সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/২০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোৰ সোৱণী আমনি লাগিল, দৰ্শকসকলকো সি আমুৱাবলৈ ধৰা গম পোৱা হল; অৰ্থাৎ সেই একে কেইখন নাটৰ ভাও দেখি দেখি সিবিলাকৰপৰা আগৰ দৰে হাঁহি-কিৰিলি-চাপৰি মুঠা হ'ল। অগত্যা কিবা এটা কৰি সেই শাম কাটিবলৈ ধৰা উলাহ পুনঃ উতলাবৰ অৰ্থে ভাৱৰীয়া- বৰ্গে মোৰু সঘনে পেৰিবলৈ ধৰিলে। সেই সময়ত সিবিলাকৰ ইচ্ছাই মোৰ ওপৰত বৰকৈ প্ৰভূত্ব চলাব পাৰিছিল। কিয়নো তেতিয়া চেক্ৰেটৰীৰ বিষয়ববীয়া কৰ্তব্যৰ সি এটা প্ৰধান কৰ্তব্যৰ লেখত পৰিছিল। গতিকে ময় সেই ‘কিবা এটাৰ আঁচনিত ধৰিবলৈ সাজু হব লগাত পৰিলে। এনেতে এদিন আমাৰ চুবুৰীয় হেডমাষ্টৰ (শ্ৰীযুত ৰামেশ্বৰ বৰুৱা, শ্ৰীযুত দেবেশৰ চলিহা, শ্ৰীযুত চম্পকধৰ বৰুৱা প্ৰভৃতি) সকলৰ বহাত সন্ধিয়া বৈঠকত হালাপ উপভোগ কৰি থাকোতে আমাৰ মাজৰে এজনে “গোপাল ভাড” সাধু কৈ আমাক হঁহুৱাই ‘বাহবা লবলৈ ধৰিলে। শুনি তৃপ্তি পালে। ঘৰলৈ আহিও সুমৰি মৰি সেই তৃপ্তি অকলে অকলে উপভোগ কৰি আছোঁ, এনেতে এটা ভাবে ভিতৰি মোৰ মনক ঘোকোটা মাৰি সঙ্কেত দি সুধিলে, আমাৰ তেনেকুৱা ৰহস্যলগা ৰসাল সাধু নাইনে? মোৰ মনে অলপ পৰ টাকা মাৰি ৰৈ গিৰিসাই মাতি উঠিল—আছে, আছে, আছে, আমাৰ টেটোন তামুলি সাধুত “গোপাল ভাড়”তকৈ চৰা হলেও ৰহস্য কম নহব। ততালিকে মোৰ সঙ্কল্পিত ‘কিবা এটালৈ মনত পৰিল, মই অনতিপলমে হাতত কাপ লৈ বহিলো। সেই ৰাতিয়েই “টেটোন তামুলি” নাটৰ আঁচনি এখন যুগুত কৰি থৈ পিচদিনা সন্ধিয়া আমাৰ ভাৱৰীয়া- বৰ্গৰ আগত মোৰ সঙ্কল্পৰ কথা বিবৰি কলোগৈ। শুনি সকলোটিয়ে আনন্দত কিৰিলি মাৰি উঠিল মোৰ মুখত কিন্তু হাঁহি মুফুটিল, ভয় ভাবত মুখ ওলমিহে পৰিল। ইতিপুৰ্বতে কোনোবা ছেগত সুমৰি অহা হৈছে যে মনৰ সঙ্কল্প বাজ কৰি আপোনা-আপুনি আগধৰি বাজ খাই লোৱাটো মোৰ স্বভাৱগত দোষ। এতেকে অৰ্জিত দোষৰ ফল ভুঞ্জিবলৈ অযাচিতে সষ্টম হব লগাত পৰিলে। কিয়নো “চাপৰিলে মেঘ নেয়।” যি হওক, আই সৰস্বতীৰ কপাত বানষ্টেজত মাহদিয়েকৰ মূৰত মোৰ সঙ্কল্প কাৰ্যত ফলিয়াই উঠিল,-“টেটোন তামুলি” ধেমেলীয়া নাটৰ ভাও চাই দৰ্শকমণ্ডলীয়ে হাঁহি-কিৰিলি-চাপৰিৰে প্ৰশংসা কৰা দেখি মই মনে মনে বিমল সুখ অনুভৱ কৰিলে। তাৰ পাচত নাটখনত স্টেজগত কিছুমান দোষাদোষ আৰু আৰ্দোৰাহ ওচাই তাৰ প্ৰথম তাঙৰণ পাই উলিওৱা হল। “টেটোন তামুলিয়ে বাস্তৱতে মোক আশাতীত ফল দিলে; বছেৰেক পূৰ নৌহওঁতেই প্ৰথম তাহৰণৰ পুথি সমুদায় বেচা হৈ যোত দ্বিতীয় বছৰতে তাৰ দ্বিতীয় তাঙৰণতে তাৰ দুগুণসংখ্যক কিতাপ ছপাবলগীয়া হল। সেই দ্বিতীয় তাৰণৰ পুথিও বছৰ চেৰেকৰ ভিতৰতে অন্ত পৰিল। এতিয়া হাতত তৃতীয় তাৰণৰ কাৰণে ‘প্ৰেছ কপি’ এখনহে আছেগৈ। সুমৰিবলৈ পাহৰিছে বাৰ “কানীয়া কীৰ্তন” আৰু “বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰি ৰহস্যৰ পুথিয়ে জয় জয়তে ছাতৰ-শলীয়া জীৱনত মোৰ অন্তৰত ধেমেলীয়া নাটৰ বীজ সঞ্চাৰ কৰিছিল, সেই প্ৰাতঃস্মৰণয় ওজাদেৱ হেমচন্দ্ৰ বৰুৱা ভাগৰীয়াৰ পৱিত্ৰ নামত মোৰ “টেটোন তামুলি” উৰ্গা কৰা হয়।