সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত্ৰয়োবিংশ সৰ্গ তেজপুৰ , , , সা. সভাৰ নামঘৰ প্ৰতিষ্ঠা মনৰ ফুৰ্তিৰ লগত গাৰ ঘূতি সদায় লাগি থাকে। সেই মন ম্লান পৰিলে গাও মৰা- মুজা অৱস্থাত অৱশ হৈ পৰে। ইয়াৰ পৰিণাম মোৰ সাংসাৰিক সম্পদ-আপদত মই সততে অনুভৱ কৰি আছিলো। এই সাময়িক সম্পদৰ ফুৰ্তিত তাৰ লগৰীয়া আপদৰ মাজেদি সৰকি সামাজিক কাৰ্য অতৰ্কিতভাবে সুসম্পন্ন কৰি উঠিব পাৰিছিলো। অৰ্থাৎ মোক আগৰণুৱাকৈ লৈ মোৰ হতুৱাই বাট উলিয়াই আৰু মোকে হাতৰ অসুস্বৰূপকৈ লৈ বাটৰ আল কাটি আমাৰ সমাজৰ গুৰিধৰা নেতাসকলে ভালেমান সমজুৱা সজকৰ্ম সমাধা কৰিছিল। তাৰে এটি চিন তেজপুৰীয়া ৰাইজৰ দ্বাৰাই প্ৰতিষ্ঠিত “তেজপুৰ অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা”ৰ প্ৰকাণ্ড নামঘৰ। ইয়াৰ আঁতি-গুৰি এই–১৮২৫ শকত তেজপুৰ অবৈতনিক নাট্যসমাজৰ নাটমন্দিৰত স্থানীয় বঙ্গীয় সামাজিক লোকে এৰাতি এটা থিয়েটাৰ বা এখন বঙ্গালী নাটকৰ অভিনয় পাতি তালৈ অসমীয়া সমাজৰ টাউনবাসী মুখীয়াল লোক সম্মানী টিকট দি নিমন্ত্ৰণ কৰিছিল। সেই নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ অসমীয়া সমাজৰ গুৰিয়াল আৰু ধৰণী স্বৰূপ লোক জনচেৰেকে [ কৃষ্ণচন্দ্ৰ চৌধুৰী ই. এ. চি, বিচন্দ্ৰ শৰ্মাবৰুৱা তহচিলদাৰ, ভোলানাথ দাস চবডেপুটী কলেক্টৰ, নীলকান্ত বৰুৱা জেইলাৰ, ভবানীপ্ৰসাদ ভট্টাচাৰ্য (ৰায়বাহাদুৰ), লক্ষ্মীকান্ত দাস চিৰস্তাদাৰ, বেথাৰাম শৰ্মা (ৰায়বাহাদুৰ), চবডেপুটী কলেক্টৰ, ৰামৰতন চৌধুৰী। মোক বাট লগোৱাকৈ আগত লৈ গৈ সেই নাটমন্দিৰ-দৰ্শক চ'ৰাত উপস্থিত হলগৈ। মই তেতিয়া নৰ্মাল স্কুলৰ হেমাষ্টৰ। আমি যোত অৱশ্যে অলপ পলম হৈছিল। সোমাই দেখোগৈ যে দৰ্শকচ’ৰ ভৰপুৰ, নিচেই সমুখৰ শাৰীত বঙ্গালী সৰু সৰু ল'ৰা-ছোৱালী, তাৰ পিচৰ দুশাৰীত সিবিলাকৰ সমাজৰ মুখিয়াল লোকসকল আৰু তাৰ পিচৰ শাৰীবোৰ বাৰে বৰণীয়া লোকৰ দ্বাৰাই পুৰ্ণ হৈ আছে। আমি ভালেমানপৰ থিয় হৈয়ে আছে, কিন্তু কেৰে কটাক্ষ কৰা নাই। মই বিৰ দি বাট লৈ গৈ থিয়েটাৰৰ মেনেজাৰক কলোগৈ যে আমাৰ অসমীয়া নিমন্ত্ৰিত ডাঙ্গৰীয়াসকলক বহুৱাবলৈ এটা দিহা কৰিব লাগে। কিন্তু তেওঁ উপলুঙাকৈ উত্তৰ দিলে যে, ‘আপোনালোক অহাত পলম হৈছে, গতিকে এতিয়া আগশাৰীত অপোনালোকলৈ ঠাই নাই। ইচ্ছা হলে খালি হৈ থকা পিচৰ শাৰীত বহিবগৈ তাৰ উপায় কৰা যাব পাৰে। সেই সমিধানত মই অপ্ৰস্তুত হৈ এই বুলি কৈ উলটি আহিলো, যে সম্মানী নিমন্ত্ৰণী টিকটৰ মৰ্যাদা ৰা পৰিব লাগিছিল। সেই ব্যৱহাৰত মোৰ লগৰীয়াসকলেও অপমানিত বোধ কৰিলে। তাৰ পাচত আমি ততালিকে লাই গুচি আহিলোহঁক। আহি কৃষ্ণচন্দ্ৰ চৌধুৰী হাকিমৰ চ'ৰাত বহিলোহি। প্ৰকৃতপক্ষে সেইখন আমাৰ আক্ষেপৰ মেল বহিছিল। সেই সুষোগতে মই প্ৰস্তাৱ কৰিলে যে আমিও