মোৰ শেৱৰণ হাজাৰে। প্ৰবন্ধৰ সাৰগ্ৰাহী আছিল। সেই কেখনমান পুথিমেই আজি সেই বিধৰ শতেক পুথিৰ শীৰ্ষস্থান অধিকাৰ কৰি আছে। পাণীৰ লিখনৰ সৰলতা, মধুৰতা, প্ৰাঞ্জলতাৰ কি চিনাকী দিম, সেই তেওঁৰ মৌ বৰষা কাপৰপৰা ওলাই “জোনাকী”, “বিজুলীত প্ৰচাৰিত হোৱা আমাৰ উন্নতি নে অবনতি”, “তেন্তেনো আমাৰ উপায় কি”, “জাতীয় প্ৰেম, “উতদনি” এইবোৰ প্ৰবন্ধ আৰু অসমৰ পঢ়াশালিবোৰত অবাৰিতভাৱে চলিথকা ল’ৰাৰ মনোৰগৰ পুথি ‘ল’ৰ-শিক্ষা” ( আদিছোৱা, মাজছোৱা, আৰু শেহছোৱা), “অসমীয়া ল'ৰাৰ ভূগোল” ইত্যাদিলৈকে আলিয়াই থওঁ। অকল এয়ে নহয়, পুৰাণ গ্ৰন্থৰত্ব উদ্ধাৰ কৰা প্ৰত্নতাত্ত্বিক উদ্যমৰ চিনাকিও পাণীৰ সামান্য নহয়, পাণীন্দ্ৰনাথে স্বাদশ ভাগৱত প্ৰকাশ কৰিছিল, একাদশ স্কন্ধৰ সমল গোটাইছিল; আৰু তেওঁ আহোম ভাষাত লিখিত অসম- বুৰঞ্জীৰ অনুসন্ধানত প্ৰবৃত্ত আছিল। পাণীন্দ্ৰনাথৰ দুপতীয়াতে যি চিন পোৱা গৈছিল সেই লাই পুৰ্ণ বতৰত ঠন ধৰি উঠিবলৈ পোৱা হলে অসমীয়া শাকতলী কিমান যে প্ৰচুৰ হলহেতেন তাক অনুমান কৰিবলৈ ধৰোতেই শশাকে ভেটি ধৰে। এনেটি সাহিত্যিক লগৰীয়া বান্ধব। অকালত হেৰুৱাই মই কিমান বিপন্ন বোধ কৰিছিলো কি কম! একে আষাৰে কবলৈ গলে পাণীন্দ্ৰনাথ গগৈদেৱৰ বিয়োগে মোক কুঁহিয়াৰ চেপা দিলে। ইতিপুৰ্বৰ দুটা মাৰাত্মক চেপা খোৱাৰ পাচত, মোৰ গা-মন সাৰ শক্তিৰ ৰস বাদ বাকী যি ৰৈছিল, গগৈদেৱৰ বিয়োগে তাকে সমুলঞ্চে চেপি নি মোক একেবাৰে ডাবৰি যেন কৰিলে। মোৰ গা কাটিলেও তেজ নোলোৱা যেন আৰু মন কান্দিলেও চকুলো নোলোৱাৰ নিচিনা হল। মই নিজে কান্দো নিজে শুনো। মই নিজানত নিৰলে নিৰৱে বিনাওঁ, শুনো মই আৰু শুনে তেওঁ। সেই বিননিৰ বলকনিত ভালেমান কিবাকিবি ওলাইছিল, তাৰে অকণমান চিন এইকণ : পাণীন্দ্ৰনাথ গগৈ হিয়াৰ অৰ্ধেকে এৰা দিয়া পাছে চেনেহৰ বাইদেৱে মৰমৰ থালী উজুটিত নিলে আঁতৰি একেটি ডেৱে। বিষাদ ভাৱৰ হিয়া আকাশৰ বৰষি পাতল যেই , শোকৰ ওপৰি ওপৰঞ্চি শোক ছাতিলা পাণী গই। দুদিন আগে সুযোগ্য বন্ধু সুবি বুজনি মেলি দুখ পাতলাই নৰ দুৰ বেলি। তাপিত বন্ধু
পৃষ্ঠা:Mor Sowarani.djvu/১৪০
অৱয়ব