সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৪ মোৰ শেৱৰণী (1) (হায়) বাবলগা তুমি, খাব খোজা এৰি মুখত নোলায় ‘খোৱা; বিৰহ তোমাৰ সহিব নোৱাৰা অজলা প্ৰজালৈ চোৱা। বুজিছে অন্তৰে নোৱাৰি ৰাখিব সাৱটি তোমাক দেৱ; মনে যে নামানে কৰে হাওঁ হাওঁ বুজনি নামানে কেও। (b) (হায়) নামাতি শুনায় ‘যোৱ সমিধান ভিতৰি অগনি জলে। ঋক। য'তে তুমি পাওঁ যেন কৃপা ঈশ্বৰে কুশলে থলে। মন পতিয়নি লোৱা অসমীয়া হৰিষে বিদায় দিয়া, জিৰণিত ঘেন থাকে ভালে কালে দয়ালু কটন হিয়া। বৃহস্পতিবাৰ। “বস্তি” ওলোৱাৰ দিন। বাহিৰত অসমীয়া আৰু বঙ্গালী নেতা সমজুৱ। কেইজনমানৰ যত্নত কটন আদৰণীৰ কাৰণে খাপি-খাপিকৈ গেট’ বা আদৰণী বাটচ'ৰা বিতোপনকৈ সজোৱা হব লাগিছে। ভিতৰত অসম চেণ্টেল প্ৰেছ’ত সোণালী আখৰেৰে “বন্তি” ছপোৱা আৰু বালী থিয়েটাৰ মঞ্চত গান-বাজনা অভিনয়ৰ আখৰা চলিব লাগিছে। পুৱাৰপৰা দুয়ো সমাজৰ মুখীয়াল জনচেৰেক কাৰ্যত তৎপৰ-সিবিলাকৰ গাত তত নাই। সিবিলাকৰ ভিতৰত বঙ্গালী অতুলচন্দ্ৰ ৰায় এচিষ্টেন্ট চাৰ্জন, একাউন্টেন্ট যোগেশ চন্দ্ৰ সেন, থিয়েটাৰৰ মেনেজাৰ বাবু নাৰায়ণ মুখাৰ্জী, বুঢ়া উকীল শ্যামচৰণ মৈত্ৰ, মহেন্দ্ৰনাথ দ, ডেকা উকীল (বৰ্তমান ৰাষবাহাদুৰ) মনোমোহন লাহিড়ী, স্কুল ডেপুটি ইনস্পেক্টৰ হাৰানচন্দ্ৰ দাসগুপ্ত, হেডমাষ্টৰ ৰামমোহন মিত্ৰ আৰু অসমীয়াৰ পণ্ডিত জয়দেৱ শৰ্মা, ৰায়চাহাব (পাচত) ভবানীচৰণ ভট্টাচাৰ্য, ৰায়বাহাদুৰ ( পাচত) বেথাৰাম শৰ্মা, বিচন্দ্ৰ বৰুৱা তহচিলাৰ, নীলকান্ত বৰুৱা জেইলাৰ, মুন্সী আলমচাহ মিঞা ৰেভিনিউ চিৰস্তাদাৰ, লক্ষ্মীকান্ত দাস চিলি চিৰস্তাদাৰ, ধৰ্মেৰ গোমী, হাইস্কুলৰ মাষ্টৰ, কৃষ্ণচন্দ্ৰ চৌধুৰী মুখি, লক্ষ্মীকান্ত বৰকাকতী, হৰিবিলাস আগৰৱালা, কমলাকান্ত ভট্টাচাৰ্য আৰু সিবিলাকৰ ছতে মোকে লেখত ধৰি এইসকলৰ নাম লবলগীয়া। সিবিলাকৰ নেতৃত