সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩৪ মোৰ সোৱণী কোনোবা পাত্ৰী স্থিৰ হৈ উঠে, সেই আশঙ্কাত পিতৃদেউতাৰ চৰণত লৰালৰিকৈ জনাই থলে যে, দ্বিতীয় বিবাহলৈ অগত্যা মান্তি হৈছে, কিন্তু পাত্ৰী বাছনিৰ ভাৰ মোৰ গাত থাকিল। এই সুখ-সমিধানত পিতৃ-মাতৃ হৰষিত হল। দুয়ো মাথোন মোৰপৰা পাত্ৰীৰ সন্ধান পাবলৈ বাট চাই ৰ'ল। ইফালে ভাবী ভাষাৰে সৈতে পযোগে পুৰাগ সলনা-সলনিত মগ্ন হলো। এই সন্তোগৰ সোৱাদ মোৰ মনত অপুৰ্ব যেন বোধ হল। কিয়নো প্ৰথম বিবাহৰ পূৰ্বভাগত পুৰ্বৰাগ অনুভবলৈ ছেগ পোৱা নগৈছিল, পিতৃ আজ্ঞাই মোক অনাতুৱাকৈ ধৰি নি একেবাৰে বিবাহত বহুৱাইছিলগৈ। এই বিষয়ক বিবৃতি ইতিপুৰ্বতে বহুলকৈ সুমৰি অহা হৈছে। দ্বিতীয় বিবাহৰ পূৰ্বাগৰ সুৱদি সুমৰণ মোৰ সোঁৱৰণীত অদ্যাপি তেজা হৈয়ে ৰৈছে। বৰ্তমান জুৰুলা বয়সত মৰিচা বন্ধ যাবলৈ ধৰিলেও অমৰণ মহীয়ে আঁকি থোৱা সঁচতীয়া চিনে আকৌ চকচকীয়া কৰি তোলে। যি হওক, যথাসময়ত পাত্ৰীসংবাদ পিতৃ-মাতৃৰ চৰণত জ্ঞাপন কৰা হল। বৰ-কন্যাৰ জনক যুগলৰ মীমাংসা অনুসৰি পাঁজি-পুথিৰ গণনামতে শুভ- বিবাহৰ দিন ধাৰ্য হৈ উঠিল। শুভদিনৰ শুভক্ষণত পৰম পুজনীয়া মাতৃদেৱীৰ সাক্ষাতত শ্ৰীমতী হীৰাৱতী দেৱীৰে সৈতে মোৰ শুভপৰিণয় নিৰ্বিঘ্নে সম্পাদিত হল। ‘জুৰণি ৰচনা আগতে মৰি অহা হৈছে মোৰ বৰ্তমান ভাৰ্ষা জীয়াৰী কালৰেপৰা এগৰাকী ফুলতী শিপিনী। বিয়াৰ পাচত স্বতন্তৰী ন-ঘৈণী হৈ মনৰ উলাহেৰে খনে খনে তাত লগাই লৈ তেওঁ বিধ বিধকৈ মোহলগা ফুল বাছিবৰ দেখি মোৰৰ আহিল কবিতা ফুল বাছিবলৈ। বছৰদিয়েকৰ আগলৈকে লেঠাৰিকৈ লগা কেইবাটাও বিষম শোক সন্তাপৰ দুখ-ভাগৰ পলুৱাই নৱদাম্পত্য অনুৰাগৰ জুৰ মলয়াত জিৰণি লওঁতে ধৰি ধৰি থোৱা কিছুমান উৰাভাৰ সম্ভাৰেৰে দুটি চাইটিকৈ অকণি অকণি কবিতাৰ গুটিফুল বাছিবলৈ ধৰিলে। তেওঁ তাতপাটত বহি বাছকবনীয়াকৈ কাপোত ফুল বাছে, মই মোৰ সাহিত্য সেৱাৰ আসনত বহি তুলাপাতত সৰু সৰু কবিতা লিখো। সেই আনন্দৰ অৰিয়া-অৰিত তেওঁৰৰ কেইবাখনিও সোণালী গুণাৰ জকমকীয়া সুচীয়া ফুলেৰে আশী-সূতাৰ চেলেং খনিয়া আৰু মুগা-পাটৰ ৰিহা-মেখেলা আদি কাপোৰ বোৱা হল। মোৰো চৈধ্য, বাৰ, আঠ, চাৰি আৰু দুই শৰীয়া অকণি অকণি কবিতা এশৰাই লিখা হল। কবিতাখিনি কিতাপৰ আকাৰে গোটাই লৈ চাই তাক অৰৰ পাচত অনুপান লোৱা জুৰণি যেন লাগিল; সেই আলমতে তাৰ নামকৰণ কৰা হল জুৰণি। ওপৰত সুমৰি অহা পালো' কবিতাকণেই ‘জুৰণিৰ আদিমূল—সি এতিয়াও ‘জুৰণি’ৰ হেত সোমাই গাতে লাগি ৰৈছে। যথাসময়ত ছেগ বুজি কবিগুৰ ৰবিবাৰুৰ কণিকা’ নামে সৰু কবিতা কিতাপৰ আৰ্হিৰে জুৰণি অকণমান কিতাপৰ আকাৰেৰে পোহৰলৈ উলিওৱা হল। সেই পোহৰে আপদীয়া আন্ধাৰৰ মাজেদি সৰকিহে পৰিছিল; সেই বিষয়ে পাচত অলপ বহলাই সুমৰি চোৱা হব।