অষ্টবিংশ সৰ্গ ১৭৩ অসমীয়াৰ ৰাপ ক্ৰমাৎ প্ৰবল বেগেৰে ববলৈ ধৰিছে। তুমি যত্ন কৰিলে নিশ্চয় বন্তিৰ দ্বাৰাই ৰত্ব লাভ কৰিব পাৰিবা। মই কওঁ ‘বন্তিৰ উন্নতিকল্পে তুমি মগনীয়াৰ জোলোঙা লৈ বাহিৰ হোৱা। প্ৰথমে যোৰহাটলৈকে আহ। তাতে তোমাৰ ভ্ৰমণ নিৰ্ধাৰণ কৰি লবগৈ। ময়ে ভাবি চাওঁ মোৰ দ্বাৰাই কিমানলৈ কি হব পাৰে।” উপদেষ্টা আঁতৰি গ'ল। মই সেই উপদেশ কাৰ্যত পৰিণত কৰিবলৈ চিন্তালোচনাত বহিলো। কিন্তু শুভস্য শীঘ্ৰম্। সময় নষ্ট নকৰি, অনতিপলমে মই যোৰহাটলৈ যাত্ৰা কৰিলো। মিঃ জে. বৰুৱা আৰু মিঃ সন্দিকৈৰ বঙ্গল প্ৰায় লগ-লগা; গতিকে মোৰ উদ্দেশ্য আলোচনাত বৰ সুচল পালো। জয়জমতে ৰায় জগন্নাথ বৰুৱা বাহাদুৰে ১৫০ টকা বৰগণি পেলাই বাট মোকলাই দিলে। তাৰ পাচত সেইদিনাই সোমেশ্বৰ শৰ্মা বৰমহৰিদেৱে (সোমেশ্বৰ বৰমহৰি) নগদ ১০০ টকা মোৰ হাতত দান দি ‘বন্তি’ৰ উন্নতি কামনা জ্ঞাপন কৰিলে। এই দুগৰাকী সদাশয় পুৰুষৰ উৎসাহদানে মোক মোৰ গন্তব্য পথৰ আদখিনিমানলৈকে আগুৱাই দিলে যেন লাগিলে। যোৰহাট টাউনৰ ভিতৰত এসপ্তাহমান ঘূৰি যি পালো সংগ্ৰহ কৰি লৈ গোলাঘাটলৈ গলো। তাত পুৰণি বন্ধু ৰায় যাদৱচন্দ্ৰ বৰুৱা বাহাদুৰৰ ঘৰত আলহী থাকি ৰায়বাহাদুৰ ঘনশ্যাম বৰুৱা আৰু তেখেতৰ অগ্ৰজ ৰায়বাহাদুৰ দণ্ডধৰ বৰুৱাৰ সৌজন্যত মোৰ আশানুৰূপ প্ৰাপ্তি লাভ হল। তাত মুঠেই তিনিদিন থাকি নগাঁওলৈ আহিলো। তাত মোৰ মৰমৰ বন্ধু ৰায়চাহাব কমলাকান্ত শৰ্মা বৰুৱাই দিহাকৰণ কৰি থোৱা সুবিধাজনক এটি ঘৰত সোমাই মোৰ অন্যতম বন্ধু দীননাথ বৰুৱাদেৱৰ আতিথ্য গ্ৰহণ কৰি মোৰ কৰ্তব্য আৰম্ভ কৰিলো। তাত পোন প্ৰথমেই মুন্সী মনধন শইকীয়াই ৫০, আঢ়ৈকুৰি টকা মোৰ হাতত দি স্বদেশ হিতৈষিতাৰ যি কেইআষাৰ কথা শুনালে সি আজিও মোৰ সেঁৱৰণীত তিৰবিৰাই আছে। যি হওক, তেখেতৰ সেই সৰল সহানুভূতিৰ ফলস্বৰূপেই নগাঁৱেও মোক সন্তোষ দি পঠিয়ালে। আনকি ঘটনাচক্ৰত ঘূৰি সেই সময়ৰ নগা বঙ্গালী সমাজেও মোৰ জোলোঙাত টকাচেৰেক যোগ দিছিল। অৰ্থাৎ চমুকৈ কৈ থওঁ, সেই সময়ত বৰ স্বদেশী আন্দোলনৰ ঢৌৱে অসমতো খলকনি লগাইছিল। সেই সূত্ৰতে মোৰ অনুজপ্ৰতিম শ্ৰীমান শৈলেন্দুমোহন গোম্বামীৰ (মোৰ পুজনীয় শিক্ষা গুৰুদেৱ চন্দ্ৰমোহন গোস্বামীৰ নুমলীয়া পুত্ৰ) আয়োজনত মই এদিন সন্ধিয়া এটা স্বদেশী বিষয়ক বক্তৃতা দিব লগাত পৰিছিলো। সিও এটা মোৰ পক্ষে অভাৱনীয় দিন। মই আগে পাচে কেতিয়াও মজলিচত বহি কথকৰ দৰে কথা কৈ পোৱা নাই; কিন্তু সেইদিনা আই সৰস্বতীয়ে কৃপা কৰি কণ্ঠত থিত দিছিল হব পায়—কি কলে মনত নাই- সভাত উপস্থিত বঙ্গ-সমাজে সিবিলাকৰ বুলিৰে মোৰ শলাগ লৈ সিবিলাকৰ ভিতৰত ভোলা বৰগণি একাজলি মোৰ জোলোঙাত ভৰাই দি মৰম দেখুৱালে। এনেতে তেজপুৰৰপৰা কৃষ্ণচন্দ্ৰ চৌধুৰী হাকিম ডাক্ষৰীয়াৰপৰা এখন ভিতৰ বিশ্বাসৰ পত্ৰ পালো যে আমাৰ নিজ গুৰু কমলদেৱ গোস্বামী আউনীআটীয় সত্ৰাধিকাৰ প্ৰভু ধেনুখনা পাহাৰৰ নামনিত বাহৰ পাতি আছেগৈ; তেখেতক সেই সময়ত সেৱা জনাবগৈ পাৰিলে মোৰ উদ্দেশ্য ভালেমান সিদ্ধি হব পাৰে। সেই সংবাদ পাই মই অনতিপলমে উলটি তেজপুৰ পালেহি। চৌধুৰী
পৃষ্ঠা:Mor Sowarani.djvu/১৮৯
অৱয়ব