১২৪ মোৰ সেৱৰণী কৰা শুনিছিলো, আমাৰ মোমাই-ভাগিনৰ সম্বন্ধ সেইকালৰ এটি অপুৰ্ব আদৰ্শ বুলি। সি যি হওক, ল'ৰা তিনিটি মানুহ কৰি তুলি উঠি মই মোৰ স্বৰ্গীয়া বাইদেও-ভিনীহিদেৱৰ অপাৰ মেহ আৰু অশেষ উপকাৰৰ ঋণ পৰিশোধ কৰাৰ অৰ্থে মূলত হাত দিবলৈ অসমৰ্থ যদিও সুদৰ এখুদমান ৩জিলল বুলি ভাবি নিজক কৃতাৰ্থ মানিলো। বাইদেওৰ বিয়োগত বিমোৰ হোৱা দেখি, অনেকে অনেকফালৰপৰা মোক বন্ধুৰ প্ৰবোধ দিছিল; তাৰ ভিতৰত মোৰ প্ৰিয়তম বন্ধু লগৰীয়া পাণীন্দ্ৰনাথ গগৈদেৱৰ প্ৰবোধবাণী আটাইতকৈ সাৰুৱা আৰু আত গুণদায়ক যেন বোস কৰিলো। তথাপি নাকান্দিলে সন্তাপৰ তাপ বাজ নহয়, “লীলাতে তাৰ প্ৰমাণ পাইছিলো। গতিকে মই মোৰ চেনেহী বাইদেওৰ বৰ্ণনাতীত মাতৃ হিয়াৰ মৰম সুমৰি সুমৰি নিৰলে নীৰৱে বিনাবলৈ ধৰিলো। তাৰে অকণমান চিন এই; বাইদেও! সেঁৱৰণী শশাকে বাজিয়ে আছিল ভাজি মোৰ ভঙ্গা বুকু; তাৰে ছেগ ধৰি বিহ কুটা পৰি মুদালে ইবেলি চকু। নহওঁতে শেষ শোকগীত গোৱা নপৰোতে সামৰণী; শোক ধল উঠি আথাউনি কৰি কৰে প্ৰাণ অসহনী। যাৰ যতনত মাতৃকো নিচিনি উঠিলো কেঁৱৰ প্ৰায়; যাৰ চেনেহত আছিলো বন্ধোৱ। বিয়াৰ যৌতুক হায়। যাৰ শিকনিত লভি জ্ঞানজ্যোতি লভিলো মানৱ নাম; যাৰ গুণ-গান গাই ঘৰে ঘৰে কৰো কৃতজ্ঞৰ কাম। শোক অকণি টিপনি হেঁচাত মেহৰ নিজৰা ফুটি; দুগালত যাৰ নিমিষে ঘুমায় শতেক অপায় উটি। যাৰ চৰণত শোক দুখ ভাপ নিবেদি মুকলি প্ৰাণে;
পৃষ্ঠা:Mor Sowarani.djvu/১৩৮
অৱয়ব