সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/২০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

একত্ৰিংশ সৰ্গ • “উ’ প্ৰচাৰ সাহিত্যিক পেন্দন প্ৰাপ্তিৰ পাচত চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰি উঠি মুকলিমূৰীয়াকৈ আৰু একাণপতীয়াকৈ সাহিত্য চৰ্চাত মনপাৰি লাগি গলো। তাৰ লগতে বন্তি’ৰ অৱস্থাও টনকীয়াল হৈ উঠাত মোৰ মন দুগুণে উলাহিত হল। মোৰ নিজা সাহিত্য চৰ্চাৰ লগে লগে সমনীয়া আৰু উঠি অহা সাহিত্যিক সকলৰৰ যাতে একে উদ্দেশ্যে ধাউতি ক্ৰমাৎ অযাচিতে আগবঢ়াব পাৰি সেই বিষয়ক চিন্তাই মোৰ মনত ছেগ বুজি খেলিবলৈ ধৰিলে। দেখিলো সেই সময়ত সিবিলাকৰ সেই চৰ্চালৈ কাৰ্যক্ষেত্ৰ নোহোৱা হৈ পৰাত প্ৰবীণ লেখকৰ কাপত মামৰে ধৰিছে আৰু নবীনসকলৰ কাপে ঠমক খাই ৰৈছে; কিয়নো আগৰ আলোচনী কাকত এখনো নোহোৱাত পৰিল,-“জোনাকী'ৰ দ্বিতীয় খণ্ড গুৱাহাটীৰপৰা ওলাই আকৌ অকালতে মাৰ গ'ল। ভাবি চালো এনে সময়ত এখন অসমীয়া আলোচনী কাকতৰ নিতান্ত প্ৰয়োজন। এই চিন্তালোচনা লৈ মই একেৰাহে মাহচৰেক কটালো। তাৰ পাচত এদিন সেই চিন্তালোচনাৰ গুপুত কথা প্ৰকাশ্যে মোৰ প্ৰিয়তম সাহিত্যিক বন্ধু হেমচন্দ্ৰ গোস্বামী- দেৱৰ আগত ব্যক্ত কৰি তেওঁৰে সৈতে সেই বিষয়ে পৰামৰ্শ কৰিলে। মোৰ প্ৰস্তাৱ মুখৰপৰা ওলোৱা মাত্ৰে গোঁসাইদেৱে পৰম উলাহেৰে তাক এই বুলি সাবটি ধৰিলে, “এই দুৰ্দিনত আপুনি যদি এখন অসমীয়া আলোচনী কাকত উলিয়াবলৈ আগবাঢ়ে তেন্তে আপুনি মোৰপৰা সৰ্ব প্ৰকাৰে যথাসম্ভব সহায় আৰু সহানুভূতি পাব।” গোৰ্মইদেৱৰ সেই প্ৰতিশ্ৰুতিৰ উলাহত ময়ে উলাহিত হলে, আৰু মনতে স্থিৰ কৰিলে যে আলোচনী এখন নিতান্তই উলিয়াম। কিন্তু লগতে এই আশঙ্কায়ো মনৰ গতিত ভেটা মাৰি ধৰিলে, জানোবা তাৰ বাবে যত্ন চেষ্টা আৰু মনোযোগ দিওঁতে ইফালে হাতৰ বন্তি’ নিস্তেজ হৈ পৰে। সেই আশঙ্কাও ভাজি আলোচনা কৰাত গোসাইদেৱ আৰু মোৰ আন্তৰিক প্ৰেৰণাপ্ৰসূত যুটীয়া যুক্তিতয়ে তাক পানীকৃত কৰি উৰুৱাই পঠিয়ালে। তাৰ পাচত মোৰ অন্যতম সাহিত্যিক বন্ধুবৰ শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱা, সত্যনাথ বৰা প্ৰমুখ্যে জন দিয়ে প্ৰবীণ সাহিত্যিকৰ লগত পৰামৰ্শ কৰি সিবিলাকৰ সমৰ্থনৰ বল পাই সংকল্পিত আলোচনীখন অনতিপলমে প্ৰচাৰ কৰা সঙ্কল্প ৰাষ্ট্ৰ কৰি দি নিজকে নিজে বান্ধ খুৱাই ললো। কিন্তু মোৰ জীৱনত আদিৰেপৰা শুভ সংকল্পাদিৰ আগত সততে আপদ-বিপদৰ ডেওনা-জপনা অচিতে আহি থিয় হয়। এই সংকল্পভো সেয়ে ঘটিল। সংকৰিত আলোচনীৰ নাম ‘উষা’ থৈ তাৰ পোনপ্ৰথম সংখ্যা কাকত উলিয়াবলৈ সমল সংগ্ৰহ কৰি লৈছোঁ, এনেতে এটা বুকুভা বিয়োগৰ বিষম বাতৰি আহি মোৰ মনৰ উলাহ কেনিবাদি পঠিয়ালে-হঠাৎ সংবাদ পালো, মোৰ সাংসাৰিক উপদেষ্টা পৰম হিতাকাজী বন্ধু বি. এ. জগন্নাথ (ৰায়জগন্নাথ বৰুৱা বাহাদুৰ) কলিকতাত গা চোৱাবলৈ গৈ তাতে গী হল। এই বস্তু বাতৰি আবেলিপৰত বন্তি অফিচত কামত মা থাকোতে