সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/২০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বাত্ৰিংশ সৰ্গ ১৯১ ‘মছাম বুৰী হিন্দু বুৰঞ্জী লিখিবলৈ মনস্থ কৰাৰ লগে লগেই ‘মছলমান বুৰঞ্জী আৰু ‘বৃটিছ বুৰী' এই দুছোৱাও লিখি ‘ভাৰত বুৰঞ্জী’ এখন তিনি ছোৱাকৈ উলিওৱাৰ সঙ্কল্প আছিল; পিচে হিন্দু- বুৰঞ্জী প্ৰকাশ হোৱাৰ পাচত সি আশানুৰূপকৈ প্ৰচাৰিত হবলৈ নোপোৱাত, ই দুছোৱালৈ ৰাপ শাম কাটি পৰিল। তথাপি বছৰদিয়ে এই বিষয়লৈ অলপ আওকণীয়া হৈ থকাৰ পাচত প্ৰথম ছোৱা যুগুত কৰাৰ লগে লগেই সংগ্ৰহ কৰি যোৱা যৎকিঞ্চিৎ সমলৰ বলেৰেই মছলমান বুৰঞ্জী খনো লেখিবলৈ ধৰিলে। ইয়াৰ আঁতিগুৰি ছোৱাৰ সমন্স আগধৰি অচিতে সংগৃহীত হৈ থকাৰ হেতুকে মাজ আৰু শেহছোৱা সামৰোতে এফেৰি উজু পালোঁ। পিচে লেখি শেষ কৰাতেই শেহ বুলিহে ধৰিবলগীয়া, কিয়নো আজি পৰিমিত সি পোহৰলৈ ওলাব পৰা নাই। আনকি পুথি বছা মেললৈকো (Text Book Commitee) পঠাব পৰা নাই। কাৰণ আজি- কালি বাছনিলৈ পঠিওৱাৰ পুৰ্বতে পুথি ছপা কৰাই উলিয়াব লাগে; মেলুৱৈৰ মৰ্জি হল যদি ভালেই, নহলে ছপা খৰচাটিও অবাবত ব্যয় হোৱাৰ নিচিনা হয়। অৱশ্যে কোনো কোনো লেখা বা গ্ৰন্থকাৰৰ ভাগ্য মেলুৱৈ মেলৰ সম্পাদকৰ কৃপাত প্ৰসন্ন হোৱাৰ পটন্তৰৰো অভাৱ নাই। অৰ্থাৎ কোনো কোনোৰ কিতাপ ছপা নোহোৱাকৈ হাতে লিখা অৱস্থাতে গৈ মেলুৱৈৰ মঞ্জুৰী লাভ কৰি আহে। আমাৰ ভাগ্য কিন্তু কাচিত তেনে অনুগ্ৰহৰ পোহৰত প্ৰসন্ন হোৱা নাই। যি হওক, ‘মছলমান বুৰঞ্জী' সেই হাতে লিখা অৱস্থাতে কাষলতিৰ তলত লৈ ভাৰত বুৰঞ্জীৰ শেহছোৱা ‘বৃটিছ বুৰঞ্জী খনো লিখি উলিয়াই তিনিওছোৱা একেলগে ছপাই সমানে এহিছা--একেখনীয়াকৈ আৰু ইহিছা তিনিছোৱ। সুকীয়া সুকীয়াকৈ বন্ধাই দুয়োবিধ যথা সময়ত অসম উপত্যকাৰ পুথিবছা মেললৈ পঠিয়াবলৈ মনস্থ কৰা হৈছে। কিন্তু জীৱন সন্ধিয়াত তালৈ সময়ে আটেগৈ নে নাটে কব নোৱাৰিছো এথোন, কিয়নো এই জীৱনৰ সংকল্পিত কাৰ্য সমাধা কৰিবলৈ আৰু কেইবাবিধৰৰ কেইবাটাও বাকীৰ ঘৰত পৰি ভেঁকুৰিব লাগিছে। ‘মানৰ দিন’ এইখন খণ্ডকাব্য আঁচি থোৱা আজি ভালেমান দিন হল। মোৰ স্বভাৱগত দোষত ই সংকল্পৰ সীমা চেৰাই গৈ তাহানিয়েই বিজ্ঞাপনৰ বুকুত সোমাইছিল। পিচে যি কালত এই কাব্য ৰচনাৰ উৰনীয়া ভাববোৰে মোৰ অন্তৰৰপৰা ওলাবলৈ উটপুটাকৈ সন্ধি বিচাৰি খলকনি লগাইছিল, সেই কালত পঢ়াশলীয়া পুথি ৰচনা কৰাৰ প্ৰয়োজনেও বাহিৰৰপৰা মোক বেৰি ধৰিলে। আৰ্থিক অভাবী মোৰ ওপৰত বাহিৰৰ প্ৰয়োজনৰ প্ৰভূত্ব প্ৰৱল হৈ উঠাত, ভিতৰৰ সেই খলখলাই থকা ভাৱে ওলাবলৈ আৰু বাট নাপালে। ফলত কেইসৰ্গমানৰ ৰচনা হৈ উঠোতেই “মানৰ দিনক পিচ পেলাই থৈ কেখনমান বৰ্তমান চলি থকা পঢ়াশলীয়া পাঠ্য- পুথি আগ বাঢ়িল। সেই যে পিচ পৰিল, পৰিলেই, তাৰপৰা আগবঢ়াবলৈ ছেগবুজি কেইবাটাও চিপ মাৰিও আগুৱাৰ পৰা নাই এখোন। মন পভিয়াবলৈ মাজে-সময়ে ‘আনৰ দিন’ মেলি চাওঁ, কিন্তু আগেয়ে ৰচিত হোৱ তাৰ সেই সৰ্গকেইটা মোৰেই ৰচনা বুলিবলৈ সন্দেহ হয়।