১৬৪ মোৰ সোঁৱৰণী বিশেষকৈ মাগুৰ আদিত। হাটৰ মাজেদি অহা-ঘোৱা কৰা বাটৰ দাতিয়ে-কাষৰে শাৰী শাৰী মধুৰিয়ামৰ আৰু কলমৌ পিঠাফলৰ দ’ম, কিন্তু সোমাওঁতে বিবোৰ দম দেখিবা, ওলাওঁতে আৰু নেদেখা, ইতিমধ্যত আটাইবোৰ বেচা হৈ যায়। সেই অঞ্চলৰ মধুৰিয়াম আৰু কলমৌ পিঠাফলত ইমান ৰাপ! মধুৰিয়ামবোৰ একো একোটা চকলাটোৰ সমান। দুটামানেই এবেলালৈ ভোক-পিয়াহ গুচায়। মধুৰিয়াম আৰু কলমৌৰ এই অপৰ্যাপ্ত কাটনলৈ লক্ষ্য কৰি ৰামায়ণত পোৱা হনুমানজী আৰু তেওঁৰ জ্ঞাতিবংশৰ কথালৈ মোৰ ঘনাই মনত পৰে, তাতে আকৌ বজাৰ হাটৰ আশে-পাশে আৰু চৌ আলিৰ কিলাকুটীয়া একোজাগত হনুমানজীৰ প্ৰকাণ্ড শিলৰ মূৰ্তিপুজা কৰা মঠ-মন্দিৰাদি দেখি দাক্ষিণাত্যত হনুমানৰ প্ৰভুত্ব নপতিয়াই নোৱাৰি। আৰ্যাবৰ্তত শিৱ মন্দিৰ যেনে, দাক্ষিণাত্যত হনুমান মন্দিৰ তেনে। ভাৰতবৰ্ষৰ সেই ভাগত ৰামলীলাতহে হিন্দুৰ ৰাপ প্ৰৱল দেখিলো; কিন্তু কৃষ্ণলীলাৰ সঞ্চাৰেই নাই যেন পালোঁ। তথাপি কৃষ্ণ কাহিনীত শিক্ষিত সম্প্ৰদায়ৰ আসক্তিৰ অভাৱ যেন নাপালো। দেৱী পুজাৰ ধুমধামো সেইফালে নাই যেন লাগিল, যদিও আমি নাগপুৰত শৰৎকলীয়া প্ৰবাসী নাছিলো। ঘৰে ঘৰে ৰাম নাম, মঠ মন্দিৰত ৰামায়ণ পাঠ। মটৰগাড়ী দেখা আমাৰ নাগপুৰ প্ৰবাসৰ সামৰণত এদিন দেখিলো দহমান বজাত চীফ কমিচনাৰৰ টিলা আৰু নৰ্মাল ফুলৰ বৰ্ডিৰ মাজৰ বহল আলিবাটটোৰ দুয়োকাষে অলেখ দৰ্শকে শাৰী পাতিছে। মই তাৰ সম্ভেদ লৈ লৰালৰিকৈ টিলালৈ উঠি সদায় আবেলি জুৰ লোৱা বেঞ্চত বহি ললোগৈ। অলপ পৰৰ পাচত দেখিলো চীফ কমিচনাৰৰ টিলাৰ বাওঁফালৰ পৰ্বত শাৰীৰ মাজৰপৰা পৰ্বতীয়া জুৰি এটি বৈ অহাৰ দৰে নগৰৰ কেন্দ্ৰৰ ফালে পকী আলিবাটৰ ওপৰে বামেদি আপোন-আপুনি লৰি লৰি ধোৱাশূন্য সৰু ৰেলগাড়ী এখন আহিব লাগিছে। দুয়ো- কাষৰ দৰ্শকে একাণপতীয়াকৈ ঠৰ লাগি চাই ৰৈছে। ময়ো ওপৰৰপৰা কৌতূহলযুক্ত হৈ চোৱা দেখি চীফ কমিচনাৰৰ মেমচাহাবে মোক বুজাই কলে সেইখন মটৰগাড়ী (Motor car) বুলি। সেই মটৰগাড়ী আমেৰিকাৰপৰা আহি বোম্বাই পাবৰ মাথোন কেইসপ্তাহ- মানহে হৈছে। তাৰ কোম্পানীয়ে গ্ৰাহক গোটাবৰ অভিপ্ৰায়ে গাড়ীখন নগৰে নগৰে ফুৰাবলৈ দিহা দি পঠিয়াইছে। ভাৰতবৰ্ষলৈ মটৰগাড়ী অনা সেয়ে প্ৰথম নেকি কব নোৱাৰিছে; কিন্তু মটৰগাড়ী দেখা মোৰ পক্ষে সেয়ে প্ৰথম। সি ইং ১৯০২-৩ চনৰ কথা। ওটা যাত্ৰা চাৰিমাহমান প্ৰবাস খটাৰ পাচত আমি জব্বলপুৰ আৰু নাগপুৰত গৈ কৰিবলগীয়া কাৰ্যৰ অন্ত পৰিল। মোৰ দেশী ৰুছৰৎ মেনুৱেল লিখাও সমাপ্ত হল, মাথোন তাৰ ওপৰত আকৌ হাত ফুৰাবলৈ বাকীৰ’ল। আমাৰ উদ্দেশ্য সিদ্ধি হোৱাত আমি ৰ মনেৰে ওলোটা যাত্ৰালৈ সষ্টম হলো। আহিবৰ আগদিনা নৰ্মাল স্কুল শিক্ষক আৰু শিক্ষাৰ্থীবৰ্গ, চুপাৰিনটেনডেন্ট আৰু
পৃষ্ঠা:Mor Sowarani.djvu/১৮০
অৱয়ব