সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিংশ সৰ্গ . দ্বিতীয়া ভাষা পৰিগ্ৰহণ মোৰ জীৱন সুমৰণে মোৰ অন্তৰত জীৱন পাহৰণৰ ঢৌ তুলি মোক আপোন-পাহৰা কৰি কৰবালৈ উটুৱাই নিছে। মোৰ উদাস প্ৰাণত যেনি-তেনি যাবলৈ কৰ্তব্যই আপোনা- আপুনি বাট এৰি দিছে, মোৰ মনে লক্ষ্যহীন গতিৰে উজনি-ভাটা কৰিব লাগিছে, এনেতে অকস্মাৎ এদিন মাতৃদেৱীৰ মৰমেৰে সনা গুটিদিয়ে বুজনি বাণীৰে সৈতে এখনি পত্ৰ আহি মোৰ হাতত পৰিলহি; মোৰ দ্বিতীয় বিবাহৰ প্ৰস্তাৱ লৈ। পত্ৰ প্ৰথমবাৰ পাঠ কৰি মোৰ বিৰাগ ভাৱত এটা হাঁহি উঠিল, দ্বিতীয়বাৰৰ পাঠে মোৰ চকু চলচলীয়া কৰিলে মাতৃদেৱীৰ চকুলোৰ চিন দেখুৱাই; তৃতীয়বাৰৰ পাঠে মোক অবাক কৰিলে মোৰ কৰুণাময়ী জননীৰ সকৰুণ অনুজ্ঞাসূচক অনুৰোধে। মই বিমোৰত পৰিলো। কি সমিধান দিম ভাবি নোপোৱা হলো। গতিকে ততালিকে উত্তৰ দিব নোৱাৰি দিন-দিয়েক অন-গুণাকৈ আছো, এনেতে পিতৃদেৱৰ আদেশবাণীৰে সৈতে আক এখন পত্ৰ আহি পৰিলহি দ্বিতীয় বিবাহলৈ সষ্টম হবলৈ বুলি। এইবাৰ মই নিৰুপায়। মই পিতৃৰ আজ্ঞা লঙ্ঘন কৰা দূৰৈৰ কথা, কোনো এদিন তেখেতৰ অবাধ্য হোৱাও মোৰ সুমৰণত নাহে। তাতে পত্ৰত ইয়াৰৰ আভাস পোৰা গ'ল যে সিফালে পাত্ৰী পৰ্যন্ত স্থিৰ হৈ গৈছে; মাথোন বিয়াৰ দিন ধাৰ্য হবলৈ বাকী। কি কৰৰ মই এতিয়া? অন্তৰাত্মাই মোক এই প্ৰশ্নৰ খাটাং উত্তৰ দিব নোৱাৰিলে। ‘যি কৰে ঈশ্বৰে মানুহৰ ভালৰ কাৰণে’ বুলি ভাবি মই ইচ্ছাময়ৰ ইচ্ছাৰ সোঁতত গা এৰি দিলো। ভগৱানে যি উত্তৰ দিয়ায় তাকে দিবলৈ স্থিৰ কৰি অপাৰ সমস্যাৰ সাগৰত আহিবলৈ ধৰিলে॥ কৰ্তব্য-বিমোৰ হৈ মই উমানে উমানে ফুৰাৰ দৰে হলো। উমানে উমানে স্কুললৈ যোৱা-অহা কৰে॥ এইভাবে দিনদিয়ে গৈছে এনেতে এদিন স্কুললৈ বুলি ওলাই আহি মোৰ বোৰ বাজ হওঁতেই অকস্মাৎ ভৰদুপৰ সুৰুষৰ প্ৰখৰ ৰশ্মি কাটি বিনামেঘে এটি বিজুলী ৰেখাৰ চমকনিত মই ঠমক খাই ৰব লগাত পৰিলো। সেই চমকনি মোৰ বহাৰপৰা দেখা চিৰস্তাদাৰ ডাঙ্গৰীয়াৰ চ'ৰাৰ আগৰ আমজুপিৰ ছয়তি। চমকনিৰ জেউতি মাৰ যোৱা পিনেই মোৰ মনৰ গতিও বৈ গ'ল। মনবিহীন হৈ মই থকাতে ঠৰ লাগিলো। এনে অৱস্থাত নিজকে নিজে অপ্ৰস্তুত হোৱা যেন দেখি নিজৰ মনতে নিজে লজ্জিত হৈ উলটি আকৌ ভিতৰ সোমাললাহি। সোমাই ক্ষন্তেক টলকা মাৰি বহি কিবা অকণ লিখি লগুৱা ল'ৰাটোৰ হাতত সেই বিজুলী মাৰ ঘোৱা দিশলৈ যাচি দি পঠিয়ালে। পঠিয়াই স্কুললৈ যোৱাত পলম হোৱা দেখি বেগাবেগিকৈ আকৌ বাজ হলো; যাওঁতে লগুৱা ল'ৰাক কৈ গলো যে মই স্কুলৰপৰা আহি পাওঁতেই সেই লিখাৰণ সেই চমকনিৰ গৰাকিনীয়ে (তাৰু অৱশ্যে ভালি কোৱা হৈছিল তেওঁ চিৰাদাৰ ভাগৰীয়াৰ মুমলীয়া কন্যাটি বুলি) পোৱাৰ চিন মোক দেখুৱাব লাগিব। বেগাবেগিকৈ গৈ নৰ্মাল স্কুলৰ