ত্ৰিংশ সৰ্গ bre অগ্ৰগণ্য লোসল নিমন্ত্ৰিত হৈছিল, আৰু প্ৰদৰ্শকৰ্গৰ মাজত প্ৰতিযোগিতাৰ গুণাগুণ নিৰ্ণয় কৰিবলৈ কিছুমান উপযুক্ত শোক নিয়োজিত হৈছিল, তাৰ মাজত ‘টাইম অৱ অসম কাকতৰ সম্পাদক ৰাধানাথ চাংকাকতিৰে সৈতে যুটীয়াকৈ অসম বন্তি’ৰ সম্পাদক হিচাপে পুথি-পাঁজি, কাপোৰ-কানি আৰু অসমৰ শিল্পজাত উৎপন্ন বয়-বন্ত আদি পৰীক্ষাৰ বিভাগত মমো নিয়োজিত হৈছিলো। প্ৰদৰ্শনীৰ প্ৰেচিডেন্ট হৈছিল স্বয়ং চাৰ লেঞ্চলট হেয়াৰ আৰু চেক্ৰেটৰী আছিল কৰ্নেল গৰ্ডন। সেই ছেগতে কৰ্ণেল গৰ্ডনৰ দিহামতে মই দুৱলীয়া লাট চাহাবৰ আগত ওপৰত উনুকিয়াই অহা সাহিত্যিক পেন্সনৰ বিষয়ে পুনৰপি উত্থাপন কৰিলো। সেই পৰত কৰ্ণেল গৰ্ডনো উপস্থিত আছিল, আৰু তেওঁ পাৰ্যমানে সমৰ্থন কৰিলে। ফলত সেই বিষয়ে বিশদ ব্যাখ্যা দি গৱৰ্ণমেণ্টলৈ এটা ৰিপৰ্ট কৰিবলৈ কমিচনাৰ কৰ্ণেল গৰ্ডনৰ ওপৰতে ভাৰ পৰিল। সেইক্ষণৰপৰা মোৰ আশাৰ ফল ফলিয়াবলৈ ধৰিলে। তাৰ পাচত, অতি উদ্বিগ্নভাৱে আৰু এমাহ কটালো। তথাপি পেন্সন প্ৰাপ্তিৰ বিষয়ে কোনো সঠিক সম্ভেদ পোৱ। নগল। ইফালে মোৰ শেষ ছুটীৰ কাল উকলিবলৈ মাহ মৰি সপ্তাহত সোমালেহি। উপায়ান্তৰ হৈ মই আকৌ কৰ্ণেল গৰ্ডনৰ কাষ চাপিলোগৈ। তেখেতে দয়া কৰি ততালিকে এখনঅসম গৱৰ্ণমেণ্টৰ চীফ চেক্ৰেটৰীলৈ আৰু এখন শিক্ষা বিভাগৰ ডিৰেক্টৰ চাহাবলৈ ডেমী অফিচিয়েল পত্ৰ লিখিলে; তাত বিশদকৈ বুজাই কোৱা হৈছিল যে, পেন্সন প্ৰাপ্তিৰ আবেদন-পত্ৰৰ ফলাফল বা সমিধান অনতিপলমে নোলালে ইফালে মোৰ নৰিয়া-বিদায় কাল অন্ত পৰি বিষম জঞ্জাল ঘটাব। পিচে ঈশ্বৰৰ ইচ্ছা, কৰ্ণেল গৰ্ডনচাহাবৰ কৃপাত মূৰামুৰি সময়ত এখন সমিধান-পত্ৰ ডিক্টেব চাহাবৰপৰা এইবুলি পোৱা গ’ল যে মোৰ কাৰণে এটা সাহিত্যিক পেন্সন মঞ্জুৰ কৰোৱাৰ অৰ্থে অসম গৱৰ্ণমেন্টে ভাৰত গৱৰ্ণমেণ্টলৈ লিখিছে : এতেকে ইতিমধ্যত মোৰ ছুটীৰ কাল উকলি গলেও বিশেষ জাল ঘটিবৰ আশঙ্কা নাই; কিয়নো আৱশ্যক বুজি ছুটা আকৌ দীঘলাই দিব পৰা যাব। সেই সমিধান পাই মই এফেৰি নিশ্চিন্ত হলো, আৰু এই সকাৰ্যৰ আচল গুৰিয়াল হেমচন্দ্ৰ গোস্বামীদেৱৰ অন্তৰত আনন্দ উপচি পৰিল। তাৰ পাচতত সপ্তাহ বাগৰি মাহত পৰিল, মাহ বাগৰি বছৰত সমাল আৰু বছৰ বাগৰি তিনি মাহ আগবাঢ়িল, তথাপি পেন্সনৰ একো সংবাদ নাহিল। সেই বাবে হতাশ হোৱা নাই যদিও মনৰ উগুল থুগুল ভাৱ ক্ৰমাৎ প্ৰৱল হবলৈ ধৰিলৈ। গোঁসাইদেৱৰ ধাৰণা মতে খাটাং সংবাদ অহাত পলম হৈ তেওঁৰ আশাত গুটি ধৰাৰ সম্ভাৱনা ডাঠ কৰিছিল মাথোন। যি হওক মই ইতিপুৰ্বৰেপৰা দীঘলাই নি নি উপভোগ কৰি থকা নৰিয়া-বিদায় যথা সময়ত পেন্সনৰ হুকুম নহালৈকে দীঘলাই পোৱাত মই ছুটীৰ বিষয়ে ভাবিবলগীয়া নহৈছিল। গতিকে মই মুকলিমূৰীয়া কৈ ‘বন্তি’ চলোৱা কাৰ্যত আৰু সাহিত্যিক চৰ্চাত লাগি গলো। তথাপি পেনৰ বিষয়ে এটা খাটাং সিদ্ধান্ত নোপোৱাৰ হেতুকে মনৰ উদ্বিগ্নতাই অন্তৰত অশান্তি সৃষ্টি কৰি মোক ভিতৰি অসুখীয়া কৰিবলৈ ধৰিলে। এনেতে এদিন শিক্ষা বিভাগৰ ডিৰেক্টৰ চাহাবৰ সেই আশ্বাসৰ পত্ৰ পোৱাৰপৰা এবছৰ তিনি মাহৰ মূৰত ইং,১৯০৯ চনৰ ১১ মাৰ্চ তাৰিখে .
পৃষ্ঠা:Mor Sowarani.djvu/১৯৯
অৱয়ব