সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

একত্ৰিংশ গৰ্গ ১৮ এত ৰাধানাথ ফুকনদেৱৰ জৰীয়তে পাই মই শোক বিহ্বল হৈ পৰিলে; অবশ হাতৰ কাপ অতৰ্কিতে সৰি পৰিল। তাৰ পাচত সঙ্গীত অধ্যাপক লক্ষ্মীৰাম বৰুৱাদেৱৰ সুৰ- বানীৰে এটি শোক-পত ৰচনা কৰি পিচদিনা হাইস্কুল টোলত এখন শোকসভা সেই গতেৰেই আৰম্ভ কৰালে। মোৰ বক্তৃতাত মই কি কলো মনত নপৰে। কিন্তু দুখাৰি চকুলো টুকি বক্তৃতা দিয়া মোৰ জীৱনত সেয়ে প্ৰথম। গতটি এই পুৰবী-আড়া বাজে কত আজি বীণা ৰিণিকি ৰিণিকি সুৰে সংসাৰ সিপাৰে কোনে জিলিকি জিলিকি উৰে। পৰিছে ইপাৰে জয়, শোকত সন্তোষ লয় মৃত্যুমুখে যশত ধিমিকি ধিমিকি ঘুৰে। অসম আকাশে আজি বিচ্ছেদ ডাৱৰে ঢাকি বি. এ. জগন্নাথ বিনে বিনাইছে চকুলোৰে। লক্ষ্মী সৰস্বতী আই, একেলগে এৰি যায়, অকালে এৰিলে দেখি জগন্নাথ বাহাদুৰে। সেই যে থমক খাই ৰবলগীয়া হলো তাৰপৰা তিনিমাহমানলৈ হাতৰ শুভকাৰ্য হাততে জঠৰ হৈ ব’ল। তাৰ পাচত বন্ধুজনৰ উদগণিত কৰ্তব্য সমৰি ‘উষা’ প্ৰকাশৰ কাৰ্য আৰম্ভ কৰি দিলো। ইতঃপূৰ্বৰ প্ৰতিশ্ৰুতিমতে শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, সত্যনাথ বৰা, শ্ৰীযুত সোণাৰাম চৌধুৰী ইবিলাকৰ প্ৰবন্ধাদি সমলেৰে উষাই জুৰ পোহৰ দিবলৈ ধৰিলে। সেই পোহৰে ডাৱৰৰ ভেটা ভাজি দিয়াত অসমীয়া লব্ধপ্ৰতিষ্ঠ সাহিত্যিক আৰু নতুন লেখকসকলে পৰম উৎসাহেৰে অসমীয়া সাহিত্যক্ষেত্ৰত নিজ নিজ প্ৰতিভাৰ প্ৰভা প্ৰকাশ কৰিবলৈ এটি উত্তম ছেগ লাভ কৰি আগুৱাবলৈ ধৰিলে। এই ছেগতে “কৃপাবৰ বৰবৰুৱাৰ ওভতনিয়ে উজাই অসমীয়া সাহিত্যিক ৰহস্যৰ পাৰ ভাঙ্গি ববলৈ ধৰিলে। হেমচন্দ্ৰ গোস্বামীৰ “শৰাইঘাটৰ ৰণ প্ৰমুখ্যে বিচক্ষণীয়া প্ৰত্নতত্বমূলক প্ৰবন্ধাদিৰ জোনাকে অসমীয়া সাহিত্যক্ষেত্ৰত পোহৰ দিবলৈ ধৰিলে। সত্যনাথ বৰাৰ সুচিন্তিত ৰচনাদিয়ে অসমীয়া সাহিত্য ৰথত সাৰথিৰ গুণ দিবলৈ ধৰিলে, শ্ৰীমান সূৰ্যকুমাৰ ভূঞা, শ্ৰীমান অধিকানাথ বৰা, মান পদ্মধৰ চলিহা, শ্ৰীমান দীনাব কলিতা, শ্ৰীমান জ্ঞাননাথ বৰা প্ৰভৃতি নবীন লিখাৰুসকলৰ প্ৰফুল্প সাহিত্যিক প্ৰতিভা বিকশিত হবলৈ ধৰিলে। দেখি মোৰ ক্ষুদ্ৰ হিয়াত আনন্দ নধৰা হল। প্ৰবন্ধাদিত বাজেও ৰাইজৰপৰা সৰ্বপ্ৰকাৰ সহায় সহানুভূতি পাই নিৰ্বিঘ্নে আৰু নিৰ্বিবাদে ‘উষা'ই একাদিক্ৰমে চাৰিবছৰকাল অসম আকাশৰ পৰা জুৰ পোহৰ বিলাই পঞ্চম বছৰত সোমাইছেহি। এনেতে এটা অভাৱনীয় বিপদে ‘উষাৰ সম্পাদক আৰু ঘাই লেখক এজনক মেৰাই ধৰিলে। সেই সময়ত বঙ্গীয় ক্ষণৰী ৰাষ্ট্ৰবিপ্লৱৰ ফলস্বৰূপ বলা আৰু অসমীয়া কাতবিলাকে লেকাম পিন্ধি আগুৱাব লগাত পৰিছিল। পিচে আমাৰ কৃপাবৰৰ উলাহত