১৪৬ মোৰ সেৱৰণী বাৰশ টকা নহলে নহয়। গতিকে আমাৰ সেই আগ্ৰহৰ ঘৰ আকাশত চাং পতাৰ নিচিনা হল। উৎসাহী সমজুৱাসকলৰ উলাহ সঁচাকৈয়ে মাৰ যাবলৈ ধৰিলে। এনেতে মই আকৌ মৰসাহ দি আগবাঢ়িলো, -অ, আ, উ, সা. সভাৰ জৰিয়তে যি পাৰ বৰঙণি গোটাবলৈ বুলি ওলালো কাৰণ নামঘৰৰ নামে পুনঃ পুনঃ একেপি ৰাইজকে আঁজুৰিবলৈ গলে সিবিলাকক অনৰ্থক আমনি কৰা হয় মাথোন, তাৰপৰা আশানুৰূপ গুণ পোৰ আগৰুক নাই। সেই ভাবি অনতিপলমে অ, ভা, উ. সা. সজাৰ এটা বিশেষ বৈঠক বহুৱাই তাত “অসমীয়া সাহিত্য- উন্নতিৰ পুলি” নামে সঁচতীয়া সাহিত্যিক পুজি এটা স্থাপন কৰাৰ প্ৰস্তাৱ দাদি ধৰিলে। সেই উদ্দেশ্যে এখন গোহাৰি-পত্ৰ লৈ ৰাইজৰ মাজত ঘূৰোতে মই যি প্ৰশংসা আৰু গৰিহণা সানমিহলিকৈ পাইছিলো, সি আজিকোপতি মোৰ সেৱৰণীত তেজা হৈ ৰৈছে। যি হওক, সেই উদ্যম তেনেই বা নহল, নগদ আৰু প্ৰতিশ্ৰতিৰে সৈতে ৩০০ তিনিশমান টকাৰ বৰঙণি সংগৃহীত হল। সেই একে লগতে ছেগ পালেই আমি ষ্টেজৰ অভিজ্ঞতা থকা লোকেৰে আলচ পাতিছিলোহঁক, অলপীয়া ধনেৰে কেনেকৈনো যথাৱতকৈ এটা ষ্টেজ প্ৰতিষ্ঠা কৰিব পাৰি। কিন্তু অতি কমেও সাতশমান টকা নহলে ষ্টেজ নামনিমিতকৈয়ো পাতিব নোৱাৰা- টোহে চিন্তালোচনাত পাওঁ। এনেতে স্থানীয় বঙ্গালী থিয়েটাৰ পাৰ্টিয়ে নতুনকৈ দৃশ্যপট আদি সংগ্ৰহ কৰি সিবিলাকৰ ষ্টেজটো টনকিয়াল কৰাৰ অভিপ্ৰায়ে পুৰণি ষ্টেজৰ পুৰণি দৃশ্যপট আদি কিছুমান লাগতিয়াল সঁজুলি আধামূলীয়াকৈ বেচিবলৈ মনস্থ কৰা মই গম পালো। সেই সম্ভেদ পায়েই মই মোৰ উৎসাহী বন্ধু শ্ৰীযুত সোণাৰাম দাস জেইলাৰৰে সৈতে যুগুতি কৰি সেই পুৰণি সঁজুলিখিনি আমাৰ নিমিত্তে কিনি লবলৈ তেওঁৰ হতুৱাই তলে তলে দৰভাও আঢ়ৈশ টকাত বেচা-কিনাটো ঠিক কৰিলো। তাৰ পাচত অ, আ, উ. সা. সভাৰ আন এটা বিশেষ বৈঠকত আমাৰ সাহিত্যিক সঁচতীয়া পুঁজিৰপৰা ২৫• আঢ়ৈশ টকা সেই অৰ্থে এই উদ্দেশ্যে দান কৰা হয়। যাতে আমাৰ সভাৰ, নামঘৰৰ সংলগত ষ্টেজ বা নাটমন্দিৰ প্ৰতিষ্ঠিত হোৱাৰপৰা অসমীয়া ভাষাত নতুন নতুনকৈ নাটক ৰচিত আৰু প্ৰচাৰিত হৈ আমাৰ সাহিত্যৰ সেই অভাৱ অচিৰে গুচাবলৈ এটি সুপথ মুকলি হয়। টেজৰ সকলো সঁজুলি সম্পূৰ্ণকৈ কিনি অনা হল, মাথোন পাতিব লাগে। এনেতে আহিল আকৌ আন এটা সমস্যা। অ, আ, উ. সা. সভাৰ এই ষ্টেজৰ নামকৰণ লৈ। ইতিপুৰ্বে সেই কথা মোৰ মনত খেলাই আছিল; তাতে জনদিয়েক উদ্যোগ সমজুৱাৰ আহ্বান যোগ হোৱাত সি হেলিয়াই উঠিল। সেই উদ্দেশ্যে মই প্ৰথমতে অ, আ, উ, সা. সভাৰ কাৰ্যনিৰ্বাহক সমিতিৰ এটা বৈঠক পাতিলো। কিন্তু সেই গুৰুতৰ বিষয়ৰ মীমাংসা কাৰ্যনিৰ্বাহক সই কৰাটো যুগুত বিবেচিত নোহাৱাত সেই বৈঠক নিৰ্দেশ অনুযায়ী মই অনতিপলমে সভাৰ এটা বিশেষ সাধাৰণ বৈঠৰু বহুলো। পিচে নিয়ম মতে সভাপতি পাতি সভাৰ কাৰ্য আৰম্ভ কৰিবলৈ নৌ পাওঁতেই উপস্থিত সমজুৱাসকলৰ মাজত ষ্টেজৰ নামকৰণ লৈ কোৱা-মেলা চলিবলৈ ধৰিলে। অলপ পাচতে সেই কোৱা-মেলা যুক্তিতৰ্কত পৰিণত হলগৈ। আৰু পাচলৈ সি শাম নকটাই হল। মই হয়হে দোহাৰি দোহাৰি সভাৰ উপস্থিত কাৰ্ষৰ বিষয়ে মনত কাই ২৫
পৃষ্ঠা:Mor Sowarani.djvu/১৬২
অৱয়ব