১০ মোৰ সোৱণী নাই। মোৰ বুজন বয়সত, মোৰ গভীৰ ভক্তি-মেহৰ পাত্ৰ মোহনচন্দ্ৰ গোহাঞিবৰুৱা বককাইদেৱৰ অকাল মৃত্যুৱে পোন প্ৰথমে মোৰ প্ৰাণত সন্তাপ লগায়। তাৰ তাপে মোৰ অন্তৰ তৰপে তৰপে ভেদিছিল, আৰ ঘৰ-ঘৰোহকে শোকাকুল কৰিছিল। প্ৰথম সন্তান বৰপুৰ ভৰ ডেকা কালত অকাল বিয়োগ হোৱাত মোৰ পিতৃদেৱতা শোত বিয়াকুল হৈছিল। ডিব্ৰুগড়ত কোৰ্ট চকাৰী চাকৰি কৰি থাকোতে, ৩৫ বছৰীয়া বয়সত হঠাৎ মাউৰত পৰি বৰককাইদেৰ আচানত ঢুকাল, ঘৰৰ আমি কেৱে দেখিবলৈ নাপালো। ইফুলত শিক্ষা শিবসাগৰত মই এট। বিষম সমস্যাত পৰিলোগৈ। কিয়নো হাইস্কুলত পঢ়িবলৈ নিচেই তলৰ শ্ৰেণীৰপৰা আৰম্ভ কৰিলে ওপৰলৈ ভালেমান শ্ৰেণী বগাবলৈ থাকে, অথচ মোৰ বয়স তেতিয়া তেনেই কুমলীয়া নহয়, বজলা স্কুলতে মোৰ বিস্তৰ সময় যায় , তেতিয়াই মই চৈধ্য বছৰীয়া; মাজৰ এটা শ্ৰেণীৰপৰা ধৰিবলৈকো ইংৰাজী সাহিত্যত মোৰ সমূলি ব্যুৎপত্তি নাই, মাথোন কথমপি কেঁকাই-গেথাই আখৰ ভেঁটাই পঢ়িব পাৰে। আনহাতে, গণিত, ভূগোল, ইতিহাস, পৰিমিতি, জ্যামিতি আৰু বগলা সাহিত্য এইবোব বিষয়ক শিক্ষাত মই তেতিয়া হাইস্কুলৰ ১ম শ্ৰেণীৰ ছাতৰৰ সমনীয়া , ইৰাজী সাহিত্যত এফেৰি অধিকাৰ বহিলেই মই নামনাচকৈ অন্ততঃ ৩য় শ্ৰেণীত তঙিব পাৰে। এনেবোৰ দোষোৰমোৰত পৰি মই এমাহমান এনেয়ে বহি থাকিব লগীয়া হয়। তাৰ পাচত ভিনীহিদেৱৰ সিদ্ধান্ত মতে, মই মাহচাকে ঘৰতে ইংৰাজী সাহিত্য যথাৱতকৈ শিকি লৈ, একেচিপে হাইস্কুলৰ মাজৰ খাপৰ এটা শ্ৰেণীৰ পৰা মোৰ ইংৰাজী শিক্ষা আৰম্ভ কৰাটোৱেই স্থিৰ হয়। সেই অনুযায়ী ছমাহমান ঘৰতে ইংৰাজী সাহিত্যৰ আদি পুথিখনদিয়েক লুটিয়ালো, কিন্তু তাৰপৰা ইংৰাজী বাৰেমতৰাৰ বোধ মাথোন জন্মিল, বৰ্ণবিন্যাস, বাক্যবিন্যাস আৰু ব্যাকৰণ বিষয়ক বিশদ জ্ঞান লাভ নহ'ল। তথাপি ভিনীহিদেৱৰপৰা উৎসাহৰ বল পাই, মৰসাহ দি মই শিৱসাগৰ হাইস্কুলৰ ৩য় শ্ৰেণীত নাম লগাই লৈ একাণপতীয়া মনোযোগেৰে পঢ়িবলৈ ধৰিলো। কিন্তু অনতিপলমে সেই মৰহৰ ফল বিষমকৈ ফলিয়ালে,—ফলিতাৰ্থত সেই শ্ৰেণীত ঠাৱৰিবলৈ মোৰ পক্ষে টান হৈ উঠিল। লগৰীয়া ছাই চাইটা বিষয়ত যি পৰিশ্ৰম কৰে, মই মাথোন একেটা ইংৰাজী সাহিত্য বিষয়তে সিমান এম কৰিও সেই বিষয়টোত সহপাঠীৰ সমানে ৰয নোৱাৰাত পৰিলো। বাৰেমত শিক্ষাৰ কিতাপ (spelling book) ভালকৈ দুলুটিৱাকৈ ইংৰাজী পঢ়িবলৈ শিকাৰ ফলত বৰ্ণাশুদ্ধিৰ দোষতে মই হল যাবলগয়া হলো। তথাপি, আনবোৰ বিষয়ত সম্যক জ্ঞান থকা হেতুকে সততে সাদিনীয়া, মাহেকীয়া, তিনিমহীয়া আৰু ছমহীয়া মহলাবোৰত মুঠৰ ওপৰত ভাল নম্বৰ ধৰি মই ৩, ২য় আৰু ১ম ঠাই অধিকাৰ কৰিছিলো। কিন্তু ইংৰাজী সাহিত্যত সহপাঠীয়ে সততে মোক চেৰ পেলোৱাৰ হেতুকে ভিতৰি ক্ৰমাৎ মোৰ মন ভাগিবলৈ ধৰিলে।
পৃষ্ঠা:Mor Sowarani.djvu/২০
অৱয়ব