সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ষড়বিংশ সৰ্গ ১৬১ ভদ্ৰ সমাজৰ নগৰীয়া পোছাকহে, গাঁৱলীয়া ভদ্ৰ সমাজৰ সাজপাৰৰ নমুনা চাবলৈ বুলি মোৰ শিক্ষাৰ্থী শিক্ষক শ্ৰীমান ৰতিকান্ত বৰালৈ আলিয়ালে। সেই সময়ত মোৰ গাত এটি ‘চুট’ (suit) আৰু মূৰত অসমীয়া বন্ধোৱা পাগুৰি আছিল; আৰু শ্ৰমান ৰতিকান্তই পাট চুৰিয়া পিন্ধি গাত খুনীয়া কাপোৰ একালীয়াকৈ লৈ মূৰত চেলেং কাপোৰৰ পাগুৰি মাৰি ওলাইছিল। ‘দেশী কছৰৎ' প্ৰণয়ন ইনস্পেক্টৰ চাহাবৰ দিহা অনুসৰি কছৰৎ শিক্ষকে তৃতীয় দিনাৰপৰা মোৰ আলহী বহাৰ সমুখতে নৰ্মাল স্কুলৰ টোলৰ ভিতৰ চাপৰিত পুৱা-অবেলি মোৰ জিম্মাৰ শিক্ষাৰ্থী শিক্ষক- কেজনক কছৰৎ শিক্ষা দিবলৈ আৰম্ভ কৰিলে। সেই শিক্ষাদানৰ লগে লগে ময়য়া সমুখতে মাচিয়া পৰাই লৈ সততে দিনে দুবেলা দুঘণ্টাকৈ মোৰ কছৰৎ মেনুৱেল আঁচিবলৈ লাগি গলো। সেইভাৱে ডেৰমাহমান কছৰং শিক্ষাদান চলাৰ পাচত দেখা গল, মোৰ শিক্ষাৰ্থী শিক্ষককেজনে সেই শিক্ষাদান গ্ৰহণত ভালেখিনি আগ বাঢ়িছে, আৰু ময়ো তাৰ লগে লগে মেনুৱেল প্ৰণয়নৰ আঁচনি অৰ্ধেকমান যুগুত কৰি উঠিছে। কিন্তু পাচলৈ বিনা চিত্ৰে মেনুৱেলৰ কাম আগুৱাবলৈ অসুচল বোধ কৰিলে।; গতিকে নৰ্মাল স্কুলৰ চিত্ৰাঙ্কনত এজন পাকৈত ছাত্ৰৰ সাহায্যত আঁচনিৰ লগে লগে মই নিজে লাগতিয়াল চিত্ৰাদি আঁকি যাবলৈ ধৰিলে। তাৰ পাচত ডন প্ৰক্ৰিয়াত কছৰৎকাৰীৰ অঙ্গভঙ্গী বিশেষকৈ এঙামুৰি দিয়া বিষয়ক বিশদ ব্যাখ্যা চিত্ৰৰ ওপৰত চকু ৰাখিও লিখিবলৈ টান লাগিল। কিয়নো নিজৰ গাত সেইবোৰ লগাই গমি নাচালে কথাৰে তাৰ ভাৱ নিয়াৰিকৈ ফুটাই লিখিব নোৱাৰি। গতিকে মই নিজে কছৰৎ কৰিবলগীয়া হল। সেই অৰ্থে কৰ্তৃপক্ষক জনাই কছৰং শিক্ষকে দিনে এঘণ্টাকৈ মোক সুকীয়াকৈ শিকাবলৈ দিহা লগাই ললো। এপক্ষমানৰ ভিতৰতে মই কছৰৎ অভ্যাসৰ লাগতিয়াল ভন প্ৰক্ৰিয়া কেইটা আৰম্ভ কৰি উঠিলো। তাৰ পাচৰপৰা আপোন চিন্তালোচনাৰে সৈতে কছৰৎ মেনুৱেল লিখাত ক্ৰমাৎ আগুৱাবলৈ ধৰিলো। এয়ে মোৰ কছৰৎ অভ্যাসৰ আঁতিগুৰি। তেতিয়াৰেপৰাই কছৰৎ অভ্যাস মোৰ নিত্য ক্ৰিয়াৰ লেখত সোমাল। আজিলৈকে মোৰ সেই অভ্যাস চলি আছে। মই নিতৌ শোৱাপাটী এৰিবৰ আগতে আধাঘণ্টামানকৈ সেই কছাৰৎ অভ্যাস কৰে। তাৰপৰা মই শাৰীৰিক উপকাৰ ভালেমান লাভ কৰিলে। এই অভ্যাসৰ গুণত মোৰ শূলা, জলসা, হৃৎকম্প, মূৰঘূৰণি, গাৰ বিষ ইত্যাদি ভালেমান বিকাৰ গুচিল। সি যি হওক, দুমাহমানৰ মূৰত মোৰ কছৰং মেনুৱেলৰ আঁচনি কৰি উঠিলল। তাৰ পাচত ধীৰে-শাতে মই সেই আঁচনিমতে কিতাপখন লিখিবলৈ লাগি গলো। ভিতৰত মই কিতাপ লিখো, বাহিৰত মোৰ শিক্ষাৰ্থী শিক্ষক কেজনে পৰম উলাহেৰে কৰৎ অভ্যাস কৰে। ইতিছেগতে মই নাগপুৰ চহৰখন ভিতৰে বাহিৰে সমদৃষ্টিৰে চাই লবলৈ দিহা লগাই ললো।