সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/১৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত্ৰিংশ সৰ্গ ১৮১ সাহিত্যিক পেল আণ্ডি অসমীয়া ওখ খাপৰ সাহিত্য পুথি সাহিত্য সংগ্ৰহ সঙ্কলন আৰু প্ৰচাৰৰ দ্বাৰাই বলা সাহিত্যক অসমৰ স্কুল-পঢ়াশালিৰপৰা বাৰা দিন ধৰি, মোৰ জাতীয় সাহিত্য সৰ্বতোভাৱে সেই সতিনী সাহিত্যৰ উপৰীয়া কৰিব পৰা নহয়মানে মানে-সম্মানে তাৰ সমনীয়া কৰি জিলিকাই ৰাখিবলৈকে মোৰ প্ৰাণৰ ধাউতি অং ১৮১৫ শক বা ইং ১৮৯৪ চনৰপৰা অবাৰিত ধাৰেৰে বৈ আছিল। আপদে সম্পদৰ গুৰিত সাৰ চপোৱৰ দৰে চাকৰি সমস্যাৰ আহুৰুলীয়া ভাবে মোৰ অন্তৰৰ সেই ধাউতিত অযাচিতে সাৰ-শক্তি দিয়াৰ নিচিনা হল; এদিন প্ৰিয়তম বন্ধু হেমচন্দ্ৰ গোস্বামীদেৱৰে সৈতে বহি মোৰ পেন্সন প্ৰাপ্তিৰ বিষয়ে আলোচনা কৰি থাকোতে আমাৰ মনত হঠাতে খেলালে যে বল সাহিত্যৰ বৃদ্ধিৰ অৰ্থে যদি বঙ্গালী সাহিত্যিকক গৱৰ্ণমেন্টে সাহিত্যিক পেন্সন দান কৰি সেই সাহিত্যৰ যশস্য বঢ়াব পাৰে, তেন্তে সমনীয়া অসমীয়া সাহিত্যনো সেই মান যশস্যাৰপৰা কিয় বঞ্চিত হব? এই কথা মনলৈ অহা মাকে দুইৰে অন্তৰত বিজুলী সঞ্চাৰে এছাটি আশাৰ পোৰ পৰিল; উলাহিত চিতেৰে দুইৰৰ মুখলৈ দুইয়ে চোৱা-চুইকৈ ক্ষন্তেক ঠৰ লাগিলো। তাৰ পিচ মুহূৰ্ততে দুয়ো একে আষাৰে মনোভাৱ প্ৰকাশ কৰিলেহঁক যে পলম কৰাৰ সকাম নাই, “শুভস্য শীঘ্ৰম্” নীতি আচৰণ কৰি সেই উদ্দেশ্যে অনতিপলমে আগবাঢ়িবহে লাগে। সেই সিদ্ধান্ত অনুসৰি সেই বৈঠকতে সেই অৰ্থে গৱৰ্ণমেণ্টলৈ এখন আবেদন-পত্ৰ মহাবিদ কৰিবলৈ ধৰিলেহঁক। গোসাঁইদেৱৰ পানী নসৰকা আলিৰে একাজলি যুক্তি খাপি পাপিকৈ জুকিয়াই লগাই মছাবিদাখন আবেদন-পত্ৰলৈ পৰিণত কৰা হল। তাৰ পাচতে সেইদিনা ৰাতিয়েই তেতিয়াৰ তেজপুৰ চেটেলমেন্ট অফিচৰ দ্বিতীয় কেৰাণী শ্ৰীযুত চন্দ্ৰকান্ত বৰুৱা দেৱৰ হতুৱাই টাইপ কৰাই শোধাব পৰাকৈ যুগুত কৰি লোৱা হল। কবলৈ পাহৰিছে। সেই সময়ত হেমচন্দ্ৰ গোস্বামী ই. এ. চি. তেজপুৰত এচিষ্টেন্ট চেটেলমেন্ট অফিচাৰৰ পদত আছিল। সেই ছেগতে তেজপুৰে তেওঁৰপৰা ভালেমান সাহিত্যিক সম্পদ লাভ কৰে। তেতিয়া মই মিউনিচিপেলিটিৰ ভাইচ চেয়াৰমেন। চেয়াৰমেন একটি কৰিছিল ডেপুটি কমিচনাৰ কৰ্ণেল হেলিদেৰ অনুপস্থিতিত তেতিয়াৰ চেটেলমেন্ট অফিচাৰ মিঃ মেকচুইনিয়ে। বছৰদিয়েকৰ আগতে মাথোন আমাৰ অসম দেশ পূৰ্ববঙ্গৰ লগত সাজোৰ খাই “পুৰ্ববঙ্গ আৰু অসম” নামে নতুনকৈ এখন সুকীয়া প্ৰদেশ গঠিত হৈছিল; এই নতুন প্ৰদেশৰ পোন প্ৰথম লেফটেনেন্ট বা দুৱলীয়া গৱৰ্ণৰ চাৰ বেমফিল্ড ফুলাৰ চাহাবে বাধ্য হৈ অৱসৰ লোৱাত চাৰ লেঞ্চলট হেয়াৰ চাহাব তেওঁৰ গীত বহেহি। এ মাহচৰেকৰ পাচতে ছুটীত যোৱাৰ দক্ষিণ ভাৰতৰপৰা চাৰ চাৰ্লচ বেশী চাহাব বাহাদুৰ একটিং হৈ আহে। এওঁৰ আমোলতে অসমীয়া সাহিত্য বঙ্গলা সাহিত্যৰে সৈতে সমানে শাৰী পুৰাই সাহিত্যিক পেঞ্চন প্ৰাপ্তিৰ সোণাময় ছেগ এটি ধৰে। চাৰ বেলীয়ে পোন প্ৰথমে খিলঙত ৰাজকীয় গণীত বহিয়েই তেজপুৰৰ ফালে চফৰলৈ আহে। সেই যাত্ৰাত তেখেত তেজপুৰত একেৰাহে তিনিদিন থাকেহি। মিউনিচিপাল ভাইচ চেয়াৰমেন বৰূপে মই তেখেতৰ আগত .