টকাৰ ওপৰ . চতুৰ্দশ সৰ্গ অসম চেলে গেছ ওপৰত সুমৰি অহা হৈছে, শ্ৰীযুত কমলাকান্ত ভট্টাচাৰ্যদেৱৰে সৈতে যুটীয়া চিন্তালোচনাৰ ফলত ৰাইজৰ মুখপাত স্বৰূপে তেজপুৰত এখন প্ৰেছ বা ছাপাখানা প্ৰতিষ্ঠা কৰা সঙ্কল্প গ্ৰহণ কৰা হয়। সেই সঙ্কল্প দুইৰে অন্তৰত উমি উমিকৈ অলি থকা বছৰেকমানৰ পাচত, তা কাৰ্যত পৰিণত কৰিবৰ অৰ্থে দুয়ো তৎপৰ হৈ উঠোক। সেই অৰ্থে ভট্টাচাৰ্যদেৱে প্ৰকাশ্যে আৰু মই তলে তলে পোনতে তেজপুৰীয়া ৰাইজৰ ওচৰ চাপিলোহঁক। আৰু সেই মহৎ উদ্দেশ্যৰ অনুকূলে ভালেমান স্বদেশানুৰাগী সজলোকৰ সহানুভূতি পোৱা গ'ল। তাৰ পাচত, ভট্টাচাৰ্যদেৱৰ গা-তোল ওজন্বিনী বুজনিৰ প্ৰেৰণাত উলাহিত হৈ স্থানীয় মাৰোৱাৰী সমাজেও অসমীয়াৰ লগত সহযোগিতা দান কৰি আমাক মটমটীয়া কৰি তুলিলে। সেই সুযোগতে তপতে তপতে এখন বৰণিৰ প্ৰস্তাৱনা প্ৰচাৰ কৰা হ’ল। আমাক যিসকলে মৌখিক সহানুভূতি দেখুৱাইছিল সেইসকলে স্বাক্ষৰিত বৰগণিৰ প্ৰতিশ্ৰুতি দান কৰি আমাৰ সংকল্প দৃঢ়তৰ কৰি তুলিলে। মাহদিয়েক মাথোন প্ৰস্তাৱনা কাকত প্ৰচাৰিত হোৱাৰ পাচত দেখা গ'ল যে আমাৰ আশাতীত ফল লাভ হৈছে, ৩০০০ বৰণি প্ৰতিশ্ৰুত হৈ উঠিছে; ইতিছেগতে প্ৰকাশ্যভাৱে অসমীয়া আৰু মাৰোৱাৰী সমাজৰ মাজত এখন ৰাজহুৱা সভা পাতি আমাৰ সংকল্পিত বিষয়টো বিশদকৈ আলোচনা কৰা হয়। তাৰ ফলত এই স্থিৰ হয় যে, অনতিপলমে কলিকতাৰপৰা এখন ছপাযন্ত্ৰ আনি তেজপুৰ টাউন পাতি তাৰপৰা এখন সাদিনীয়া বাতৰি কাকত প্ৰচাৰ কৰিব লাগে। তদৰ্থে প্ৰথমতে বৰণি তোলা হয় আৰু সেই বৰণিৰ ধনৰ ভঁৰাল স্থানীয় বৰগোলা’ বা ৰায় মায়াসিং মেঘৰাজ বাহাদুৰৰ গোলাত প্ৰতিষ্ঠা কৰা হয়। মাহদিয়েকৰ পাচত যেতিয়া দেখা গ'ল যে বৰণিৰ ধন নগদ ২০০০ দুহেজাৰৰ ওপৰ সংগৃহীত হৈ উঠিলে, তেতিয়া পুনৰপি উল্লিখিত যুটীয়া সমাজ দুখনৰ সময়িক কাৰ্য উপলক্ষে কাৰ্যকৰী আলোচনাৰ্থে এখন ডালৰ ৰাজহুৱা সভা পতা হল। তাত এই সিদ্ধান্ত হয় যে তেজপুৰত প্ৰস্তাবিত ছপাখানাখন প্ৰতিষ্ঠা কৰি তাৰপৰা এখন বাতৰি কাকত প্ৰচাৰ কৰাৰ কাৰ্য হাতত লোৱাৰ উদ্দেশ্যে এহাতে ইয়াত আইনসঙ্গতকৈ এটা কোম্পানী গঠন কৰিবলৈ দিহা কৰা হওক, আনহাতে ইতিমধ্যে কলিকতাৰপৰা এখন নতুন প্ৰেছ অৰ্থাৎ ছযন্ত্ৰ অনাবলৈ যুগুত বিধান কৰা যাওক। এই সিদ্ধান্ত উপস্থিত সমজুৱাসকলে মহোৱাসেৰে গ্ৰহণ কৰিলে। সেইদিনাৰ ৰাজহুৱা উলাহলৈ সুমৰিলে আজিও মোৰ মন-প্ৰাণ নবোল্লাসে নচুৱাই তোলে। সেই সভাত এই অৰ্থে এখন কাৰ্যনিৰ্বাহক সভা গঠিত হয়। সভাত সিদ্ধান্ত গৃহীত হল। পিচে তাক কাৰ্যত পৰিণত কৰা যায় কেনেকৈ? এই কথালৈ সভাই নিয়োগ কৰা আমি কাৰ্যকাৰকৰুেজনৰ মাজত চিন্তালোচনা চলিল।
পৃষ্ঠা:Mor Sowarani.djvu/১১৭
অৱয়ব