সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোৰ সোঁৱৰণী লৰাকাৰ ৰাপ লগা কামলততি বৰ বোৱা কামলৈ মোৰ বৰ ধাউতি। পুথি-ফলি লোৱাৰ ওপৰঞ্চি সময়ৰ সৰই ভাগ মই নৈ, বিল, পুখুৰীত-বিশেষকৈ পোতা-পুখুৰীত বৰশী বাওঁতে কটাইছিলো, চিপত পুঠি-ভৰিকণা, চত গৰৈ, চেঙেলী তোলা হাতৰ সুখ অনুভৱ মই এতিয়াও অনুভৱত ভোগ কৰে। আন আন বিধৰ মাছ ধৰা মনোয়ক কামলৈকে মোৰ প্ৰৱল ধাউতি আছিল। আনকি চাকৰ- নাৰৰ আঁৰত গা লুকুৱাই পাৰ হৈ গৈ হাৈ-চেপা পতা, আনৰ ওচৰত উমেদাৰী কৰি পল, জুলুফি বাই চোৱা সুৱদি অভ্যাসৰ পৰাও মই বাদ পৰা নাছিলো। জুলুকিত জয়ে জয়ে এদিন এটা বাটমাছ ধৰি যি অপাৰ আনন্দ অনুভৱ কৰিছিলো, তালৈ আজি তিনিৰি মান বছৰেও পাহৰা নাই। জুলুকিৰ মেৰৰ মাজত বাটমাছটোৰ সেই খলখলনি, ফৰফৰণি, চৰচৰণি মোৰ কাণত আজিও যেন বাজি উঠে! নৈ, বিল, পুখুৰীত লগৰীয়াৰে সৈতে সতোৰা মোৰ লৰাকালৰ অন্যতম, কিন্তু অত্যুত্তম প্ৰিয় কাৰ্য আছিল। চেমনীয়া আৰু চফল ডেকাকালত, তাৰ ফল স্বৰূপ মই কাছ-সাতৰ, চিলনী-আঁতৰ, থিয়-সাত, বাঘ-সঁতৰ এই চাৰিবিধ সঁতৰত পাকৈত হৈ উঠিছিলো। দলনি পথাৰত চৰি থকা উদঙীয়া ঘোঁৰা-ঘুৰী ধৰি তৰ। পিটিয়াই তাৰ বোখাৰে সৈতে লেকাম লগাই লৈ পথাৰত, গাওঁবাটত, ৰাজবাটত ঘোৰা মেলাই ধেমালি কৰা মোৰ এটা বৰ ডাঙৰ ৰাগি বা বোগ আছিল। সেই চেমনীৰ কালত মই ঘোৰা চেৱাৰিত এনে পাকৈত হৈ উঠিছিলো যে চাহাবসকলৰ বছেৰেকীয়া ঘোৰ- দৌৰ মেলা এখনত উত্তৰ লক্ষীমপুৰৰ সদৌ চাহ বাগিছাৰ চুপাৰিনটেনডেন্ট মিঃ জন ষ্টুৱাৰ্ট ‘বৰ চাহাবৰ এটা বৰ তেজী ঘোঁৰাত ‘কচোৱান’ চৰি, লগৰ আন পাঁচোটা চাহাব ঘোঁৰা- চেৱাৰি পিচ পেলাই, সৰ্বপ্ৰথম হৈ আগবাঢ়ি বঁটা ধৰিছিলো। গছত উঠাও এটা মোৰ অভ্যাসত অহা প্ৰতিক্ৰীড়া আছিল; তাৰ ফলত মই লৰি গৈ গছত উঠাত পাৰ্গত হৈছিলো; আৰু ছানী নোহোৱাকৈ উঠি কাকিণী গছৰ পৰা তামোল পাৰিব পাৰিছিলো। বিহুলৈ মোৰ বৰ ধাউতি। চ'তবহাগৰ দোমাহীৰ এপষমানৰ আগৰেপৰা মোৰ গাত বিহু বিহু লাগেহি। দোমাহীৰ দিনা মাহ-হালধিৰে সৈতে নোৱাই লৈ আমাৰ ঘৰৰ আগ ফালৰ জানত বা পিচ- ফালৰ নৈত গৰু গাই ধুৱাবলৈ নিওঁতে গৰখীয়াৰ লগ-লাগি গৈ গৰু-গা ধুউৱাৰ পাচত মুকলি পথাৰত খেদি খেদি “লাও খা, বেঙেনা খা, কেৰেলা খা, মাৰ সৰু বাপেৰ সৰু, তহঁত হবি বৰ বৰ গৰু”-এই গৰখীয়া মন্ত্ৰোচ্চাৰণ কৰি বিমল আনন্দ উপভোগ কৰা সুখৰ সোৱৰণীয়ে মোৰ হিয়া আজিও উলীকৃতকৈ নচুৱায়। বিহুৰ মাহ-হালধি ঘঁহি গা ধুই বিশুদ্ধ হোৱা, এসপ্তাহ মান আগৰেপৰা যুগুত কৰি থোৱা নতুন তৰা-পঘা মাহ-হালধিৰে নোৱাই তুলসীপাত লগাই তাক পবিত্ৰ কৰা, সন্ধিয়া পদূলিমূৰত আৰু গোহালি মুখত জাগ দি থৈ, হাতত মাখিয়তীৰ বিছনী আৰু দীঘলতিৰ এচাৰিৰে আগবঢ়াই আনি, গোহলিত ন-পঘা পিন্ধাই গৰু-গাই বিহু-পিঠা খুউৱা আদিৰ প্ৰয়োজনত যোগ দি কি যে নিৰ্মল সুখ অনুভৱ কৰিছিলো! পিচদিনা- মানুহ-বিহদিনাতি না আত্মীয় কুটুৰি বিহু-জলপান খুউৱা কাৰবাৰত আলপৈচান ধৰা, আবেলি ৰেলিকা সৰু-মানিমুনি আদি খাঁ-পাত ছিঙি আনি চোতালত মৰণা পাতি থৈ