দ্বাবিংশ সৰ্গ সন্তানৰ মুখ দৰ্শন মোৰ ৩৫ বছৰ বয়সলৈকে মই নিঃসন্তান। সেইবাবে মোৰ মনস্তাপ নাছিল; কিন্তু সন্তানৰ মুখ-দৰ্শন সুখ চাকি চাবলৈ মাজে সময়ে মনে হাবিয়াস কৰাটো অনুভব কৰিছিলো। ইয়াৰ আভাস ইতিপুৰ্বতে প্ৰথম ভাৰ্যাৰ লগত অচিতে হোৱা সাংসাৰিক কথা-বাৰ্তাৰ আলমত সুমৰি অহা হৈছে। সেই আভাস ক্ষণৰী। কিয়নো সেই সময়ৰ একাধিক কৰ্তব্যৰ ওপৰা- ওপৰি হেঁচনিত পৰি তেনেবোৰ সুখকৰ ভাৱৰ খেলা খেলিবলৈ মই আজৰি নাপাইছিলো। বিশেষ তেতিয়া ‘বিজুলী’, ‘বন্তি প্ৰমুখ্যে কাকতে-পত্ৰে প্ৰকাশিত হোৱা ৰচনাৱলী আৰু কিতাপৰ আকাৰে প্ৰচাৰিত হোৱ। ক্ষুদ্ৰ গ্ৰন্থাবলীকে মোৰ প্ৰিয় সন্তান স্বৰূপে আগত লৈ মই অনুপম সুখ অনুভৱ কৰিছিলো। সেই অনুভৱ ছেগ বুজি কেতিয়াবা কেতিয়াবা আঁকিও চাইছিলো; তাৰে এটি নিদৰ্শন এই : “ শন” ভাৱৰ অস্থিৰে গঢ়ি জকা কল্পনাৰ সযতনে প্ৰতিষ্ঠা হিয়াত; চিন্তাৰে তেজক মথি মাংস বঙ্গহৰ থাপিথুপি দিলো শৰীৰত। মস্তিষ্ক মন্থন কৰি সিৰটৰ বান্ধি। দিলো আটি বুজনিৰ সুৰ; ভাষাৰ ৰহণ সানি পুৰ্ণ আকৃতিত চাওঁ দেখো, পূৰ্ণাকৃতি মোৰ। ৰূপৱন্ত জনকৰ ৰূপহ সন্ততি আনন্দত মাতে কোলা পাতি , কুৰূপ সন্তান বুলি আত্ম অনুকৃতি দেখি শান্তি নাপায়নে আতি? অপত্য চেনেহ অহ বাপতি সাহোন, সবাৰো যে সমভাগী তাৰ; জেউতিত নিয়ে কাঢ়ি আনৰ একণ জগতত সাধ্য এনে কাৰ। ভাগ্যৱৰু নৰদেহী লভে বংশধৰ মৃত্যুৰ পাচত ৰাখে নাম;
পৃষ্ঠা:Mor Sowarani.djvu/১৫৪
অৱয়ব