ষড়বিংশ সৰ্গ পাচদিনা ৰাতিপুৱ। মিঃ মনৰ ভিক্টেৰ জেনেৰেল চাহাব (Director General of Public Instruction, Central Provinces) নৰ্মাল স্কুলৰ চুপাৰিণটেনডেন্ট আৰু নাগপুৰৰ ভূল ইনস্পেক্টৰ চাহাৰৰে সৈতে নৰ্মাল স্কুল বোৰ্তিত আমাৰ প্ৰবাসী বহাত উপস্থিত হলহি। সেই পকী বহাৰ বাৰাণ্ডাত যথাসৎকাৰেৰে বহিবলৈ দিয়াই লৈ মই সিবিলাকৰে সৈতে আলাপ-আলোচনাত বহিলো। তেতিয়াই স্কুল ইনস্পেক্টৰ চাহাবে কৰৎ শিক্ষকজনকে মতাই অনালে। সিবিলাকে মোৰ মুখে আমাৰ নাগপুৰ যাত্ৰাৰ (Nagpur Deputation) বিষয়ে আদ্যোপান্ত শুনি লৈ এই স্থিৰ কৰিলে যে সেই দিন ধৰি মোৰ শিক্ষাৰ্থী শিক্ষককেইজনে সম্পূৰ্ণকৈ কছৰত শিক্ষা লাভ কৰি মুঠালৈকে, জেনেৰেল ফিল্ডৰপৰা (General field) উঠাই আনি নৰ্মাল স্কুলৰ বহল টোলৰ ভিতৰ ফিল্ডত কছৰত শিক্ষা দিয়া ব্যৱস্থা চলিব, যাতে মই বহাৰপৰাই চাই চিন্তি মোৰ অসমীয়া মেনুৱেল প্ৰণয়ন কৰিবলৈ সুচল হয় আৰু ইনস্পেক্টৰ চাহাবে অনতিপলমে তাৰ সুদিহা কৰিব। এই সিদ্ধান্ত দিয়াৰ পাচত সিবিলাকে মোৰ মুখে মোৰ দেশ অসমৰ বিষয়ে কিঞ্চিৎমান শুনিবলৈ আগ্ৰহ দেখুৱালে। মই পাৰ্যমানে চমুকৈ প্ৰকৃতি জীয়াৰী অসম মাতৃৰ প্ৰাকৃতিক, সাহিত্যিক, সামাজিক, ৰাজনৈতিক, প্ৰত্নতাত্ত্বিক আৰু বুৰঞ্জীমূলক তথ্যাদি বিষয়ে এটি বিশদ বৰ্ণনা দিলো। শুনি সিবিলাক বিশেষকৈ মিঃ মনৰৰ পুলকিত হোৱাৰ চিন দেখা পালে। মহাৰাট্টা চুপাৰিণটেনডেন্টজনে অলপ আচৰিতভাৱে এইবুলি তেওঁৰ মনোভাব ব্যক্ত কৰিলে, “এনেখন দেশ! কিন্তু দুখৰ বিষয় অসমৰ সুবিখ্যাত চাহ খেতিৰ বাণিজ্যত বাজে মই অধ্যাপি এই অসভ্য দেশৰ বিষয়ে একো বুজ পোৱা নাছিলো।” ইনস্পেক্টৰ চাহাবে তেওঁৰ মনৰ কথা এইদৰে প্ৰকাশ কৰিলে, “সিদিনালৈকে যি দেশ ননৰেগুলেটেড প্ৰভিঞ্চৰ ভিতৰত পৰিগণিত আছিল, তাৰ শিক্ষা-সভ্যতানো কিমান উন্নত হব বুলি হেয় ধাৰণাহে মোৰ মনত আছিল।” ডিৰেক্টৰ জেনেৰেল মিঃ মনৰ চাহাবৰ অভিজ্ঞতা সিবিলাক দুজনতকৈ বহুল; তেখেতে উলাহেৰে উঠি এই মন্তব্য প্ৰকাশ কৰিলে, “অসম এখন পুৰণি-কলীয়া প্ৰখ্যাত দেশ বুলি মই আগৰেপৰা জানো; ইয়াৰ প্ৰাকৃতিক বৰ্ণনাৰ বিষয়ে মই কেবাজনো পৰিত্ৰাজৰুৰ মুখে শুনি মোহিত হৈছিলো। ইয়াৰ সাহিত্যিক, সামাজিক, ৰাজনৈতিক, বুৰঞ্জী বিষয়ক প্ৰতিপত্তিৰ সম্বন্ধেও মই বিস্তাৰিত বৰ্ণনা পঢ়িছে—কিয়, আপোনালোকে মিষ্টাৰ গেইটৰ অসমৰ বুৰঞ্জী (History of Assam by Sir Edward Gait, K. c. s. I. Retired) পঢ়া নাইনে?” এই সামৰণী আলাপে মোক বিশেষকৈ উলাহিত কৰিলে। তাৰ পাচত সিবিলাকে মোৰ সাজপাৰলৈ লক্ষ্য কৰি তাৰ ভিতৰত গোটাদিয়ে বিশেষলৈ আঙুলিয়াই মোক শিষ্টতা সহকাৰে সুধিলে সেয়েনে আমাৰ জাতীয় পোহাক? মই সমিধান দিলো মোৰ সেই সাজপাৰ আধুনিক অসমীয়া .
পৃষ্ঠা:Mor Sowarani.djvu/১৭৬
অৱয়ব