একবিংশ সৰ্গ .. ‘জুণি’ প্ৰচাৰ ইতিপুৰ্বতে কথা দি অহা হৈছিল জুৰণি সম্পৰ্কীয় কথা প্ৰসঙ্গত আৰু দুআষাৰমান কোৱা হব বুলি। সেই কথা ৰাখিবৰ অৰ্থে ‘জুৰণি’ প্ৰচাৰ কাৰ্যৰ সংক্ষেপ বিবৃতি দিয়া যায়। এই কবিতা পুথিখনৰ সামৰণি নৌ পৰে, এটি দুটিকৈ কণ কণ তাত যোগ হব লাগিছে, এনেতে মোৰ জিৰণি অকস্মাৎ ভঙ্গ হল। সাংসাৰিক আপদ সম্পদৰ চকৰি ঘূৰি তল পৰা আপদৰ লুটি আকৌ ওপৰ উঠিল; কলিকতাৰপৰা বৈনাইৰ বিজুলী বাতৰি পালো বলে মোৰ প্ৰাণপ্ৰতিম অনুজ শ্ৰীমান মুক্তানন্দ বোপাইৰ সাংঘাতিক নৰিয়া, বসন্ত (বৰ আই ওলোৱা) বেমাৰত পৰি যায় যায়! বাতৰি পাই মোৰ মূৰ ঘূৰণি উঠিল, কৰ্তব্য-বিমোৰ হৈ মোৰ প্ৰাণে চাটিফুটি কৰিবলৈ ধৰিলে। কলিকতাৰ বসন্ত ৰোগৰ কথা মই ভালকৈ জানো, তাত সেই বেমাৰত তেতিয়া শতকৰা ৯০ জনৰ অপঘাত ঠাৱৰ, নিলগীয়া প্ৰবাসীৰ পক্ষে সি আৰু সাংঘাতিক। গতিকে আগ-পাচ গুণি সময় নষ্ট কৰাৰ সকাম নাই বুলি ধৰি মই অনতিপলমে কলিকতা যাত্ৰা কৰাকে বিধেয় বোধ কৰি সেই টেলিগ্ৰাফ পোবা দিনাই মোৰ নৱপৰিণীতা দ্বিতীয়া ভাৰ্যাক তেওঁৰ দেউতাকৰ তত্বাৱধানত গতাই থৈ উত্ৰাৱল হৈ ভটীয়া জাহাজত উঠিবলৈ সষ্টম হলো। মই গম পোৱা নাছিলে। যদিও সেই সময়ত মোৰ মনৰ অস্থিৰতালৈ চাই মোক চম্ভালিব পৰা বন্ধুজন লগত নোহোৱাকৈ মই ততাতৈয়াকৈ কলিকতালৈ যাত্ৰা কৰাত মোৰ বাল্য প্ৰকৃতিৰ নৱভাৰ্যা অত্যন্ত কাতৰ হৈ পৰিছিল। কিন্তু ঈশ্বৰৰ ইচ্ছা সেইদিনাই মোৰ অন্তৰতম বন্ধু বিদ্যাধৰ বুজৰবৰুৱা সেই জাহাজৰে যাত্ৰী হৈ আহি জাহাজৰ দুঘণ্টীয়া জিৰণিৰ ছেগ ধৰি তেজপুৰত ক্ষন্তেকমানলৈ নামিছিলহি। সেই আলমতে মোক দেখা দি যাবলৈ বুলি তেওঁ মোৰ বহাত ভূমুকি মাৰি যাবলৈ আহিছিল। তেওঁ মোৰ উপস্থিত আপদৰ বিষয়ে চমুকৈ শুনি লৈ আথে-বেথে মোক সহযাত্ৰীকৈ সামৰি ললে; তেওঁৰ মুখৰ সাদৰী আশ্বাসত বিশ্বাস মানি মোৰ চিন্তান্বিতা ভাৰ্যাও এফেৰি নিশ্চিত হল। মোৰ বুকুৰ বান্ধৱ বুজৰবৰুৱাদেৱে মোক বুকুত চপাই অমায়িক চৰিত্ৰসুলভ সহানুভূতিৰ বুজনিৰে সৈতে মোক শান্ত কৰিবলৈ প্ৰয়াস পালে। তেওঁৰ সেই অমায়িক আৰু অকৃত্ৰিম সহানুভূতিত মই আগৰেপৰা মুগ্ধ; গতিকে তেওঁক লগত পাই ময়য় যাত্ৰাকালত শাৰীৰিক নিৰাপদ বোধ কৰিলো। বৰুৱাদেৱৰ ইচ্ছা হৈছিল, তেওঁ গুৱাহাটীত খন্তেকমান নামি ঘৰত ভূমুকি এটা মাৰি আহি আকৌ মোৰ লগৰীয়া যাত্ৰী হয়হি; পিচে এনেতে মোৰ তাহানিখনৰ কলিকতীয়া কালৰ এজন অন্যতম সমনীয়া অসমীয়া বন্ধু কলিকতালৈকে বুলি সহযাত্ৰী হৈ সেই জাহাজতে উঠিলহি; তেওঁক পাই সিমানতে বৰুৱাদেৱৰে সৈতে বিদায় লোৱা-লুই কৰি আমি ভটয়াই গলোগৈ। . ৩
পৃষ্ঠা:Mor Sowarani.djvu/১৪৯
অৱয়ব