুৰুজন পাবলৈ ভক্তি উচ্চতৰ; যিজনে জনম লভি দিলে জন্মদান, ৰক্তমাংস, অস্থি মোৰ হই; যিজনৰ প্ৰসাদত জীৱন অমিয়া পান কৰি হলো এটা মই অপত্য চেনেহে যাৰ আলসুৱা কৰি তুলিলে ই জীৱগছ মোৰ ৰক্ষক গছৰ ঘৰে ৰ'দ তাপ ঢাকি টনকীয়া কৰিলে ই গোৰ। 30
পৃষ্ঠা:Mor Sowarani.djvu/২০৯
অৱয়ব