সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

- পঞ্চদশ সৰ্গ ১১১ গৱৰ্ণমেন্ট হাইস্কুলৰ লগতে অনতিপলমে কটন কলেজ’ খোলা হয় আৰু সেই স্কুলে কলেজিয়েট হাইস্কুল’ নাম পোৱাৰ এয়ে আদি কাৰণ। তাৰ পাচৰপৰা কটন’ নাম অসমত ঘৰে ঘৰে হল। ল'ৰা, ডেকা, বুঢ়া সদৌ অসমীয়াই আৰু জীয়াৰী, বোৱাৰী, ঘৈণী, শিক্ষিতা অসমীয়ানীয়ে কটন চাহাব বাহাদুৰ নামত চিনি পোৱা হল। এইবাবে অকল অসমীয়া ৰাইজেই নহয় সদৌ অসমবাসীয়ে চাৰ হেৰি কটন চীফ কমিচনাৰ চাহাব বাহাদুৰক অন্তৰে সৈতে ভাল পোৱা হল। সকলোৰে এনে বা যে কটন বাহাদুৰক চিৰস্থায়ীকৈ নেপালেও আৰু এখপিমান পাঁচ বছৰীয়াকৈ শাসনকৰ্তা পোৱা যায়। কিন্তু নিয়তিৰ নীতিম্বৰূপ বৃটিচ গৱৰ্ণমেণ্টৰ বন্ধা নীতি অনুসৰি, কটন বাহাদুৰে সেই বছৰৰ ভিতৰতে অসম শাসনৰ নাকি আৰু গাদী এৰি অসমৰপৰা বিদায় লবলগীয়া হল। সেই বিদায় বাতৰিয়ে অসমৰ উজনিৰপৰা নামনিলৈ সদৌ অসমবাসীক বিষমকৈ ব্যথা দিলে। কটন-বিদায়ৰ কাল যিমানেই ওচৰ চাপি আহিল সিমানেই সিবিলাকৰ সেই ব্যথা বিষাল হবলৈ ধৰিলে। এনেতে সদৌ অসমবাসীৰ ওচৰত শেষ বিদায় মাগিবৰ উদ্দেশ্যে কটন বাহাদুৰৰ চীফ কমিচনাৰী চফৰ ফুৰণৰ নিৰ্ঘণ্ট শেষবাৰৰ কাৰণে গেজেট প্ৰকাশিত হল। সেই নিৰ্গট প্ৰচাৰিত হোৱা মাত্ৰে সেই অনুযায়ী সকলে। ঠাইতে কটন বিদায় অৰ্থে যথাশক্তি অনুসাৰে আয়োজন হবলৈ ধৰিলে। তেজপুৰতো সেই অৰ্থে বিপুল আয়োজন হল। সেই আয়োজনত বাহিৰে একেকঠিকৈ ধৰা হৈছিল যদিও ভিতৰি অসমীয়া আৰু বঙ্গালীৰ ভিতৰত নিজ নিজ সমাজৰ আগ্ৰহৰ ৰাপ চৰা কৰি দেখুৱাবলৈ অৰিয়া-অৰি চলিছিল। সেই উদ্দেশ্যে বঙ্গালী সমাজৰ কটন-গুণ-কীৰ্তন সুৰেৰে নতুন গান ৰচনা আৰু অভিনয় আদিৰ বিশেষ আয়োজন চলিবলৈ ধৰিলে , অসমীয়া সমাজেও দুখীৰ দুখী অৱস্থা অনুযায়ী কটন ভক্তি আৰু কটন-আসক্তিৰ চিন সুকীয়াকৈ দেখুৱাবলৈ তলে তলে যথাসম্ভৱ যুগুতি কৰিলে। সেই সময়ত “অসম বন্তি”ৰ নতুন পোহৰে অসমৰ মুখ নতুনকৈ পোহৰাবলৈ ধৰিছিল আৰু তেজপুৰৰ মুখতো অলপ বিশেষত্বেৰে সেই পোহৰ পৰিছিল। সেই আপাহতে এদিন “বন্তি”ৰ অফিচতে সেই উপলক্ষে অসমীয়া সমাজৰ এখন মন্ত্ৰণা মেল বহিল। মেলত চকাৰী বিষয়া আৰু অন্যান্য কৰ্মচাৰীয়েও ভাগ লৈছিল। গতিকে চিনিয়াৰ ই. এ. চি. কৃষ্ণচন্দ্ৰ চৌধুৰী হাকিমেও প্ৰকাশ্যে যোগ দিছিলগৈ। সেই মেলৰ মন্ত্ৰণাত ইমানেই স্থিৰ হয় যে, অসমীয়াৰ বিশেষত্ব দেখুৱাই আগন্তুক কটন বিদায়ত বিশিষ্টভাবে যি হয় এটা কৰিব লাগে। সেই উদ্দেশ্যে কৃষ্ণচন্দ্ৰ চৌধুৰী, ৰবিচন্দ্ৰ শৰ্মাবৰুৱা আৰু মোৰ সৈতে এখন তিনি-মূৰীয়া মেল’ অসমীয়া সমাজৰ ভিতৰ চ’ৰাত বহিবলৈ স্থিৰ হয়। সেই অনুসৰি সেই মেলৰ তিনিটা বৈঠক হৈ গ'ল, কিন্তু কোনো এটা সুদিহাকৰণত উপস্থিত হবলৈ নোৱাৰিলোহঁক। সদৌ শেহত মই সাহ দি উঠিলো যে বঙ্গালী সমাজৰ আয়োজনৰ সমান্তৰালে অসমীয়া সমাজেও সুকীয়া গীত-বাদ্যেৰে কটন অভ্যৰ্থনালৈ নিশ্চয় আগবাঢ়িব। সেই অৰ্থে গায়ন-বায়ন যোগাৰ কৰাৰ বাব পৰিল ৰবিচন্দ্ৰ বৰুৱা তহচিলদাৰৰ গাত। অভ্যৰ্থনাৰ শশাভাযাত্ৰা গঠনৰ ভাৰ পৰিল কৃষ্ণচন্দ্ৰ চৌধুৰী মুঞ্চিপৰ ভাগত আৰু সেই শোভাযাত্ৰীয়ে ঐক্যতানে গাই কটন বাহাদুৰক ঘাটৰপৰা আনিবৰ কাৰণে এটা দীঘলীয়াকৈ 1- 1