প্ৰথম সৰ্গ সন্ধিয়াৰ চৰি আগমন প্ৰতীক্ষা কৰাত গাৰ উচল-পাচল আৰু মনৰ উণ্ডল-খুগুল ভাব, ঘৰ-ফুৰা ইচৰিষোৰা আহি পোৱাৰ জাননী বৰূপ ঢোলৰ উৰীৰ গুৰ-গুৰণিত মোৰ বুকু গুৰ-গুৰকৈ বাজি উঠা, হচৰি-কীৰ্তনৰ লেহেতীয়া আৰু উধাও হোৱা সুৰত মোৰ প্ৰাণ উলীকৃত হোৱা ইত্যাদিৰ সুখ সোঁৱৰণীয়ে আজিও মোক উলাহিত কৰে! শিলিখা-তলীয়া বিহুখোত গঞা জীয়াৰীহঁতে টক-চাপৰিৰে পতা বিহুত থমকা-থমকি চেও ধৰা নাচোন চোৱালৈ আৰু তাৰ চেয়ে চেৱে তাল মিলাই গোৱা বিহু নাম শুনালৈ মনত পৰিলে আজিও কাণত সুত লাগি চকু পিৰিকিয়াবলৈ ধৰোঁ। বিহু-হাটতে মোৰ প্ৰবল পীৰিতি, সাত-বিহুত সাদিনলৈ কণী-যুজোৱা খেলত মই উন্মত্ত হৈ ফুৰিছিলো। এই যুঁজত হলে মোক কেৱে হৰুৱাব নোৱাৰিছিল, তাৰ চিন স্বৰূপ মোৰ হাতত কেইবাটাও সাতবিহুৰ সৈয়া কণী জমা হৈছিল। বন্দুকেৰে চৰাই-মৰা আৰু পহু-চিকাৰ কৰাৰাগিয়েও মোক মতলীয়া নকৰাকৈ এৰা নাই। ঘটনাক্ৰমে এসময়ত এদিন পিতৃ- পুৰুষৰ জন্মভূমি জাজিতজয়নাথ বুঢ়াগোহাঞি পুথাওদেউতাৰ ঘৰলৈ হাতীত উঠি গৈ থাকোতে বাটত এডৰা চোমনিৰ মাজত এজোপা গছৰ ডালত ষোৰা-পাতি পৰি থকা হাইঠা চৰাই এযুৰিলৈ টোৱাই বন্দুক ফেৰ কৰাৰ ফলত মাইকী চৰাইটী ধুপুচ কৰে মৰি পৰিল, মতাটি বিযুৰীয়া হৈ অকলশৰে উৰি কৰবালৈ গুচি গলগৈ! সেই দৃশ্যই মোৰ প্ৰাণত কি যে এটা অভাবনীয় বিৰকতিৰ ভাৰ ওপজালে সেই দিন ধৰি মই আৰু চৰাইলৈ বুলি বন্দুক নধৰিবলৈ মন বান্ধিছিলো। পহু-চিকাৰতত ডেকাকালত কেইবাটাও পহু গুলিয়াই মাৰিলো। পিচে, এসময়ত এটা উটা-বুৰা বানপানীত আমাৰ “জয়মতী” হাতীত উঠি, উত্তৰ লক্ষীমপুৰৰ পানীগাওঁ ডাক- বঙলাৰ পৰা পছিমমুখীয়াকৈ হাবিত সোমাই, পহু বিচাৰি গৈ গৈ এটা আখাউনি ডুবি পাৰ হৈ এখন গেজেপনি হাবিত এটা উই হাফপুৰ ওপৰত থিত লৈ থকা অথন্তৰ মাইকী পোৱালি শৰ-পন্থ এহালি দেখি উত্ৰাৱল হৈ অথালি-পথালিকৈ গুলিয়াবলৈ ধৰিলো; ফলত পহুহালি হাফলৰ ওপৰৰ পৰা দুয়ো দুফালে পানীলৈ ধুপুচ ধুপুছ কৈ বাগৰি বাগৰি পৰিল! তাৰ পাচত চিকাৰ লাভত আনন্দিত হৈ ঘূৰি আহি আকৌ ডাক-বঙলা পালেহি। ক্ষন্তেক মান জিৰাওঁতেই ইফালে লগৰ মানুহে পহু কটা-ছিঙাৰ আয়োজনত ধৰিছে, এনেতে ওলাই আহি চাওঁ যে, সেই ভেলেঙী শৰজনী আৰু চাৰি আঙুলীয়া ছালশিঙীয়া পোৱালিটি! তাৰোপৰি মাইকী জনীৰ পেটত আৰু এটি অতি ৰূপহ আৰু মোহলগা নোমাল পোৱালি ওলাল! দেখি মোৰ চকু মুদ খাই আহিল , মই আৰু তাত সৰহ পৰা ৰব নোৱাৰিলে, তাৰে পহু তাতে এৰি ততালিকে আকৌ হাতীত উঠি মই অনতিপলমে ঘৰলৈ গুচি আহিলো। সেই দিন ধৰি মই পহু-চিকাৰলৈ আৰু ওলোৱা নাই; এই জীৱনত আৰু ওলোৱা নহব হবলা-নহওক যেন, এই বাসনা। কিন্তু, পাচত, মই পোপ্ৰথম অসম-কাউন্সিলত অনবোেল মেঘৰ হৈ থাকোতে, মই এটা দুলীয়া কাটিজৱালা বন্দুক, এটা এনলীয়া ‘পিস্টল’ আৰু এটা ছনীয়া ‘ৰিভলভাৰ কিনি ৰাখিবলৈ গৱৰ্ণমেণ্টৰ পৰা অনুমতি লাভ কৰাৰ ফলস্বৰূপে প্ৰথম বিধৰ বৰু এটা কলিকতাৰপৰা নাই ললো। সেই আপাহতে, পাচতো সেই বলুকৰ লয়লাসত, মাসেময়ে সাই চিকাৰলৈ ওলাইছিলো। •এস,তি, ১৮৫৩, হয় , এ সাতাশ হৈছিল।
পৃষ্ঠা:Mor Sowarani.djvu/১৭
অৱয়ব