সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় সৰ্গ চলোৱা হৈছিল। সেই অনুসৰি, অসমৰ মজলীয়া খাপৰ স্থূলত এনেবোৰ কিতাপ পাঠ্য আছিল যেনে -(১) সাহিত্যবিষয়ক (ক) মদনমোহন তৰ্কালঙ্কাৰৰ “শিশুশিক্ষা” ১ম, ২য় আৰু ৩য় ভাগৰ লানি (series); (খ) ঘদুনাথ চট্টোপাধ্যায়ৰ “পন্থপাঠ ১ম, ২য় আৰু ৩য় ভাগৰ লানি; (গ) অক্ষয়কুমাৰ দত্তৰ “চাপাঠ” ১ম, ২য় আৰু ৩য় ভাগৰ লানি; (ঘ) ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ “বোপোদয়”; (ঙ) তাৰাশৰ বিদ্যাৰৰ মেৰ ৰাজ্যাভিষেক, (চ) হাফেজাকৃত “সম্ভাবশতক”; এইবোৰই প্ৰকৃতপক্ষে আমাৰ অন্তৰত অসমীয়া জাতিৰ সাহিত্য চৰ্চাৰ অনুৰাগ সঞ্চাৰ কৰে। আমাৰ শিক্ষাগুৰু দুজনাৰ পৰা যি সাৰুৱা শিক্ষা লাভ কৰিছিলোহঁক, সেয়ে মোৰ আৰু পানী গগৈদেৱৰ উচ্চ শিক্ষাৰৰ আচল ভেটি। সেই কালৰ বগলা সাহিত্যৰ ওচৰত আমি চিৰধৰুৱা; বিশেষকৈ তেতিয়াৰ বগলা সাহিত্য সংস্কৃতীয়া বা :-:-শূন্য সংস্কৃত হোৱাৰ ফলত, তেতিয়াৰেপৰা ঘাই মাতৃভাষা সংস্কৃততে অলপ অচৰপকৈ আমাৰ ব্যুৎপত্তি লাভ হৈছিল, কালত সেই বঙ্গ-সংস্কৃত সাহিত্যৰ ব্যুৎপত্তিৰ আভাসে অসমীয়া সাহিত্য চৰ্চাত আমাক বিশেষ গুণ দিছিল আৰু দিছে। অকল লিখা- পঢ়া শিক্ষা লাভেই নহয়, সেই ছেগতে অন্ধবিশ্বাসমূলক দেশাচাৰ আৰু অজ্ঞাতভাবমূলক কুসংস্কাৰৰপৰা পোহৰলৈ মূৰ উলিৱাৰ মূলত মোৰ পুজনীয় ভিনীহিদেৱ কৃষ্ণানন্দ গোহাঞি ফুকন আৰু পিতৃব্যপ্ৰতিম শ্ৰদ্ধেয় ফণিধৰ চলিহা-বৰুৱা, এই দুজন আৰ্হি পুৰুষ লাভ কৰো। পানীন্দ্ৰনাথ গগৈদেৱ আদিৰেপৰা অস্তলৈকে উত্তৰ লক্ষীমপুৰৰ মজলীয়া স্থূলত মোৰ সহপাঠী আছিল। দুয়ো একেলগে সেই পঢ়াশালিত নাম লগাওঁ আৰু দুয়ো একেলগে বঙ্গল ছাত্ৰবৃত্তি মহলা দি সেই স্কুলৰপৰা ওলাওঁ। তাৰ পাচত মই শিৱসাগৰ হাই স্কুলত পঢ়িবলৈ যাওঁ। গগৈদেৱ গুৱাহাটী নৰ্মাল স্কুলত ভৰ্তি হয়গৈ। উত্তৰ লক্ষীমপুৰৰ মজলীয়া স্কুলত পঢ়া কালতে পানীন্দ্ৰনাথ গগৈদেৱ আৰু মোৰ অন্তৰত সাহিত্যিক অনুৰাগ সঁচে; আৰু দুয়ো তলে তলে বলা আৰু অসমীয়াত কবিতা ৰচনা কৰাত আৰু প্ৰবাদি লিখাত হাত দিওঁ। তাৰে ফলস্বৰূপে, দুইবো দুহতীয়া একাজলি সৰু সৰু কবিতা গোটাই “পদ্ম-পানি” নামে এটি কবিতা বহী বান্ধিছিলোহঁক। বহীটি গগৈদেৱৰ হাতত আছিল। তেওঁৰ অকাল বিয়োগৰ লগতে তাৰো বিয়োগ ঘটিল; বছৰ হেকৰ পাচত মই ঘাই ঘৰলৈ যাওঁতে তাৰ বিচাৰ লৈ সন্ধান নাপালোগৈ। এতিয়া তাৰ আক্ৰাও মোৰ সোঁৱৰণীত নাই, মাথোন তাৰে এটি মোৰ ৰচনা বলা কবিতাৰ আগগুৰি নোহোৱা এফাকি জিলমিলকৈ কেতিয়াবা মনত পৰেহি; যেনে,-“আমাৰ যে চাদ হায়, দূৰে দূৰে সৰে যায়, দূৰেতে পালায়; সুদূৰ গগন মাজে, অগণন তাৰ ৰাজে, (ছয়) মম চাদ নাই।” অসমীয়া কবিতা আৰু প্ৰবৰ এটা দুটা অসমীয়া আলোচনী আৰু বাতৰি কাকত ওলাইছিল। আণত এখন সপ ইমানলৈকে সভাপৰ তাপ মোৰ গাত লাগিছিল যদিও, সি অন্তৰ দুৰগৈ পৰা নাছিল। সৰু ভাই-ককাইৰ কাল-বিয়োগে বিষাদ লগাইছিল, কিন্তু সন্তাপ লগোৱা